ৰাভাৰ আভা
জাতিৰাম কামান
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া সংস্কৃতিৰ এক চিৰ নমস্য নাম। বিষ্ণু ৰাভাক এৰি অসমীয়া সমাজ সংস্কৃতিৰ কথা ক’লে আধৰুৱা হ’ব। জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া সংস্কৃতিৰ দুই পুৰোধ্য ব্যক্তি।
বিষ্ণু ৰাভাৰ ব্যক্তিগত জীৱন বৰ সুখৰ নাছিল। জীৱন জোৰা সংগীত কলা সাধনাত নিজকে বিলীন কৰাৰ লগতে খাতি খোৱা শ্ৰমিক কৃষক বনুৱা হজুৱাৰ হকে মাত মাতি, পদ পথত প্ৰতিবাদ কৰি চৰকাৰী ৰোষৰ বলি হৈছিল। দলিত নিষ্পেষিত জনৰ কাৰণে জীৱন কালত যুঁজি কাৰাবাস পৰ্য্যন্ত খাটিব লগা হৈছিল।
কলাৰ সাধনা কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দিহিঙে দিপাঙে ঘূৰি ফুৰি তেওঁৰ অনুপম সৃষ্টি সমূহ সুললিত গীতৰ ৰূপ পাইছিল।
প্ৰেয়সীৰ উকা খোপা দেখি তেওঁ গাইছিল - নাহৰ ফুলে নুশুৱায়
তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱায়
কপৌফুলে শুৱাব
কপৌফুলে নুশুৱায়
যদি (ঘিলা)খোপাতে তোৰ
হিয়া ফুল পাৰি দিম
(গুজি) খোপাতে মনোহৰ....
ইয়াত শিল্পীয়ে প্ৰেয়সীৰ ঘিলা খোপাত কি ফুল দি গুজি শুৱাব তাৰেই চিন্তাত মগন! নাহৰ, তগৰ, কপৌ-ফুলেৰে প্ৰেয়সীৰ খোপা সুশোভিত কৰিহে যেন শিল্পীয়ে সুখ পাব!
পথাৰ নৈ বিল বোকা খচকা,কেঁচা মাটিৰ গোন্ধ ভাল পোৱা শিল্পী গৰাকীয়ে বিলত হালি জালি ফুলি থকা পদুম পাহলৈ চাই গাইছে –
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনিত ফুলিছে ফুল
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল
গছৰে ডালতে গাইছে কুলিয়ে
কু উ কু উ কৈ......গ্ৰীষ্মৰ ভৰ দুপৰীয়া পদুম পুখুৰীৰ পাৰত থকা গছজোপাৰ আঁৰে আঁৰে যেন লাজুকী কুলিয়ে দুপৰীয়া গাইছে কুউ কুউ কৈ… এক সুন্দৰ মনোৰম পৰিৱেশ বিৰাজ কৰা দৃশ্য গীতটিত পৰিদৃশ্যমান হৈছে।
নিজান ৰাতি উজাগৰে থাকি কেতেকীৰ বিননি শুনি শিল্পীৰ কাপত আকৌ এটি অনুপম গীত সৃষ্টি হৈছে– শিল্পীয়ে
গুণ গুনাইছে এইবুলি —
ৰৈ ৰৈ কেতেকী বিনাঅ’
অমাতৰ মত
কৰে সমনীয়া
লগে চেমনীয়া
আহ উৰণীয়া
মেলি দিওঁ হাত
অমাতৰ মাত।
কেতেকীৰ মাতত মুগ্ধ হৈ জোনবাইকো আনি দিম বুলি অংগীকাৰ কৰিছে দৰদী শিল্পীয়ে – জোনবাই আনি দিম
শাৰী পাতি ওমলিম
শিতানতে শুব দিম
সোণৰ সঁজাত
অমাতৰ মাত।
উষা নগৰৰ লুইতৰ পাৰে ধাননিৰ পথাৰত সজা টঙিঘৰত বহি কুৰুৱা বতাহ ছাটি কোবাই যোৱা দেহা শীতল কৰা দুপৰীয়া স্বভাৱসুলভ শিল্পীয়ে উষাক সোঁৱৰি গুণ্ গুণাইছে—
কুৰুৱা বতাহে অ’
জোৰকৈ বলিলে অ’
চিঞৰি মাতিলে অ’ উষা
অ’ উষা অ’ উষা অ’
পুৱতি নিশাৰে অ’
তৰাৰে চাকিৰে
শলিতা এদালি নিজানতে জ্বলি
ঢিমিকি ঢিমিকি খীনকৈ জিলিকি
মেলানি মাগিলে অ’ উষা
বৰনৈ বালিতে অ’ —
য়ে আজাদী ঝুথা হ্যায় নিষ্পেষিত জনতাৰ হকে প্ৰতিবাদ কৰি চৰকাৰৰ ৰোষত পৰি দিহিঙে দিপাঙে ঘূৰি ফুৰোতে নেফাৰ খামতি ছোৱালী হাঁহি খিকিন্দালি কৰি ৰং তামাচা কৰি উৰি ফুৰা ৰাংঢালী ছোৱালী জাকক চাই শিল্পীয়ে গীত জুৰিছিল– টিলাই টিলাই
ঘূৰি ফুৰে উলাহেৰে
খামতি্ ছোৱালী
ঘন কলীয়া মেঘৰে
আঁৰে আঁৰে
ৰং মনেৰে খেলি ফুৰে
নাচনি ছোৱালী।
বনৰে বনৰীয়া
দেখাতে ধুনীয়া দেখি
থমকি থমকি নাচে তাই
টিঙতে উজ্বলি
পোৱালৰ ৰঙা মণি
তাইৰে গাল দুখনি
বুকুত লৰি আভা ঢালি
কৰে ৰাঙলী।
লাজতে লাজুকী তাই
মিচিকি হাঁহিৰে তাই
দুটি নয়নৰ পাহি মেলি
খামতি ছোৱালী।
হোজা সৰলমনা খাটি খোৱা অসমীয়া গঞাৰ গাভৰুক সজাগ হবলৈ শিল্পীয়ে গাইছে এইবুলি—
নিচলা আইৰে
আমি খাটি অসমীয়া
অসমী আইৰে আমি
ছোৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনীয়া।
খোপাত কপৌফুল
হাতত জেতুকাৰ বোল
মুখত কিহৰ বোল
সজোৱা বোলোৱা
বিজ্ঞান প্ৰজ্ঞান লৈ
আগবাঢ়ি যোৱা.....
জীৱনৰ বিয়লি বেলা শিল্পীয়ে অব্যক্ত বেদনা প্ৰেয়সী নিমিত্তে প্ৰকাশ কৰিছে
এইবুলি–
লগন উকলি গ’ল
তেও যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াত গুপুতে থোৱা।
কিমান হেঙুলী উষা
কিমান জোনালী নিশা
মিছাতেই গ'ল মোৰ
কিমান গধূলি পুৱা।
মলয়াই কাণে কাণে
মনৰ বাতৰি আনে
নিখিলৰ সুৰে সুৰে
হিয়ায়ো গান জুৰে।
শুনিছানে সেই সুৰ
পৰাণ উতলা মোৰ
হৃদয়ৰ গোৱা গান
ভালপোৱা, ভালপোৱা।
বিৰহ বেদনাত সিক্ত শিল্পীয়ে প্ৰিয়তমাক এই জনমত প্ৰকাশ্যে মনৰ কথা খুলি কব নোৱাৰিলেও আশাহত হোৱা নাই।আশা এৰি দিয়া নাই বাবেই আকৌ গাইছে–
পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা!
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁথি ৰাখিলা
কাহানিও তুমি নিপিন্ধালা
শূন্য মোৰ বুকু হ'ল যে উকা
..........
..........
এই জনমৰ গোপন কথা
গুপুতে থাকি দিয়ে যে বেথা...
মৰম ভালপোৱাে আৱৰাই শিল্পীয়ে তেওঁৰ জীৱনত ইন্দ্ৰধনু গঢ়াৰ কথাও কৈছে____মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম।
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম........
শিল্পীৰ কবিতাৰ ছন্দত প্ৰিয়তমাৰ হিয়াত স্পন্দন জাগেনে বুলিও প্ৰশ্ন কৰিছে প্ৰিয়াক____মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগে নে?
নাচে তৰা ছন্দে ছন্দে
বিশ্ব ভৰা মহানন্দে
সেই উলাহতে হৰষ লাগি
হিয়াত নাচোন উঠে নে?
প্ৰিয়তমাৰ বিৰহে শিল্পীক দহি দহি খাইছে।তাই ওচৰত থাকিও যেন নাই নাই....কিবা যেন নাই...প্ৰিয়া অনুপস্থিতিত বিৰহী শিল্পীৰ কাপত আকৌ প্ৰাণ পাই উঠিছে শোকৰ আৰু এটি মালিতা.....
কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ আছে হুমুনিয়াহ
হতাশ হিয়াৰ কৰুণ বিননি
হায় হায়........
..................................
মোৰ প্ৰিয়া নাই
মোৰ প্ৰিয়া নাই......।
অকল প্ৰিয়াৰ বিৰহে শিল্পীক দহা নাই।সতী জয়মতীৰ কৰুণ মৃত্যুৱেও শিল্পীৰ মন গনহত গভীৰ ভাৱে ৰেখাপাত কৰিছে।শিল্পীয়ে দুখেৰে বিনাইছে___
জয়া নাই জয়া নাই
জয়সাগৰত বুকুৰ মাজত
উঠে চকুলোৰ ঢল
মলয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননি ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী
সতী জয়মতী নাই
জয়া নাই জয়া নাই...............।
আজীৱন সংগ্ৰামী শিল্পীজনাই অসমীয়া ডেকাক দেশপ্ৰেমত উদ্ধুদ্ধ কৰিবলৈ বিপ্লৱী কন্ঠে আহ্বান জনাইছে__
অ' অসমীয়া ডেকাৰ দল
অ' অসমীয়া ডেকাৰ দল
আজি তোৰে তেজাল বদন
মলিন কিয় হ'ল,মলিন কিয় হ'ল।
দুৰ্গম নদ পাহাৰ গিৰী
লম্ভিছিলে ডেকাগিৰি
সুন্দৰ শংকৰে লুৰি কৰিছিলে তল
দেখুৱাইছিল জগত জুৰি
অসীম বাহুৰ বল
অ' অসীম বাহুৰ বল,
সিয়ো যে তোৰ নাইকিয়া হ'ল
অ' অসমীয়া ডেকাৰ দল.......
অসম গৰকি জগত জিনি বিশ্ব বন্দিত সেনানী হবলৈ পুনৰ জাগৃত কৰি শিল্পীয়ে গাইছে___বিশ্বৰ ছন্দে ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা
নাচা তমোহৰ দেউ
নাচা।
বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ কমল
বন্দে।
জ্বলোৱা সান্নিক
তপো হোম বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰ দেউলত
জ্ঞানৰ বন্তিৰ
আলোকৰে শিখা
উঠক নাচি।
বিপ্লৱী শিল্পীজনাই সিমানতে ক্ষান্ত নাথাকি আৰু উদ্যমে উদাত্ত কন্ঠে বিপ্লৱৰ
অগনি জ্বলাইছে এইবুলি____
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস
কত ছহিদৰ দুখৰ জীৱনী লিখা
কত ব্যথিতৰ জীৱনৰ ছবি অঁকা
পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা
ৰচি যাম বহু শোষিতৰ হা-হুতাশ।
--------------------
গঢ়ি যাম নৱ জীৱনৰ নব ৰবি
............
গাই যাম নৱ পৃথিৱীৰ জয়গান....
........আনিম ধৰাত চিৰ শান্তি আভাস।
বন্দীত্বৰ শিকলি ছিঙি কলাগুৰুৰ প্ৰতিবাদী কন্ঠত আকৌ প্ৰাণ পাই উঠিছে বিপ্লৱৰ ফিৰিঙতি___
সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ'
সুন্দৰ পুজাৰী।
যাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত অমিয়া
গোৱা অসমীয়া
প্ৰাণ মন ভৰি
পূজাৰী অ'
সুন্দৰ পূজাৰী।
থাউকতে কব গলে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ কৰ্মময় সংগ্ৰামী জীৱনৰ লগতে তেওঁৰ মহান সৃষ্টিৰাজিয়ে অসমীয়া কলা সংস্কৃতিৰ লগতে ভাষা সাহিত্যত সিমানেই ছাপ পৰি গৈছে যে তেওঁক ৰোমন্থন কৰা বিহনে অসমীয়া সংস্কৃতিয়ে পূৰ্ণতা পোৱাতো অসম্ভৱ।সেইজনা বিপ্লৱী শিল্পীয়ে জীৱনৰ আবেলি বেলাত দুখৰ ৰাগিনী তুলি অসমীয়াৰ মন প্ৰাণ আকৌ আলোড়িত কৰি তুলিছে এইবুলি__
এয়ে মোৰ শেষ গান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান
এয়ে মোৰ শেষ গান
জীৱন-নাটৰ শেষ ৰাগিনী॥
সঁচাকৈ তেওঁৰ সেয়াই আছিল শেষ গান,
জীৱন-নাটৰ শেষ ৰাগিনী;যি ৰাগ স্পন্দিত নহয় আৰু দুনাই তেওঁৰ তেজ মঙহৰ দেহাত।কিন্তু সেই ৰাগ,অন্তিম ৰাগ সদায়েই আজীৱন,আমৰণ স্পন্দিত হৈ ৰ'ব প্ৰত্যেক অসমীয়াৰ মন মন্দিৰত,যেতিয়ালৈকে অসম থাকিব,অসমীয়া থাকিব,অসমীয়া কলা সংস্কৃতি বিশ্ব দৰবাৰত জিলিকি থাকিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment