এয়া সময় নতুনৰ...
জিমি পাঠক
বৰপেটা
এয়া আগমণি এটি নতুনৰ
এয়া সময় পুৰণিক দিয়া বিদায়ৰ
এয়া স্পন্দন এটি নৱ বসন্তৰ
এয়া ক্ৰন্দন অতীত হ’ব ধৰা এটি যুগৰ
নতুনৰ আগমনে জুৰাই হিয়া
পুৰণিক আঁতৰাই পঠোৱাটো জানো সহজ কোৱা
সপোনে নৱ ৰূপত পোখা মেলিব
নিষ্ঠুৰ দিঠকেও পুনৰ সোৱৰাব
নোপোৱাবোৰলৈ হেঁপাহে বাট বুলিব
পোৱাখিনি এদিন এলাগী হৈ পৰিব
অথচ আমি এতিয়াও একেই থাকিম
মাথোঁ এটা যুগত জিৰণি লৈ আন এটা যুগত উমলিম
সময়বোৰ এনেদৰেই আহি থাকিব
পৰিস্থিতিয়েও নিজৰ পথ বাচিব
মামৰে ধৰা আশা বোৰক পুনৰ ধৰুৱাব
কিন্তু তাত আৰু আগৰ দৰে জিলিকনি নাথাকিব
তথাপি এয়া সময় নতুনৰ
এয়া আশা আপোনতাৰ
এয়া দিঠক কুৰুপতাৰ
এয়া আস্থা জীয়া ভৰষাৰ।।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment