বাবা, খাদৰীয়া আংকলৰ ঘৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

বাবা, খাদৰীয়া আংকলৰ ঘৰ



 বাবা, খাদৰীয়া আংকলৰ ঘৰ


হৰেন্দ্ৰনাথ দলে

 

     জীৱনৰ জটিল পথ-পৰিক্ৰমা  অতিক্ৰম কৰা বহু অভিজ্ঞতাপুষ্ট মানুহে কোৱা শুনিছিলো নগৰৰ আলি দোমোজাত মানুহ পথভ্ৰষ্ট হয়। কিন্তু নগৰৰ আলি দোমােজাতো কোনোদিন পথভ্ৰষ্ট হব নোৱাৰে মানুহৰ অন্তৰাত্মাত স্থায়ীভাৱে থিতাপি লোৱা এগৰাকী গভীৰভাৱে পৰিচিত ব্যক্তিৰ স্মৃতিকাতৰ উমাল ঠিকনা। কাব্যিক অভিব্যক্তিৰেই প্ৰাক্কথনখিনি উপস্থাপন কৰিলো। এতিয়া আহোঁ মূল কথালৈ।

       যোৰহাটৰ পৰা আহি দেৰ গাওঁ চাৰি আলি পাৰ হোৱাৰ অলপ পিছত আৰু গুৱাহাটীৰ পৰা আহি  দেৰগাওঁ চাৰি আলি পাৰ হোৱাৰ অলপ আগত মোৰ ছোৱালীজনীয়ে এতিয়াও বাছৰ খিৰিক খুলি অথবা  আমাৰ ব্যক্তিগত বাহনৰ খিৰিকিৰ আইনা নমাই আঙুলিয়াই দেখুৱাই মোক কয়- বাবা, চোৱাচোন চোঁৱা, এয়া খাদৰীয়া আংকলৰ ঘৰ। কেতিয়াবা ট্ৰেফিক ছিগনেলৰ অপেক্ষাত ৰখি থাকিব লগা হ'লে তাই খিৰিকি খুলি জুমি জুমি চাই থাকে, কিজানিবা ক্ষণিক সময়ৰ বাবে হলেও খাদৰীয়া আংকলক দেখা পায়। মোৰ ছোৱালী জনী গুৱাহাটীৰ পৰা মোৰ লগত গাড়ীত আহোঁতে সুদীৰ্ঘ পথ পৰিক্ৰমা ভাগৰত টোপনি মাৰি আহিলেও দেৰগাওঁ পোৱাৰ আগে আগে সাৰ পাই যায়। তাইৰ কথা হ’ল খাদৰীয়া আংকলক দেখা নাপালেও খাদৰীয়া আংকলৰ ঘৰতো হলেও চাই যাব। কত কিমান যে হেঁপাহ, ভাষাৰে বৰ্ণনা কৰা বহুত কঠিন।

       অসম চৰকাৰৰ পৰা পদোন্নতিসহ বদলিৰ হুকুম আহিল। গোলাঘাটৰ পৰা কোকৰাঝাৰলৈ। মোৰ বদলিৰ হুকুম অহা বুলি গম পাই দেৰগাওঁৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আমাৰ পৰম শ্ৰদ্ধাৰ মাননীয় প্ৰদীপ খাদৰীয়াদেৱৰ পৰা গোলাঘাট এৰাৰ আগে আগে ঘৰুৱা পৰিৱেশত সপৰিবাৰে এদিন  আতিথ্য গ্ৰহণ কৰিব লাগে বুলি নিমন্ত্ৰণ আহিল। এনেকৈয়েই এক ঘৰুৱা পৰিৱেশত দেৰগাওঁৰ খাদৰীয়া পৰিয়ালৰ লগত মোৰ পৰিবাৰ আৰু আমাৰ ছোৱালীজনীৰ চিনাকি হয়। মোৰ ছোৱালীজনীৰ নাম হ’ল- শান্তিপ্ৰিয়া দলে।  আমাৰ ছোৱালীজনী তেতিয়া গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰা ষষ্ঠ-শ্ৰেণী উত্তীৰ্ণ হৈছিল মাথো। বয়সৰ লেখেৰে তাই সৰুৱেই আছিল। গুৱাহাটীৰ নাৰেঙ্গী পাবলিক স্কুলৰ দ্বাদশ-বৰ্ষৰ পৰীক্ষাৰ সময়ত তাই মাকক হেৰুৱালে।  কটন বিশ্ব-বিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত মেজৰসহ তাই এতিয়া স্নাতক ডিগ্ৰীৰ দেওনা পাৰ হ’ল। এতিয়াও তাই ডেৰ গাওঁ আহি পালেই- বাবা, খাদৰীয়া  আংকলৰ ঘৰ বুলি মোক আঙুলিয়াই দেখুৱায়। মই কেতিয়াবা ভাবো খাদৰীয়া আংকলৰ (মোৰ ছোৱালীৰ ভাষ্যৰ আঁতধৰি) এনে কি মাধুৰ্য-মণ্ডিত গুণ আছে, যাক  কণমানিহঁতেও সহজে পাহৰিব নোৱাৰে।


(২)

গুৱাহাটীৰ পৰা কোকঝাৰ আহিলো। মই বিভাগীয় চৰকাৰী দায়িত্বভাৰ চম্ভালি লোৱাৰ সময়তো ডেৰগাওঁৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মাননীয় প্ৰদীপ খাদৰীয়াদেৱে ফোন কৰি খবৰ লয়। নতুন ঠাই নতুন পৰিস্থিতি। তাতেই আকৌ মই কোকৰাঝাৰত কৰ্তব্যত যোগদান কৰাৰ সময়ত আভ্যন্তৰিণভাৱে কিছু আইন-শৃংখলাজনিত সমস্যা চলি থকা বুলি মানুহে চৰ্চা কৰা বোধকৰো তেখেতে শুনিবলৈ পাইছিল। অৱশ্যে বাহিৰৰ পৰা শুনা আৰু বাস্তৱ ক্ষেত্ৰৰ দৃশ্যপটৰ মাজত যৎসামান্য হলেও পাৰ্থক্য থাকে। তাৰপিছিত তেখেতে সদায় ফোন নকৰি প্ৰতিদিনে পুৱাৰ ভাগত মাথো প্ৰভাতী শুভেচ্ছা বিনিময় কৰি যোগাত্মক বাৰ্তা নিয়মীয়াকৈ প্ৰেৰণ কৰে। এনে বাৰ্তা প্ৰেৰণৰ যোগেদি তেখেতে পৰোক্ষভাৱে মোৰ সকলো খবৰ লৈ থাকি নিজেও আশ্বস্ত হয়। ময়ো তেখেতৰ বাৰ্তা পোৱাৰ লগে লগে স্বাগত সম্ভাষণ জনাওঁ। আনকি  মই চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো তেখেতে প্ৰতিদিনে ৰাতিপুৱাৰ ভাগত এনে যোগাত্মক বাৰ্তা নিৰন্তৰভাৱে প্ৰেৰণ কৰি থাকে, যিটো বাৰ্তাৰ বাবে ময়ো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকো। এতিয়াও তেখেতে পৰোক্ষভাৱে এনেকৈয়েই মোৰ স্বাস্থ্য ভালে আছেনে নাই, কৌশলগতভাৱে বুজ লৈ থাকে। তেজৰ আপোন নোহোৱাকৈও মানুহ কিমান আত্মিকভাৱে আপোন হ’ব পাৰে, তাৰেই জীৱন্তৰূপ হ’ল মোৰ পৰম শ্ৰদ্ধাৰ প্ৰদীপ খাদৰীয়া মানুহজন।


(৩)

গেলাবিলৰ  ইপাৰ-সিপাৰ সংলগ্ন কৰি আছে এখন পকী দলঙে। কিন্তু এতিয়াও সংলগ্ন হোৱা নাই দুয়োপাৰৰ সামাজি-সাংস্কৃতিক আৰু অৰ্থনৈতিক সম-বিকাশৰ বাট। গেলাবিলৰ উত্তৰ পাৰে খেতি-পথাৰে আগুৰা গাওঁ আৰু দক্ষিণ পাৰে ব্যৱসায়-বাণিজ্যৰ ঘাটি দেৰগাওঁ নগৰ।  গেলাবিলৰ সিপাৰৰ  মিচিং মানুহৰ গাওঁবোৰ  ধান-মাহ-সৰিয়হ, মৰাপাট আৰু কুঁহিয়াৰ আদি কৃষিজাত সামগ্ৰীৰ প্ৰচুৰ  উৎপাদনস্থলী। গেলাবিলৰ দুয়োপাৰৰ নগৰ আৰু গাওঁৰ মাজত ব্যৱসায়িক লেন-দেনৰ এক এৰাব নোৱাৰা নিবিড় যোগসূত্ৰ আছে। তথাপিও দেৰগাওঁ নগৰ আৰু গেলাবিলৰ সিপাৰৰ মিচিং গাওঁবোৰৰ মাজত যেন প্ৰগতিৰ গতি দিব পৰা যোগসূত্ৰ পোনপটীয়াভাৱে  এতিয়াও হোৱা নাই তেনে ধাৰণা মনলৈ আহে। এনেবোৰ আউল লগা চিন্তাৰ মাজত মই এদিন গোলাঘাটৰ পৰা দেৰগাওঁলৈ আহি তেখেতক ক’লো যে আমাক আপোনাৰ বিশেষ সহায়ৰ প্ৰয়োজন। আমি ইতিপূৰ্বে গোলাঘাটত মিচিং জনগোষ্ঠীৰ গোমৰাগ নৃত্যৰ কৰ্ম-শালা পাতিলো। এতিয়া আমি দেৰগাওঁতো এনে এখন কৰ্মশালা তথা প্ৰতিযোগীতা পাতিব খোজো য’ত আপোনাসকলৰ সহায়-সহযোগিতাৰ প্ৰয়োজন হ'ব। তেতিয়া তেখেতেও হয়ভৰ দি কলে যে আমি নিশ্চিতভাৱে সহায় কৰিম। অকনো পলম নকৰাকৈ তেখেতে ফোনাফোনি কৰি ততালিকে  মাৰোৱাৰী যুৱ-মঞ্চৰ অতিথি শালা চৌহদ ঠিক কৰিয়েই দিলে। তেখেতৰ ভাষ্য আছিল মিচিং জনগোষ্ঠীৰ কোনো সাংস্কৃতিক অনুষ্ঠান দেৰগাওঁ নগৰৰ মাজ-মজিয়াত হোৱা নাই; এইবাৰ কিন্তু আপোনাসকলে উত্থাপন কৰা ধৰণে অনুষ্ঠান পাতিব লাগিবই। এইবাৰ গেলাবিলৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত কেৱল ব্যৱসায়-বাণিজ্য নহয়, এইবাৰ পোনপটীয়াভাৱে সাংস্কৃতিক যোগসূত্ৰও সাধন হ’ব লাগিবই।  কথামতেই কাম। দেৰগাওঁ নগৰৰ ব্যৱসায়িক সম্প্ৰদায়, স্থানীয় ৰাইজ, দেৰগাওঁ নগৰৰ জ্যেষ্ঠ নাগৰিক, গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সাংস্কৃতিক দল আৰু আমন্ত্ৰিত অতিথি বৃন্দৰ সহযোগত অতি সুন্দৰভাৱে গোমৰাগ নৃত্যৰ কৰ্মশালা তথা প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ’ল। তদুপৰি সেইদিনা মাৰোৱাৰী যুৱ-মঞ্চৰ অতিথিশালাৰ বাকৰিত উপস্থিত জ্যেষ্ঠ নাগৰিক সকলৰ চৰণ চুই আৰ্শীবাদ লোৱাৰো সুযোগ ঘটিল অংশ গ্ৰহণ কৰা সাংস্কৃতিক দলসমূহৰ। এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলা নেপথ্যৰ আঁৰৰ মূল উপদেষ্টা গৰাকী আছিল আমাৰ দেৰগাওঁৰ সকলোৰে পৰিচিত পৰম শ্ৰদ্ধাৰ মাননীয় প্ৰদীপ খাদৰীয়াদেৱ; যি গৰাকী ব্যক্তিয়ে কেৱল ব্যৱসায় নহয়, ব্যৱসায়িক স্বাৰ্থৰ উৰ্ধত সামাজিক-সাংস্কৃতিক সমন্বয় সাধন কৰি শক্তিশালী জাতীয় পৰিকাঠামো নিৰ্মাণৰো পোষকতা কৰে।


(৪)

 তেখেতৰ ঘৰৰ গ্ৰাউণ্ড ফ্লৰত নিৰ্মাণ কৰা ব্যক্তিগত কাৰ্যালয়টো ব্যৱসায়িক স্বাচ্ছন্দ্যতাৰ পৰিচয় দিয়ে। তেখেত বহা টেবুলত অসমীয়া  বাতৰি কাকত আৰু মাহেকীয়া বাৰ্তালোচনীও প্ৰায়েই দেখা পাইছিলো। তদুপৰি তেখেত নিজেও হিন্দী দৈনিক বাতৰি কাকত এখনৰ লগত জৰিত থকা বুলি জানিব পাৰিছিলো। তেখেতে ব্যৱহাৰ কৰা মূল কাৰ্যালয় কক্ষৰ লগত সংলগ্ন জেনেৰেল ষ্টাফৰ কোঠালিটোত কামকৰা কৰ্মচাৰী সকলেও কাৰো লগত মাত-বোল নকৰাকৈ একাণপতীয়াকৈ নিজৰ নিজৰ কাম কৰি থকা দেখা পাইছিলো। কাম নকৰাকৈ বহি থকা সকলো নিজৰ আসন এৰি অনাহকত ঘূৰিফুৰা দেখা পোৱা নাছিলো। কৰ্ম-সংস্কৃতিয়ে বিৰাজ কৰা এক নিৰৱ-নিটোল পৰিৱেশ; যিটো পৰিৱেশ দেখিলেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী গৰাকীৰ মানসিক শৃংখলাবোধ আৰু ব্যৱসায় পৰিচালনা কৰাৰ অতি পৰিপক্ব  দক্ষতাৰ পৰিচয় পোৱা যায়। তেখেত সাধাৰণ ব্যৱসায়-বাণিজ্যৰ উপৰিও চাহ উদ্যোগ, ফ্ল’ৰ মিল আৰু খাদ্য সংৰচনাত্মক ক্ষুদ্ৰ উদ্যোগৰ লগতো জৰিত দেৰগাওঁৰ এগৰাকী সুপ্ৰতিষ্ঠিত ব্যৱসায়ী।


(৫)

মই গোলাঘাট জিলাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত প্ৰায় ৬/৭ বছৰ কাল কাৰ্য-নিৰ্বাহ কৰি আছিলো। অসমৰ আটাইতকৈ বান-পানী প্ৰভাৱিত জিলা সমূহৰ ভিতৰত অন্যতম এখন জিলা হ’ল গোলাঘাট জিলাও। গোলাঘাটত থকা কালছোৱাত এফালে মেৰাপানী অঞ্চলত পাহাৰৰ ঢল নামি বানপানী হলে আনফালে দেৰগাওঁৰ নদী কাষৰীয়া অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ বাবে ভেকুলী বিয়াৰ আয়োজন।  এনেকুৱা অস্বাভাৱিক দৃশ্যও প্ৰত্যক্ষ কৰিলো। কিন্ত্ত প্ৰায় প্ৰতিবছৰে বিহুৰ পিছত মে’ মাহৰ শেষৰ সপ্তাহৰ পৰা বান-পানীৰ প্ৰকোপ দেখা পাইছিলো। দেৰগাওঁ গাওঁ অঞ্চলত মথাউৰি ছিগিলেটো কথাই নাই। বানপীড়িত মানুহ চৰকাৰী সাহায্য শিবিৰত অৱস্থান কৰিব লগা হয়। ৰাইজৰ পশুধন বিলাকো নিৰাপদ স্থানত ৰাখিব লগা হয়। সেই সময়ত জিলা প্ৰশাসন আৰু যোগান বিভাগৰ তৰফৰ পৰা খাদ্য সামগ্ৰী আৰু পশু খাদ্যৰ বাবে স্থানীয় ব্যৱসায়ী সকলৰ ওপৰত পোনপটীয়াভাৱে নিৰ্ভৰ কৰিব লগা হয়। বানপানীৰ সময়ত মুকলি বজাৰৰ খাদ্য-সামগ্ৰী আৰু পশু খাদ্যৰ নাটনি হ’বলৈ নিদিয়াকৈ বহু প্ৰতিকূল পৰিস্থিতিত গোলাঘাট জিলা প্ৰশাসনক সহায় কৰা অন্যতম নিৰ্ভৰযোগ্য দেৰগাওঁৰ ব্যৱসায়ী হ’ল স্বনামধন্য প্ৰদীপ খাদৰীয়াদেৱ। তেখেতে  বানপানীৰ সময়ৰ খাদ্য সামগ্ৰী আৰু পশু খাদ্য সম্পৰ্কিত যিকোনো সমস্যা মাথো ২৪ ঘন্টাৰ আগত আমাক জনাবলৈ কয়। যিকোনো প্ৰকাৰে স্থল-পথ অথবা ৰেল পথেৰে চাহিদা অনুপাতে আহৰণ কৰি দিবই।  ইয়াৰ পৰাই ধাৰণা কৰকচোন তেখেত কিমান দায়িত্বশীল এগৰাকী আস্থাভাজন ব্যক্তি। তেখেতৰ কথা আৰু কামৰ মাজত কোনোধৰণ বিসঙ্গতি মই ব্যক্তিগতভাৱেও দেখা পোৱা নাছিলো।


(৬ )

মই মাননীয় প্ৰদীপ খাদৰীয়া দেৱৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱা নাই। অৱশ্যে তেখেতৰ সহধৰ্মিণীক এবাৰ মাথো ঘৰুৱা আতিথ্যৰ দিনা লগ পাইছো। আঢ্যৱন্ত পৰিয়ালৰ এগৰাকী লক্ষ্মীস্বৰূপা মহিলা। তেখেতৰ দুটি সন্তান থকা বুলি জানো। এগৰাকী ল'ৰা আৰু আন গৰাকী কন্যা সন্তান। দুয়োগৰাকী সন্তানেই অসমৰ বাহিৰত থাকে। তেখেতৰ লৰাজনো প্ৰতিষ্ঠিত ব্যৱসায়ী বুলি জানো। আনহাতে তেখেতৰ কন্যা সন্তান গৰাকীও প্ৰতিষ্ঠিত কৰ্পোৰেট পৰামৰ্শদাতা  (corporate consultant) ৰূপে কাৰ্য-নিৰ্বাহ কৰে। এই ফালৰ পৰাও খাদৰীয়া পৰিয়ালে সফল পিতৃ-মাতৃৰ সাৰ্থকতা দাবী কৰিব পাৰে।


(৭)

উপসংহাৰঃ আমাৰ পৰম শ্ৰদ্ধাভাজন প্ৰদীপ খাদৰীয়া 

দেৱৰ ব্যক্তিত্বৰ আটাইতকৈ আকৰ্ষণীয় দিশ হ’ল ৰাজহুৱা আৰু চৰকাৰীভাৱে ন্যস্ত সকলোধৰণৰ গুৰু দায়িত্ব মূৰপাতি লব পাৰে। তেখেত এনে এগৰাকী ব্যক্তি, যিয়ে একেবাৰে সীমিত কথা কৈ বহুত বেছি সামাজিক ক্ষেত্ৰত সেৱা আগবঢ়াব পাৰে বুলি আমাৰ ধাৰণা। তেখেতে পৰিচিত  মানুহৰ লগত যোগাযোগৰ আত্মীয়তাভৰা দুৱাৰ সদায় খোলা ৰাখিব জানে। বৌদ্ধিকভাৱে সবল হোৱাৰ উপৰিও সমাজৰ সকলো শ্ৰেণী মানুহৰ লগত সাধাৰণ মানুহৰ পৰা ধৰি জন-প্ৰতিনিধিলৈকে তেখেতৰ খোজ মিলাই চলিব পৰা দক্ষতা আছে। জীৱন-জীৱিকাসূত্ৰে মূলতঃ ব্যৱসায়-বাণিজ্যৰ লগত পোনপটীয়াভাৱে জৰিত ব্যক্তি হলেও ৰাজনৈতিক বিষয়ো মাননীয় খাদেৰীয়াদেৱে বিচক্ষণতাৰে বিশ্লেষণ কৰিব পাৰে। কিন্তু এই বিষয়ত তেখেতে নিজকে কোনােদিন শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব নিবিচাৰে। তেখেতৰ মুখত অনবৰত লাগি থকা মৌসনা মিঠামাত, নিম্ন-স্বৰৰ মাৰ্জিত কথোপন আৰু মাধুৰ্যপূৰ্ণ ব্যৱহাৰ চিৰ দিন দেৰগাওঁৰ সদাশয়  ৰাইজ আৰু শত-অজস্ৰ শুভানুধ্যায়ীৰ মাজত উজলি থাকক; তাকেই পৱিত্ৰ অন্ত:কৰণেৰে কামনা কৰিলো। সদৌশেহত তেখেতৰ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে ঈশ্বৰৰ ওচৰত কৰযোৰে প্ৰাৰ্থনাই মোৰ এই ক্ষুদ্ৰ লেখাটি ইমানতে সামৰিলো।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages