সাম্প্ৰতিক একাংশ নৱপ্ৰজন্ম
মিগাং ভৱ দলে
প্ৰতি জন মানুহৰ একো একোটা ৰঙীন সপোন আছে। কোনো চিকিৎসক, কোনোৱে ইঞ্জিনিয়াৰ, কোনোৱে শিক্ষক, কোনোৱে অফিচাৰ, কোনোৱে ব্যৱসায়, কোনোৱে ৰাজনৈতিক নেতা, কোনোৱে নাপিত, খেতিয়ক আদিৰ সপোন হোৱা দেখে আৰু কঠোৰ পৰিশ্ৰম আৰু অধ্যয়ণৰ ফলত সুন্দৰ সপোন বাস্তৱ ৰূপ দিয়ে। কঠোৰ অধ্যয়নৰ ফলত ৰিক্সা চালক, কাঠ মিস্ত্ৰী, খেতিয়কৰ সন্তানে চিকিৎসক, ইজ্ঞিনিয়াৰ আৰু এ পি এচ চি আৰু আই পি এচ প্ৰতিনিধিমূলক পৰীক্ষাত উত্তীৰ্ণ হৈ সুন্দৰ সপোন বাস্তৱায়িত হোৱা আমাৰ মাজত আছে। একাংশ ধনবন্ত, শিক্ষিত লোকৰ সন্তান মদ, জুৱা, ভাং আৰু দ্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য সেৱন কৰা দেখা গৈছে। এনে ল’ৰাবোৰে নিজৰ লগতে দৰিদ্ৰ লোকৰ সন্তানক নিচাযুক্ত সেৱন কৰিবলৈ অভ্যাস কৰায়। ফলত সাম্প্ৰতি একাংশ নৱপ্ৰজন্মৰ ভবিষ্যত মেঘালী আকাশে ঢাকি ৰাখিছে। কেতিয়া বৰষুণ হৈ পৃথিৱীত পৰি আকাশখন শুভ্ৰ হ’ব কোনেও নেজানে। আমি অনুভৱ কৰিছো যে একাংশ নৱপ্ৰজত্মই নিচাযুক্ত দ্ৰব্যত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ফলত গৰু হৈ ঘাঁহ খায় বা মূৰ্খ হৈ মূৰ্খৰ কাম কৰিছে। মাক-দেউতাকৰ টকা আৰু সহজ লব্য টকাৰে দামী দামী বাইক, গাড়ীলৈ বিলাসী জীৱন অতিবাহিত কৰিছে। অভাৱত সময় নষ্ট কৰি বেঁকা-বেঁকি পথেৰে তীব্ৰ গতিত আৰোহণ কৰি বিপন্ন জীৱনৰ ফালে খোজ লৈছে। সমাজ প্ৰদূষিত হৈছে। গতিৰোধক নোহোৱা হৈছে। সুন্দৰ নৱপ্ৰজন্মৰ ভবিষ্যত মেঘাচন্ন জীৱনলৈ গতি কৰিছে। বিশৃঙ্খল মানসিকতাই সমাজক বিপথে পৰিচালিত কৰিছে। শান্তিপূৰ্ণ গণতান্ত্ৰিক সমাজ ব্যৱস্থাত বিশৃঙ্খল নৱপ্ৰজত্মৰ মানসিকতাই অশান্তিৰ বীজ ৰোপণ কৰিছে। এখন সুন্দৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাত এঙাৰ স্বৰূপে দেখা দিছে। সুন্দৰ সপোনবোৰ নিমিষতে নিঃশেষ হৈছে। সুখৰ সংসাৰ গঢ়াৰ পৰিকল্পনা সাগৰত ধূবিছে। কেনেকৈ? তাৰ যৎকিঞ্চিৎ আলোকপাত কৰিছোঁ।
বাস্তৱ জীৱনত এজন অৱসৰপ্ৰাপ্ত বেংক বিষয়াৰ মৰ্ম বেদনা অনুভৱ কৰিছো। এদিন মোক কৈছিল। ভৱ,জীৱনত বহুত ঠাইত কৰ্ম জীৱন সমাপণ কৰিলো। জাতি-জনগোষ্ঠীৰ লগত জীৱন অতিবাহিত কৰিলো। বহু ভাষিক আৰু সাংস্কৃতিক জীৱনো পালো।বহু ধৰ্মীয় লোকৰ সান্নিধ্য লাভ কৰিছো। বহু ধন ঘঠিলো। কিন্তু ল’ৰাক মানুহ বনাব নোৱাৰিলো। শিক্ষিত কৰি এজন যোগ্য লোক কৰাব নোৱাৰিলো। এজন প্ৰকৃত মানৱ কৰিব নোৱাৰিলো।যেনে তেনে এইচ এছ এল চি পাছ কৰালো। অৱসৰপ্ৰাপ্ত হোৱাৰ পাছত নগৰীয়া জীৱন পৰিত্যাগ কৰি গ্ৰাম্য অঞ্চলত (গাঁৱত) বসবাস কৰিবলৈ ললো। ল’ৰাজন আলাসৰ লাড়ু হোৱা হেতুকে জীৱনটো কেনেকৈ গঢ়িব লাগিব একো নজনা হ’ল। বেয়া সংগত পৰি বেয়া হ’ল। বিভিন্ন নিচাযুক্ত দ্ৰব্যসেৱনৰ ফলত পঢ়া-শুনা বাদ দিলে। গাঁৱত সৰুকৈ অসম আৰ্হিৰ ঘৰ এখন বনাই এখন পুখুৰী, শিমলু বাগান আৰু চাহ বাগান কৰাৰ পৰিকল্পনাৰে জীৱনৰ শেষচোৱা কাল আৰম্ভ কৰিছো।
কম বয়সত ল’ৰাটোৱে গাঁৱৰ পৰাই বিয়া পাতিলে। বিয়া পাতিলে, ল’ৰা হ’ল। কিন্তু আজিও একো বুজি নাপালে। কৰ্ম যে কৰিব লাগে। কৰ্মই যে ধৰ্ম। কৰ্ম নকৰিলে নিজ জীৱন অন্ধকাৰ। দিনৰ দিনটো অলৌ-টলৌকৈ ঘুৰি ৰাতি ১২/১ টা বজাত বিচনাত শুৱে আৰু পুৱা ৯/১০ বজাত উঠে। ভৰি নচুৱাই থাকে। নিজৰ ইনকাম বুলিবলৈ ডাঙৰ শূণ্য। খৰছ কৰে দিনত এহেজাৰ-বাৰশ। আঁঠুৱা চাই ঠেং মেলা বিদৰ নাছিল। আঁঠুৰ মূৰত সোণ বিচাৰি ফুৰা ল’ৰা। খৰভেঁকুৰৰ দৰে জীয়াই আছে।অপৰিপক্ক কিছুমান যুৱকৰ সৈতে নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ জীৱনটো তিল তিলকৈ লগতে দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰ আদিৰ ল’ৰাকো শেষ কৰিছে। দ্ৰাগছ নামৰ নদীখনত সাতুৰি-নাদুৰি জীৱন যৌৱন শেষ কৰিছে। কদাপি কোনোৱে এনে কৰ্ম কৰিব নালাগে। হায় হায়।
আন এজন অৱসৰপ্ৰাপ্ত সাংস্কৃতিক বিষয়াৰ মনৰ কথা। মাথো দুজন ল’ৰা। ইংৰাজী বিদ্যালয়ত একাদশ শ্ৰেণী দুয়ো ছাত্ৰ। দুয়োজনেই ভাল নম্বৰ লাভ কৰি এইচ এছ এল চি পাছ কৰি ওচৰৰ কলেজত নামভৰ্তি কৰি দিয়া হৈছিল। কলেজলৈ মাত্ৰ দুই কিলোমিটাৰ। তথাপি কলেজ অহা-যোৱা কৰিবলৈ এখন দামী বাইক কিনি দিয়া হ’ল। স্বাধীনমনেৰে ল’ৰা দুজনে চলা-ফিৰা কৰিবলৈ ধৰিলে। এদিন দুয়োজনে বেয়া সংগৰ বন্ধু লগ পালে। লুকাই-নজনাকৈ সংগৰ লগত ভাং,দ্ৰাগছ আদি সেৱন কৰিবলৈ ধৰিলে। লাহে লাহে কলেজ নগৈ নিচাআক্ৰান্ত বন্ধুৰ গেঙত পৰিল। কেতিয়াবা খুজি, কেতিয়াবা চোৰকৰি টকা ব্যয় কৰিবলৈ ধৰিলে। বাইকখনো বেছি দি সেই টকাও শেষ কৰিলে। তাৰ পিছত লাহে লাহে দাবী-দমকি দি ধন বিচাৰিব ধৰিলে। মাক অচিন ৰোগত ভোগী আছিল। মাকৰ চিকিৎসাৰ বাবে নগৰৰ মাটি এডোখৰ বিক্ৰী কৰিছিলোঁ। তাকো ডাঙৰটো ল’ৰাই সমুলি লৈ গ'ল। আমাৰ বুকুত বিহ-কাঁড় মাৰি গ’ল। এনে বিহ-কাঁড় সহ্য কৰিব নোৱাৰি ৰোগীয়া মাকৰ বিয়োগ হ’ল। মাকৰ মৃত্যুৰ খৱৰ পায়ো ল’ৰাজন ঘৰলৈ নাহিল। পিতৃ-পুত্ৰৰ মনি-কাঞ্চন মিলন নহ’ল। মাতৃ ভক্তি আৰু পিতৃ ভক্তি পাহৰি পেলালে। ফলত নগৰ পৰিত্যাগ কৰি গাঁৱত শান্তিৰে বসবাস কৰিবলৈ ললে।
এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ মনৰ কথা। তেওঁৰ ছোৱালী দুজনী আৰু ল’ৰা এজন। ডাঙৰজনী ছোৱালী ডাক্তৰ পঢ়ি আছে। সৰু ছোৱালী জনী খেল বিভাগৰ Beselor of pesical Education দিল্লীত পঢ়িছে। ল’ৰাজন ওচৰৰ ব্যক্তিগত বিদ্যালয়ত পঢ়ি যেনে তেনে HSLC পাছ কৰিলে যদিও পঢ়াত একেবাৰে বেয়া। এলেহুৱা। এদিন ল’ৰাজনে বেয়া সংগৰ লগ লৈ সোনোৱালী জীৱনৰ আকাশখনত মেঘালীৰ আৰ্বিভাৱ হৈছিল। ট্ৰেডিং আৰম্ভ কৰিছিল। ভাগ্য ভাল তেওঁৰ বেংক পাছবুক নাছিল। বহু কষ্ট কৰি বুজায়-বঢ়াই ঠিক কৰা হ’ল। কম পঢ়ে যদিও বেয়া সংগৰ পৰা আঁতৰি আহিল। ম’বাইল চোৱা বেছি হৈছিল। ৰিচাৰ্ড বঢ়াই দিবলৈ যেতিয়া কাটি ধৰিব তেতিয়া বাপেকে তামোলৰ গছত লাগি থকা পাণবোৰ বজাৰত বিক্ৰী কৰি পোৱা টকাৰে ম'বাইলৰ ৰিচাৰ্ড বঢ়াবলৈ কলে। এদিন ল’ৰাটোৱে পাণবোৰ বজাৰত বিক্ৰী কৰি পোৱা টকাৰে ম’বাইল ৰিচাৰ্ড বঢ়াই দেউতাকক কলে- পাপা আজিৰ পৰা মই ব্যৱসায় কৰিবলৈ সংকল্প গ্ৰহণ কৰিছো। কথামতেই কাম। সময় উলিয়াই বাৰীত থকা কল, অনাৰস, পাণ, তামোল, বগৰী, নেমু আদি বজাৰত বিক্ৰী কৰিবলৈ ধৰিলে আৰু সমানে পঢ়া শুনাও কৰিবলৈ ললে। তেনে কামত মা-দেউতা সুখী অনুভৱ কৰিলে আৰু ওচৰ-চুবুৰীয়াও প্ৰসংশা কৰিবলৈ ধৰিলে। ল’ৰা জন অধিক উৎসাহেৰে বি কম পাচ কৰি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলে। এদিন বিশিষ্ট ব্যৱসায়িক হ’ল।
আন এজন ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীৰ দুজনী ছোৱালী আৰু এজন ল’ৰা। গুৱাহাটী মহানগৰীত ঘৰ। ছোৱালী দুজনী ভাল ব্যক্তিগত কোম্পানীত মহানগৰত কাম কৰে। যথেষ্ট চালাৰিও পায়। দেউতাকৰ অজস্ৰ সম্পত্তি। ডাঙৰ ডাঙৰ চহৰত মাটি, ঘৰ আছে। ঘৰবোৰ ভাড়ালৈ দিয়া আছে। কিন্তু মূৰত গধুৰ বস্তা লৈ ফুৰাৰ দৰে একমাত্ৰ ল’ৰাটো লৈ আছে। ল’ৰাজনৰ কাহিনী বৰ্ণনা কৰি ক’লে - তেখেতৰ ওচৰ সম্বন্ধীয় বন্ধু এজনৰ ল’ৰাৰ লগত তেওঁৰ ল’ৰা জন ক্লাছ ফেৰন্ট আছিল। দামী স্কুলত দুয়ো পঢ়িছিল। নৱম শ্ৰেণীৰ পোৱাৰ পিছত কোনেও নজনাকৈ দুয়ো নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ ধৰিলে। স্কুললৈ নগৈ মাজতে ড্ৰাগছ, ভাং আদি খাবলৈ ধৰিলে। ঘৰত আহি ঘন্টাই ঘন্টাই শুৱলৈ ধৰিলে। অসাংবিধানিক কথা ক’বলৈ ল’লে। স্কুল যোৱা বন্ধ হ’ল। দেউতাকে অনুসন্ধান কৰি সকলো কথা গম পালে। সন্মানৰ প্ৰশ্নত কথাবোৰ লোক লজ্জাৰ পৰা লুকুৱাই ৰাখিছিল যদিও ফল নধৰিল। বৰদৈচিলাৰ দৰে কথাবোৰ ব্যয়পি পৰিল। নাক উলিয়াব নোৱৰা হ’ল। ওচৰ-চুবুৰীয়াও তুচছ-তাছিল কৰিবলৈ ধৰিলে। লাজে-অপমানত সিদ্ধান্ত ল’লে গাঁৱলৈ ঘুৰি গৈ তাতে থকাৰ।কথামতে কাম। গাঁৱত চাং ঘৰ সাজি থাকিবলৈ ধৰিলে। ল’ৰা জনকো অনা হ’ল। লগ-সমনীয় পাবলৈ নোহোৱা হ'ল। নিচাযুক্ত দ্ৰব্যও সহজলভ্য নাছিল। সময়মতে খোৱা-বোৱা কৰিবলৈ ধৰিলে। দৈনন্দিন ব্যায়াম কৰিবলৈ ধৰিলে। খেল পথাৰত পুৱা-গধূলি খেলিবলৈ ললে। ফলত ল’ৰাজনৰ হেৰুৱা স্বাস্থ্য ঘুৰাই পালে আৰু পিছলৈ সু-স্বাস্থ্যৰ অধিকাৰী হ’ল। কু-অভ্যাসবোৰ ব্ৰহ্মপুত্ৰ নদীত উঠোৱাই দিয়া হ’ল। দেউতাকৰ লগত কৰ্মত ব্যস্ত হ’ল। পৰিয়ালত শান্তিৰ কপৌ উৰিবলৈ ধৰিলে।
শিক্ষকৰ আগত চিগাৰেট খোৱা, ছাত্ৰই শিক্ষকক অপমান কৰা, ছাত্ৰই শিক্ষকক চুৰিৰে আহত কৰা এনেধৰণৰ উদাহৰণ বহুত আমাৰ চকুৰ আগত ভাহি আছে।
বাস্তৱ জীৱনত এনেধৰণৰ উদাহৰণ বহুত আছে। মাথো কেইটামানহৈ ইয়াত উল্লেখ কৰিছো। উল্লেখ্য কৰাৰ মূল কাৰণ বা লক্ষ্য বুলি ক’লে তফৰাই এইটোৱে কব পাৰি যে বাস্তৱ জীৱনত কৰ্মৰ যোগেদি নিজৰ জীৱন সুখী কৰিব পাৰি। সাম্প্ৰতি কি দৰে ল’ৰা-ছোৱালীক বুনিয়াদী স্তৰটো পাৰ কৰিব পাৰি। মনিষি প্লেটোৰ মতে- শিক্ষা হৈছে সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। সন্তান জন্মৰ তিনি বছৰৰ পৰাই বিদ্যালয়মুখী হয়। বিদ্যালয় যোৱাৰ আগেয়ে ল’ৰা-ছোৱালীক সংখ্যা জ্ঞান আৰু বৰ্ণ চিনাক্ত কৰাৰ কাম সম্পন্ন কৰিব লাগে। তেতিয়া বিদ্যালয়ত ল’ৰা-ছোৱালী সহজতে সংখ্যা জ্ঞান আৰু বৰ্ণ চিনাক্ত কৰিব পাৰিব। শুদ্ধ উচ্চাৰণৰে পঢ়িব পাৰিব। ঘৰ এখন বনাবলৈ যেনেকৈ Faudation ঠিক কৰিব লাগে। Foundation ঠিক হ’লে ঘৰখন মজবুত হয়। তেতিয়া বৰদৈচিলাই ভাঙিব নোৱাৰে।ঠিক এইদৰে ল’ৰা-ছোৱালীক বুনিয়াদী শিক্ষা ঠিক কৰিলেহে পিছৰ শিক্ষা ঠিক হ’ব। গতিকে আমি বুনিয়াদী স্তৰটো সকলোৱে মিলি ঠিক কৰিব লাগিব। নহ’লে অলপ ধুমুহা বতাহত তচ-নচ হোৱাৰ প্ৰৱনতাই বেছি হ’ব।
নৱম-দশম শ্ৰেণীত পঢ়াৰ সময়ত চেঙেলীয়া বয়সৰ উত্তাপে দহে। যাৰ ফলত ল’ৰা-ছোৱালীয়ে অনীতি আৰু অপ-সংস্কৃতিৰ গড়ালত ভৰি দিয়ে। যেনে - মদ, ভাং, দ্ৰাগছ আদি সেৱন কৰিবলৈ অহৰহ চেষ্টা কৰে। দামী দামী বাইক মাক-দেউতাকক ক্ৰয় কৰিব দি তিনিজন কৈ লগৰ বন্ধু উঠাই বিকট শব্দ ৰে কাঁড় মৰাদি মাৰি দুচকীয়া বাহন চলাই বিপন্ন জীৱনেৰে আলাসতে গতি কৰে। এনে গতিয়ে নিজৰ লগতে আনৰ সোনোৱালী জীৱন ধ্বংস কৰে। এনে অনীতি আৰু অপ-সংস্কৃতিৰ গড়ালৰ পৰা মুক্তি লাভ কৰিবলৈ মা-দেউতাই ল’ৰা-ছোৱালীক আপদাল কৰিব লাগিব। গতি-বিধি নিৰিক্ষণ কৰিব লাগিব। নকৰিলে ভুল পথে গৈ ল’ৰা-ছোৱালীয়ে ভবিষ্যত অন্ধকাৰ পৃথিৱীত বসবাস কৰিব। গতিকে নিলগৰ ঢৌ নিলগতে মাৰ নিয়া কাৰ্য কৰিবলৈ সংকল্প লওঁক। আজিৰ ডিজিটৈল যুগত সকলোৰে বাবে ম'বাইল অপৰিহাৰ্য্য সামগ্ৰী হৈ পৰিছে। ধনী-দুখীয়াৰ প্ৰশ্ন নাই। চৰকাৰী কৰ্মচাৰী বা দিন হাজিৰা কৰাৰ প্ৰশ্ন নাই। প্ৰত্যেক জন লোকৰ হাতত দামী-কমদামীৰ ম’বাইল আছে। সঁচা অৰ্থত সকলোকে ম’বাইল প্ৰয়োজন আছে। কিন্তু ম’বাইলত ইদিকতেত হ’ব নালাগে। আমি অনুভৱ কৰিছো বা বাস্তৱত দেখিছোঁ মাকৰ পেটৰ পৰা ওলাই সেউজ পৃথিৱীৰ ৰং ৰূপ দেখিয়েই ম’বাইলৰ ৰং ৰহস্য চাবলৈ আৰম্ভ কৰা দেখা যায়। মাকেও কেঁচুৱাক ম’বাইল দি জঞ্জালৰ পৰা হাত সাৰে। নৱপ্ৰজন্মই ম’বাইলত ব্যস্ত থাকি নিজৰ জীৱন ধ্বংস কৰিছে। ম’বাইলত গেইম খেলি মৃত্যু মুখত পৰিছে। ট্ৰেডিং কৰি লোকৰ টকা চোৰ কৰি ৰঙা ঘৰৰ আলহী হৈছে। ম’বাইল হ’ল ভাল-বেয়াৰ ভঁৰাল। এখন ভাল-বেয়াৰ সাগৰ। ভাল-বেয়াৰ সাগৰৰ পৰা মানিক বুলিব আনিব জানিব লাগিব। ম’বাইল ৰিচাৰ্ড বঢ়াই নিদিলে, নেটৱৰ্কক নেপালে পাগল হোৱা ল’ৰা-ছোৱালী আমাৰ মাজত আছে। আপাহতে, ছাত্ৰ হিচাপে প্ৰথম কাম হ’ল পঢ়া। সংস্কৃত কোৱা দৰে - “ছাত্ৰ নং অধ্যনং তপঃ” কৰিবই লাগিব। মহাত্মা গান্ধীৰ মতে - ছাত্ৰ আচল বন্ধু কিতাপ। কিতাপখনৰ লগত বন্ধু পাতিব লাগিব। আনৰ লগত প্ৰেম বা বন্ধু পাতি নিজৰ সোনালী জীৱন ধ্বংস কৰাতকৈ কিতাপৰ লগত প্ৰেম বা বন্ধু পাতি আচল কথাটো উলিয়াই মন-মগজুৰ ভঁৰালত সংৰক্ষণ কৰিব লাগিব। প্ৰয়োজনত উলিয়াই কামত লগাব পাৰিব। তেহে জীৱন সুখী পাবা। বিশিষ্ট সাহিত্যিক নীলমণি ফুকনে কোৱা দৰে - “সময়ৰ জোখ কামতে ঘঁড়ীৰ কাঁটাডালত নহয়।” সময়ত সুযোগৰ সৎ ব্যৱহাৰ কৰা, তেতিয়াহে তুমি জীৱনৰ কঠিন খোজাত খোজ মিলাব পাৰিব। নহ’লে জীৱন যুঁজত বিফল হ’বা।
তুমি স্কুলৰ পৰা আহি আবেলি খেল পথাৰলৈ যোৱা। যি মন যায় (ফুট বল, ভলীবল, Cricket, Hand ball...) খেলা। পুৱা-গধূলি শাৰীৰিক ব্যায়াম কৰা। আজৰি সময়ত সাংস্কৃতিক চৰ্চা কৰা। গীতাৰ, হাৰমনিয়াম, মেনদুলীন, তৱলা আদি বজোৱা। তাৰ ফলত তোমাৰ মন ভাল লাগিব । স্বাস্থ্য ভাল হ’ব। সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰিব।
সাম্প্ৰতি নৱপ্ৰজত্মই মাক-দেউতাকৰ ওচৰত মনৰ কথা নকয়। বিচৰা বস্তু, টকা আদি নাপালে, য’ত ইচ্ছা তালৈ যাবলৈ অনুমতি নিদিলে মাত-বোল নকৰাকৈ আঁকোৰগোঁজা স্বভাৱেৰে কব দৰ্জাৰ উক মাৰি ৰোমৰ ভিতৰত সোমাই থাকে। ল’ৰাবোৰে কেৰেলা-মুমবাই পলাই যাম বুলি ধমকি দি মাক-দেউতাকৰ মনত দুখ দিয়ে। ফলত নিজৰ মনটো বেয়া হয় আৰু মাক-দেউতাকৰ মনত আঘাত দিয়ে। তাতোতকৈ আলোচনা কৰি আয় চায় ব্যয় কৰিবলৈ শিকিব লাগিব। তেতিয়া নিজৰ মনৰ কষ্ট ভুগিব লগীয়া নহয় আৰু পিতৃ-মাতৃকো আঘাত দিয়াৰ প্ৰয়াস কৰিব নোৱাৰে।
আপাতত: নৱপ্ৰজন্মই ৰাতি দুপৰলৈ উজাগৰে থাকে আৰু পুৱা ন বজালৈ বিছনা নেৰে। এইয়া অভ্যাসত পৰিণত হৈছে। তেনে কৰাৰ ফলত নিজৰ স্বাস্থ্যৰ অৱনতি হয়। নিয়ম মাপিক টোপনি যাব লাগে। নিয়মীয়াকৈ টোপনি যোৱা আৰু পুৱাই উঠি প্ৰাতঃভ্ৰমন কৰিলে সু-স্বাস্থ্যৰ গৰাকী হ’বই । সু-স্বাস্থ্য পিবলৈ প্ৰয়াস কৰক।
আজি কালিৰ একাংশ নৱপ্ৰজত্মই পৰম্পৰাগত খাদ্য ভাল নাপায়। ফাষ্ট ফুড, চিপ, আলু চপ, বইলাৰ মাংস আদি বেছি ভাল পায়। তেল জাতীয় খাদ্য সম্ভাৰ ভাল পায়। পৰম্পৰাগত খাদ্য সম্ভাৰ স্বাস্থ্যৰ উপকৰী। পৰম্পৰাগত খাদ্য সম্ভাৰৰ বাহিৰৰ খাদ্য সম্ভাৰৰ সমূহ স্বাস্থ্য কাৰণে বেছি অপকাৰী। ব’ইলাৰ ৪৫ দিনৰ ভিতৰত বজাৰত পায়। গতিকে এনে মাংস বৰ্জন কৰিব লাগে। থলুৱা খাদ্য সামগ্ৰীৰ কম পৰিমাণে আৰু ঘটনাই খালে স্বাস্থ্যৰ পক্ষে ভাল। দৈনন্দিন জীৱনত আটাইতকৈ স্বাস্থ্যবান মানুহজনেই হ'ল আটাইতকৈ ধনী লোক। কাৰণ স্বাস্থ্য থাকিলেহে সকলো কৰিব পাৰে। স্বাস্থ্য সবল নহ’লে জীৱন শান্তি নহয়। সমাজৰ লগত খোজাত খোজ মিলাই যাবলৈ অপাৰগ হয়।
আমাৰ নৱপ্ৰজত্মই বিহংগম দৃষ্টিৰে পঢ়াৰ নামত পঢ়াতকৈ বিভিন্ন বিভাগত (যিটো পঢ়িলে নিয়োগ পাব বা নিজৰ ভৰিত নিজে থিয় হ'ব পাৰি) তেনে বিভাগত পঢ়িব লাগে। সুশিক্ষিত হ’ব লাগে। অভিজ্ঞ লোকৰ পৰা তেনে বিভাগ সমুহ জানিব পাৰি। নহ’লে হাজাৰ হাজাৰ নিবনুৱা সৃষ্টিৰ বাহিৰে আন একো আশা কৰিব নোৱাৰি। সাংস্কৃতিক সন্ধিয়াৰ নিশা বোৰ তেওঁলোকৰে। আন কাৰো নহয়। জনপ্ৰিয় শিল্পীৰ অনুস্থানত তেওঁলোকৰ আচৰণে আমাক ভবাই তোলে আমাৰ নৱপ্ৰজন্ম কোন দিশে গতি কৰিছে আমি অনুভৱ কৰিব পাৰো।
সাজ-পোছাক পৰিধানতো মানুহৰ সাধুতা চিনি পোৱা যায়। আজিৰ নৱপ্ৰজত্মই (একাংশ) পৰিধান কৰা সাজ-পোছকে নম্ৰ আৰু ভদ্ৰতাৰ পৰিচয় পোৱা নাযায়। চুলিৰ যি ৰং, ইষ্টাইল আদিয়ে সমাজৰ....। গতিকে এজন ছাত্ৰ ইষ্টাইল মাৰ্জিত ৰুচিৰ হ’ব লাগে। নম্ৰ আৰু ভদ্ৰতা শিকিব লাগিব। মাৰ্জিত সাজপাৰ পৰিধান কৰিলে দেখিবলৈ ভাল লাগে আৰু সমাজৰ পৰা সাদৰ পায়।
জন্ম, বিবাহ আৰু মৃত্যু সকলোৰে জীৱনলৈ আহে। জন্ম হ’লে মৃত্যু অনিবাৰ্য। চৰকাৰী নিয়ম মতে ল'ৰাৰ বয়স ২১ বছৰ আৰু ছোৱালীৰ বয়স ১৮ বছৰ হ’ব লাগে। এই বয়সতকৈ কমকৈ বিয়া পাতিলে আইন মতে জগৰীয়া। তথাপি আমাৰ সমাজত বহু নৱপ্ৰজন্মই কম বয়সত বিয়া পতা দৃষ্টি গোচৰ হৈছে। নিজে নিজৰ ভৰিত থিয় হোৱাৰ পিছত আৰু উপযুক্ত বয়সত বিয়া পাতিব লাগে। কম বয়সত বা বাল্য বিয়াত বহা তেন্তে ল’ৰা-ছোৱলী পুৰঠ নহ’ব। মাক বেমাৰী হ’ব। সন্তান বিকলাংগ হ’ব । ল’ৰাক উপযুক্ত কৰিব নোৱাৰিব। অৰ্থনৈতিক ভাৱে দুৰ্বল হ'ব। জীৱন যুঁজত বিফল হ’ব । অভাৱত সময় নষ্ট নকৰি জীৱন জীৱিকাৰ বাবে তামোল, পাণ, নাৰিকল, নেমু, ফলমুলৰ বাৰী, শিমলু বাৰী, বাঁহৰ বাৰী, কলগছৰ বাৰী পাতি স্বাৱলম্বী হ’ব পাৰে। জীৱন জীৱিকাৰ পথ মসৃণ কৰিব পাৰি। ব্যৱসায়িক ভিত্তিত বিজ্ঞান সন্মত ভাৱে মাছ পোহাৰ ব্যৱস্থা কৰিলে অৰ্থনৈতিক ভাৱে সৱল হ’ব। আজিকালি একাংশ ছোৱালী য়ে মাকৰ ওচৰত থাকি বয়নশিল্পৰ শিক্ষা ল’ব নিবিচাৰে। কিন্তু বৰ্তমান থলুৱা বস্ত্ৰৰ চাহিদা বাঢ়িছে। বয়নশিল্পৰ বজাৰখন বৰ লাভজনক। গতিকে নৱপ্ৰজত্মই বয়নশিল্পৰ শিক্ষা গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ পথত অগ্ৰহৰ হ’বলৈ প্ৰয়াস কৰক আৰু সংকল্প গ্ৰহণ কৰক। দিন ভাল হ’লে কুকুৰেও মৈ টানে।
সম্পৰ্ক বা সম্বন্ধই মানুহক আপোন কৰে। সম্বন্ধকলৈ সম্বোধন কৰিবলৈ প্ৰয়াস কৰিব লাগে। তেহে আপোন আপোন লাগিব আৰু পাব। সম্বোধন মানুহক কেনেকৈ কৰিব লাগে বহু নৱপ্ৰজন্মই নাজানে। সৰুৱে ডাঙৰক আৰু ডাঙৰে সৰুক কেনেকৈ মৰম কৰি মাতিব লাগে নিশিকে। মাতিব নাজানে। সম্বন্ধ জানিবলৈ প্ৰথমে পিতৃ-মাতৃৰ পৰা নীতিশিক্ষা শিকিব লাগিব। তাৰ পিছত সমাজ সম্বন্ধীয় সম্বোধনবোৰ শিকিব লাগিব। পিতৃ-মাতৃয়ে সম্বন্ধৰ সম্বোধন সমূহ ল’ৰা-ছোৱালীক শিকাব লাগিব আৰু সম্বোধন কৰিবলৈ শিকিব ।
প্ৰতিযোগিতাৰ পৰীক্ষাবোৰ সদায় নোলায়।মাজে সময়েহে ওলায়। তাকো কম পদত ১২/১৩ লাখ প্ৰাৰ্থী। তাকো আমাৰ নৱপ্ৰজত্মই বিহংগম দৃষ্টিৰে পৰীক্ষাত বহে। বাতৰি কাকত নপঢ়ে। সাধাৰণ জ্ঞানৰ পুথি নপঢ়ে। বহু কষ্ট কৰি গভীৰ অধ্যয়নেৰে পৰীক্ষাত নবহে। ফলত পৰীক্ষা হলত কলম কামুৰি থকাৰ বাহিৰে অন্য একো উপায় নাই। ফলাফল বেয়া হয় আৰু নিয়োগৰ পৰা বঞ্চিত হয়।
সাংস্কৃতিক সন্ধিয়াত একাংশ নৱপ্ৰজত্মৰ উদ্মাধনাই সমাজ প্ৰদূষিত কৰিছে। জনপ্ৰিয় শিল্পীৰ গীত পৰিৱেশন লগে লগে বলিয়া হৈ পৰিবেশ বিনষ্ট কৰা আমাৰ দৃষ্টি গোচৰ হৈছে। বোকাত অৰ্দ্ধ সাজপাৰ পিন্ধি নাচি বাগি থকা য়ায়। অপ্ৰতিকৰ পৰিবেশ সৃষ্টি কৰি চকী-টেবুল ভাঙি চুৰমাৰ কৰা দেখা যায়। অতি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী লাঠি চাৰ্জ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। তেজেৰে লুটুৰী-পুটুৰী হোৱা পৰিলক্ষিত হয়।
জনগণ অসন্তুষ্ট হৈ সাংস্কৃতিক সন্ধিয়া ত্যাগ কৰা দেখা যায়। এনে পৰিৱেশ আমি পৰিত্যাগ নকৰিলে সমাজখন আৰু জহনামে অগ্ৰসৰ হ’ব। নৱপ্ৰজত্ম ও এনে অনৈতিক কামৰ পৰা আঁতৰি আহিব লাগিব। নহ’লে দেখাক দেখি কুকুৰৰ একাদেশী হ’ব।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment