ক’লৈ যোৱা ইমান বেগেৰে ডলীমেম
প্ৰণৱ কুমাৰ বৰ্মন
তোমাৰ চুলিবোৰ কামাখ্যাৰ গভীৰ বননিৰ অমাৱস্যা
তোমাৰ খোজবোৰ ব্ৰহ্মপুত্ৰৰ সোঁত
ক’লৈ যোৱা ইমান বেগেৰে ডলীমেম?
তোমাৰ খোপাৰ বাবে বুটলি অনা জোন যেন চম্পাফুলৰ পোহৰ
এই মুহূৰ্তত মৃত্যু ঘটিব যেন
ইমান বেগেৰে ক’লৈ যোৱা ডলী মেম?
তেনেতে কান্যকুব্জৰ পৰা অহা এজনে সুধিলে- তেওঁ যদি গুচি যায় এৰি থৈ তোমাক
ওভতাই আনিবলৈ গৈ তুমি ক’ত পাবা
জ্বলি নুমাই যোৱা চিতাৰ সন্ধ্যা কাশীৰ জোনাক
ক'লৈ যাবলৈ ওলাইছা ডলীমেম
তুমি নাথাকিলে পৃথিৱীত থাকিব জানো প্ৰেম
ক'লৈ যোৱা ইমান বেগেৰে ডলীমেম?
এই দেশৰ কতকালৰ সংঘৰ্ষ আৰু শোক আৰু ভালপোৱাৰ ইতিহাস
তোমাৰ এনে অহংকাৰ ভ্ৰূকুটিত,
কোনো স্মৃতিস্তম্ভত বুকুৰ, মাথো ৰৈ যাব অৱশেষ
তাত তুমি সুখী হ’বা ডলী মেম?
কেনেকৈ জীয়াই থাকিব অৰ্বুদ যুগৰ পৃথিৱীৰ প্ৰেম
বহু বাট আছে যাবলৈ
কৰিবলৈ উদ্ঘাটন বহু বেদনাৰ গাথা
পঢ়িবলৈ বহু বৃক্ষৰ শাখা প্ৰশাখা
কিয় তোমাৰ হৃদয়লৈ সকলোৱে ঢপলিয়ায়
তাতে তোমাৰ অহংকাৰ? তোমাৰ শিপাত আকাশৰ মৃত্যু বাৰবাৰ
তোমাৰ সমুদ্ৰ বন্দৰ মাথো পোতাশাল
যি যায় মৰি যায়, জ্বলি যায়
তোমাৰ সৌন্দৰ্য্য আকাশ সম বিশাল
এটি পখী বন্দী হয়
নাভাবি তোমাক জাল
মৃত্যুক নুবুজা ই জীৱনৰ ভেম ?
ক'লৈ যোৱা ইমান বেগেৰে ডলীমেম
তুমি আছিলা য’ত তাত নগৰীৰ যানজঁট
খিৰিকী খুলিয়েই নেদেখা কোনোকাল বেলিয়ে ৰঙীন কৰা বসুমতীৰ মুখ
নোপোৱা নিৰ্জন নিশাৰ শুনিবলৈ গান
সেই নগৰীৰ চাদৰ মেহফিলত
দুখকো মানুহে ভাবে সুখ !
তাত তোমাৰ জীয়াই থকাৰ কি চেষ্টা আপ্ৰাণ
সেই উচ্চ গ্ৰাম শব্দ, ৰঙৰ সংকীৰ্ণ জগত এৰি,
এৰি অন্য এক তোমালৈ চাই ৰোৱা সজল চকুৰ মুখ
ইমান বেগেৰে ক’লৈ যোৱা ডলীমেম
তুমি নাথাকিলে পৃথিৱীত থাকিব জানো প্ৰেম ???
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment