কি নামেৰে শুৱাব তোমাক
ৰঞ্জিতা ৰাণী বৰা
গুৱাহাটী -২৯
কি নামেৰে শুৱাব তোমাক ফাগুন!
বাউলী পছোৱা হৈ চৌপাশ ধূলিৰে
ধূসৰিত কৰি তুমি নাম পালা
বলিয়া ফাগুন ।
বলিয়া হৈ তুমি গছৰ পাতবোৰসৰায়
লঠঙা কৰি, গাভৰুৰ আচল উৰুৱাই
হৈ পৰিলা নিলাজ ফাগুন।
লঠঙা ডালত পলাশ, শিমলু, মদাৰ
ফুলেৰে ৰাঙলী কৰি হলা তুমি
ৰঙীন ফাগুন।
ৰঙা ৰঙা ফুলৰ আবিৰে ডেকা
গাভৰুৰ দেহ-প্ৰাণ চঞ্চল কৰি
আকৌ নাম ললা তুমি
চঞ্চলা ফাগুন।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment