কবিতাৰ পৃথিৱীত মই এটোপাল নীলা চিয়াঁহী
ৰীতে ৰিদম
কবিতাৰ পৃথিৱীত মই এটোপাল নীলা চিয়াঁহী
পাতৰ ওপৰত বৰষুণৰ টোপালৰ দৰে
মই জিলিকি উঠো
পৃথিৱীৰ সৌন্দৰ্য্যক প্ৰতিফলিত কৰি,
মোৰ কাপেদি নিগৰি অহা নীলা চিয়াঁহীৰে
তেজেৰে তুমৰলি পৃথিৱীত
আঁকি যাব বিচাৰোঁ সেউজীয়া বিচৰণভূমি।
কবিতাৰ সুগন্ধিৰে সুগন্ধিত এখন মায়াময় পৃথিৱীত
বতাহ বৰষুণ কিম্বা ধুমুহাও মোৰ প্ৰিয় হৈ উঠে
হৃদয়লৈ যি নমাই আনে প্ৰশান্তি মাথোঁ প্ৰশান্তি,
মোৰ কবিতাৰ নীলা চিয়াঁহীৰ নীলাকাশত
চিকমিক বিজুলিৰ স’তে
ডাৱৰবোৰে লুকাভাকু খেলে
বৰষুণৰ মিহি আবেগৰ ধ্বনি প্ৰতিধ্বনিত
কবিতাই বৰষুণ হৈ ধৰালৈ নামি আহে।
মোৰ নীলা চিয়াঁহীত প্ৰাণ পাই উঠে
কবিতাময় কবিতাময় লগা এখনি বিশাল হৃদয়
য’ত সুখ দুখৰ গান গাই হৃদয়ত চুই চাই
টুকুৰিয়াই প্ৰেমিক চৰাইবোৰে,
কবিতাৰ শব্দশিল্পৰ সৌন্দৰ্যক
মনৰ নিভৃত কোণত পাওঁ বিচাৰি
নীলা চিয়াঁহীৰে আঁকি যাওঁ বিশাল আকাশত
সৃষ্টিশীল শক্তিৰ জিলিকনি।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment