ভালপোৱাৰ অসুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

ভালপোৱাৰ অসুখ

 

ভালপোৱাৰ অসুখ


                              চন্দনা ভাগৱতী


ৰাতিফুলা চতিয়নাৰ গোন্ধত

পদুলি আমোলমোল


সুৰ এটা চিঙি ললোঁ

টান এটা মেৰিয়াই ললোঁ


অপ্ৰাপ্তিৰ অন্ধকাৰত

ককবকাই থকা

অভজা সপোনটোৱে

হঠাৎ এটা পৰুৱাৰ দৰে

বগুৱা বাই আহিছে


তেজত বৈ গৈছে

ক্ৰমশঃ

ভালপোৱাৰ

অসহনীয় যন্ত্ৰণা।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages