উজনিৰ দুজনী গাভৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

উজনিৰ দুজনী গাভৰু

 

উজনিৰ দুজনী গাভৰু


                                অশোক ৰাম ভট্টাচাৰ্য্য

                                আমোলাপট্টি, নগাঁও


(অসমীয়া কথাছবিৰ জনপ্ৰিয় অভিনেতা নগাঁৱৰ স্বৰ্গীয় বিক্ৰম হাজৰিকাৰ স্মৃতিত)


উজনিৰ দুজনী গাভৰুত নগঞা ডেকা

অভিনয় কৰিবযে তেজোদীপ্ত ডেকাৰ

সেয়েহে দৌৰিছিল পুৱাই কলংপাৰত

কৰিছিল মলয়াৰ লয়ত কৌতুহলী ব্যায়াম

অভিনেতা হ’বলৈযে লাগে বলীয়ান দেহ

হৃদয়োযে হ'ব লাগে সংবেদনশীল 

অভিব্যক্তিত দেখিছিলো তীব্ৰ হেঁপাহ,

ডেকা এজন দেখিলোঁ আজি কলংপাৰত

অভিনেতা বিক্ৰমৰে মিলে

সেয়েহে  হিয়া আজি বেদনাবিধোৰ

এই বাটেদিয়েই স্বগতোক্তি আছিল তোমাৰ

ওলালো আই অভিনয়ৰ বাবে

তোমাৰ দৰেই হাঁহিম, কান্দিম

হৃদয়পৰশা অভিব্যক্তিৰে অভিনয় কৰিম;

পালাযে আৰ্শীবাদ কলং সুঁতিৰ

তোমাৰ অসাধাৰণ অভিনয়ত মোহাছন্ন ৰাইজ

উজনিৰ গাভৰুক সবে আদৰিলে

তাহানিযে হেৰাই গলা কালৰ সোঁতত

এগছি বন্তি জ্বলিব নেকি তোমাৰ নামত

সকলোৱেই যে নিদ্ৰাৰত আজি—

ৰিব্ ৰিব্ পছোৱাত নাচিছে আঁহত পাত

তোমাৰ সুগন্ধ যেন আজিও আছে

কলঙৰ পাৰতে আছে বিক্ৰমৰ বিক্ৰম

বৈ আহি মলয়াই জুৰিব এটি গীত।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages