যাত্ৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

যাত্ৰা

 

যাত্ৰা 


             শিল্পী দাস 

               হোজাই


সেইদিনা মাতৃৰ লহৰত 

জীয়া জীৱনৰ দৃষ্টিপাত কৰি 

ৰঙীন কলিটিক বুকুত বান্ধি 

অজস্ৰ আশাৰ তৃষ্ণা মিটাবলৈ 

যাত্ৰা বাটত আগবাঢ়ি গৈছো 

তিৰ্‌বিৰাই থকা তৰাৰ মাজেৰে ।


আজিও অন্তহীন সেই বাট 

আছে ঘাত-প্ৰতিঘাত, 

আধাভঙা সপোনবোৰ

থৰথৰ কঁপিছে

ধৰাৰ বুকুত কৰিছে হাহাকাৰ।


দুদিনৰ নিমন্ত্ৰিত অতিথি আমি 

কৰিছোঁ শ্ৰেষ্ঠ অভিনয়,

সমস্যা নিমিলা সাঁথৰ 

কোন আপোন কোন পৰ?

বাটে বাটে নিষ্ঠুৰতাৰ শব্দ 

তেজে তেজে ৰঙীন পথাৰ 

ধূসৰ প্ৰতিটো হৃদয়ৰ প্ৰতিবিম্ব।


অন্ত নোপোৱা যাত্ৰা 

হঠাতে আকৌ মৃত্যুৰ আৰ্তনাদ—

স্মৃতি কি ইতিহাস কি 

বৰ্ণিল কাঁইটৰ বিলীন এক যাত্ৰা

তাৰেই মাজত জীৱন।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages