ৰূপান্তৰ
টোলন তছা
জখলাবন্ধা, নগাঁও
বৈ যায় নিৰৱধি সময় সলনি হয় বছৰ
আয়ুস কমে স্ফুৰ্তিহে নকমে জীৱনৰ
পৰিৱৰ্তনকামী ধৰাত তেনেই স্বাভাৱিক
পুৰনিক বিদায় আৰু নতুনত্বক আদৰ।
মায়াপী জীৱন ৰহস্যময় সাঁথৰ
লক্ষ্য অনেক বাট ধূসৰ ধূসৰ
সাপ জখলাৰ খেল উত্থান-পতনৰ
সীমাহীন অনুভৱ দুদিনীয়া জীৱনৰ।
অবিৰত যাত্ৰা সময়ৰ গোপন বাগৰ
সাক্ষী হওঁ আমি অলেখ ৰূপান্তৰৰ
বিদায় বেলাত ভ্ৰম ভাঙে গৌৰৱ অহংকাৰৰ
শলিতা নুমাই এদিন দেহাবোৰ হয় নিথৰ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment