নীলা চিয়াঁহীৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

নীলা চিয়াঁহীৰ কবিতা

 


নীলা চিয়াঁহীৰ কবিতা


                                           সৃষ্টি বৰা

                           আমোলাপট্টি, নগাঁও


শীতৰ এটি কোমল পুৱা,

চোতালখন শেৱালি শেৱালি গোন্ধাইছে, 

মই তাতে ৰ’দ এছেৰেঙা ছটিয়াই দিলোঁ। 

এতিয়া চোতালখন শুৱনি লাগিছে জানা ?

কবিতা এটা মেলি দিছোঁ তাতে, 

শব্দবোৰে উম লৈছে আজি বহুত দিনৰ মূৰত। 

তোমাৰ মনত আছে নে ? 

এবটল নীলা চিয়াঁহীৰ দাগ লাগিছিল 

তোমাৰ কপাহী শুধ বগা চাদৰখনত ? 

তথাপিও কিন্তু তোমাক ধুনীয়াই লাগিছিল ! 

তুমি তিয়াই মেলি দিছিলা চাদৰখন, 

টোপ টোপ কৰি সৰি পৰিছিল নীলা চিয়াঁহীবোৰ ! 

তাৰে এটি এটি কবিতা লিখিছিলোঁ মই, 

চোৱা আজি কবিতা এটা ৰ'দত মেলি দিছোঁ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages