য’ৰ পৰা পাতিবলৈ কথা নাইকিয়া হয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

য’ৰ পৰা পাতিবলৈ কথা নাইকিয়া হয়

 


য’ৰ পৰা পাতিবলৈ কথা নাইকিয়া হয়…


ইলামণি শইকীয়া


য’ৰ পৰা পাতিবলৈ কথা নাইকিয়া হয়

তাৰ পৰা প্ৰেমে কথা পাতিবলৈ আৰম্ভ কৰে...


প্ৰেমত নপৰা মানুহে নাজানে

বসন্তত ফুলবোৰ কিয় ফুলে

ফাগুনত বুকুৰ ভিতৰত 

বিষাদ-ৰাগ কিয় বাজে।

প্ৰেমত নপৰা মানুহে নাজানে

জীৱন যাপনত নহয়

উদ্‌যাপনত জীৱনৰ  শিহৰণ থাকে।


প্ৰেমত পৰা মানুহে জানে

প্ৰেম কেতিয়া প্ৰাৰ্থনা হৈ 

বুকুত নীৰৱে গলে।

প্ৰেমত পৰা মানুহে জানে

হকে-বিহকে বুকত

কিয় যন্ত্ৰণাই বিচৰণ কৰে।


ভালপোৱা নো কি

ভালপোৱাৰ বিনিময়ত

ভালপোৱাৰ দিয়া-লোৱা।


প্ৰেমত পৰা মানুহে জানে

প্ৰেমত পাবলৈ একো নাই

দিবলৈ একো নাই

হেৰুৱাবলৈও একো নাথাকে প্ৰেমত।


প্ৰেমেৰেই গঢ় লয় প্ৰেম

প্ৰেমতেই বিলীন হয় প্ৰেম…


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages