হেঁপাহৰ ভোগালী
ৰুণু দেৱী শৰ্মা
শীতৰ সেমেকা ৰাতি
নিয়ৰ সৰা চোতালত বহি
আইতাই জুই পুৱাই পুৱাই
বহুত কথাই ক’ব ধৰে
তাহানিৰ মেজি পুউৱাৰ আমেজ
আজি হেনো নাই,
দেউতাকে এৰুৱাই থকা মূৰ্গীটো
চাই থাকোঁতে তাই পাহৰিয়েই গৈছিল,
আইতাকৰ সাধূতো শুনিবলৈ হঠাতে উভটি আহিল ৰণী
আজিকালি নাই সেই ভেলাঘৰ
নাই সেই ঐনিতমৰ পৰম্পৰা,
ধৰ ধৰ মাৰ মাৰ দেউতাকৰ চিঞৰ,
শুনা গ'ল পিছফালৰ জেওৰা -ভঙা মানুহ,
ফৰ্মুঠি লৈ দেউতাক বিনয়ে দৌৰিছে,
দেউতা -দেউতা ক’লৈ যোৱা!
চোৰ আহিছে, পুলিচক খবৰ দিয়া!
নালাগে দে অ’ মা বিহুত সিহঁতে
এইবোৰ কৰেই! ওচৰৰে হ’ব অ মা!
কিয় অ’ দেউতা?
তাই আকৌ সাৱট মাৰি ধৰি
আইতাকক সুধিব ধৰে---
কোৱা আইতা আইতাকে ক’ব ধৰ আজিকালি নাই
সেই ভেলাঘৰ, জুহালৰ আলুপোৰা আলুপোৰা, মিঠাআলু, কাঠ আলু
সিজোৱা, কাৱৈ মাছ পাতত দিয়া,
ভেলাঘৰবোৰ নোহোৱা হ’ল,
সেইবোৰ বোলে প্ৰতিযোগিতাহে
হয়নেকি আইতা?
আমাৰ ইয়াতো হ’ব নেকি প্ৰতিযোগিতা আইতা?
নহয় অ মাজনী? তহঁতৰ দেউতাৰক সুধিবি আমাৰ
ভোগালীৰ কথা!
ভেলাঘৰতে আমি জুই পুৱাই
হৰিনাম গাই ৰাতিটো কটাই
আজিকালি দেখিছোঁ কিবা
ডিস্কো ডেন্সাৰৰ সমাহাৰ
সুৰা পানীয়ৰ আড্ডা,
সেইটুপি নধৰিলে বোলে
বিহুৱেই নহয়, ভোগালীৰ
মান নাথাকে।
হয়নেকি বাৰু? দেখিছোঁ এইবোৰৰ প্ৰচলন সকলোতে।
এইয়াই হৈছে আজিৰ যুগৰ
পৰিবৰ্তন!!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment