গলি আছে এডাল নিঠৰুৱা মমবাতি
বৰ্ণালী ডেকা বৰঠাকুৰ
মালিগাঁও, গুৱাহাটী
গলি আছে এডাল
জ্বলি থকা নিঠৰুৱা ম'মবাতি
ধিমিকি ধিমিকি বৃত্তৰ পৰিধিত
ছাঁ আৰু প্ৰতিবিম্বৰ আস্বাদন বিচাৰি
তপত বৰফৰ ধোঁৱাৰ কুণ্ডলীৰ পাকত
গলি আছে সকলো
গলি আছে সমস্ত সত্তা
গলি আছে পৃথিৱী
গলি আছে গোঙা আকাশ
গলি আছে নদী,সাগৰ আৰু পাহাৰ
গলি আছে স্মৃতি, সপোন আৰু দিঠক
গলি আছে মৰম, ভালপোৱা, বিশ্বাস
গলি আছে সমাজ,ৰাইজ আৰু ৰজা
গলি আছে তপত চকুলো
গলি আছে একোৰা ৰঙা জুই
গলি আছে সংগীহীন হৈ
পোহৰলৈ বাট চাই থকা এডাল নিঠৰুৱা ম'মবাতি
ভাঙি থৈ যোৱা সপোনবোৰক আকৌ বিচাৰি
কাকো আক্ষেপ নকৰাকৈ নিৰৱে ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment