এৰি অহা দিনবোৰ
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
জিলমিলিয়া কোমল বালিৰ পাৰ ভাঙি
বুকুত সহস্ৰ ঢৌৰ খলকনি
ৰূপালী বৰষুণত তিতি স্ফুৰিত এক
সোনোৱালী স্বপ্নৰ মৃদু আলোড়নত
অন্য এক পৃথিৱীৰ সন্ধানত….
বুকুত এজাক পোহৰৰ বিশ্বাস লৈ
নুবুজা সুৰৰ ৰাগিনীত বোভোৰ মনেৰে
খেদি খেদি বিছাৰি ফুৰিছিলো
অন্য এখন সাগৰৰ ঢৌ...!
কল্পনাৰ সেই নুবুজা সু্ৰৰ গানত
বিভোৰ মনৰ সহশ্ৰ সোঁতত জ্বলিছিল
মোৰ ল’ৰালিৰ ৰঙীন কৈশোৰ মন
নৈসৰ্গিক আনন্দবোধত পুলকিত আছিল মন
তেতিয়া নাছিল অন্ধকাৰৰ নিদাৰুণ অট্টহাস্য
ভগ্ন হৃদয়ত অজ্ঞাত যন্ত্ৰণাৰ আচোঁৰ
দুঃস্বপ্নৰ ধুসৰ মায়াজাল
স্বপ্ন ভঙাৰ অবুজ প্ৰহেলিকা
এমুঠি অনুভৱৰ ৰিমঝিম ঝংকাৰত
ক্ষনে ক্ষনে বুকুত নামিছিল
মায়াৱী সপোনৰ অনামী শিহঁৰণ
দুচকুৱেদি সিঁচৰিত হৈছিল
চঞ্চলতাৰ মধুৰ ৰাগিনী..!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment