ফাগুন
ৰফিকুল ইছলাম
তেজপুৰ
ফাগুন আহিছে প্ৰকৃতিৰ যেন
লাগে পৰিবৰ্তন সেই বাবেই।
সময়ত আকৌ গুছি যোৱাৰ
শপত লৈ।
ফাগুন আহিছিল সিদিনা
প্ৰকৃতি শুৱনি কৰিবলৈ।
তুমি ভালপোৱা ৰং
শিমলু ফুলৰ ৰঙা ফুল
দি গৈছে উপহাৰ।
ফাগুন যদি নাহে
পুৰণি পাতবোৰ যে
নপৰে সৰি।
ফাগুনৰ খবৰ পাই
গছৰ পুৰণি পাতবোৰ
সৰি পৰিবলৈ ধৰে।
পুৰণি যায়
আহে নতুন।
গছ গছনি লঠঙা হয় ঠিকেই
ডালবোৰ উকা হৈ পৰে
নতুন পোচাক পৰিধান কৰিবলৈ।
ফাগুন নহয় ধ্বংসৰ
ফাগুন হৈছে সৃষ্টিৰ বাট।
ফাগুনে দি যায়
গছ গছনিৰ বাবে
নতুন উপহাৰ
সেয়া হৈছে
নতুন কুঁহিপাত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment