এলাৰ্জি
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
খচখচাই থকা চকুদুটা
জোৰ কৰিও মেলিব পৰা নাই
মুদখাই আছে বৰ্তমানৰ কোলাত
ভৱিষ্যতৰ দৃষ্টি বিচাৰি গৈ দেখিলোঁ
দুটা কোঠা
দেখিয়েই বুজিব পাৰি
কোনটো কাৰ বাবে ?
মই নিজক খোলা-কোঠাটোত বহুৱালোঁ
আৰু কোনোবাজন বহিল
বন্ধ আটকধুনীয়া আনটো কোঠাত।
চিন্তাই দুফাল কৰা মানুহৰ মগজটোৱে
নিজকে নিজে সজালে
একোটা নিজাববীয়া শ্ৰেণীত।
ইটো কোঠাই সিটো কোঠালৈ
একেথৰে চাই আছে
নীৰৱে
হঠাত
কাঁচৰ দুৱাৰখন খোল খাওতেই
হুৰহুৰাই ওলাই আহিল
ভাগৰুৱা আৱদ্ধ বতাহ এজাক
হয়তো মুক্তি বিচাৰি।
হাঁহিমুখীয়া মুকলি কোঠাটোত
নাই কোনো চমক
কিন্তু ৰৌণকৰ ছিটিকনি
আৰু
দুলি আছে সজীৱতা
তাৰমাজতে পৰীক্ষকে
চকু পৰীক্ষা কৰি ক’লে
এলাৰ্জিয়ে আবৰি ধৰিছে দৃষ্টি
এলাৰ্জিনো নাই ক’ত
চিন্তাৰ ছালত বিয়পি
পীড়া দি আছে
চেতনাৰ শৰীৰত।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment