এটা সতেজ ৰং
হেমেন হাজৰিকা
কামৰূপ (ম)
আকাশৰ পৰা বুকুলৈ
এখন আবিৰৰ সাঁকো ।।
মনৰ আকাশত
কলীয়া ডাৱৰ ।।
ভাতৃত্ব
সম্প্ৰীতি একতা
চেনেহা চেনেহীত
নাই আবিৰৰ প্ৰলেপ ।।
পলাশ ফুলিছে
পছোৱা বতাহ বব
আমাৰ শুকান আৰু
নিষ্প্ৰাণ মনটো
কি আবিৰেৰে ৰঙীন কৰিম ।।
আমি আমি হৈ
থাকিব পৰাকৈ
এটা ৰং লাগে
সক্ৰিয় আৰু সতেজ ৰং ।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment