তুমি কিয় অসুখী
সৰিফুল আলম
মায়ং, মৰিগাঁও
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা
তৰাই তিৰেবিৰাই থকা আকাশ,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা
মুক্ত মনে বিচৰণ কৰি থকা চিৰিকতি,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা
হৃদত উকি মৰা মৎসপ্ৰাণী
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা,
নাচি বাগি থকা পখিলা,
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা
পুৱাৰ আগজাননী দিয়া কুকুৰা
কেতিয়াবা তুমিও দৃষ্টিগোচৰ কৰিবা
কপৌজাকৰ এনাজৰী
তেন্তে তোমাৰ নো কিয় ইমান
আশংকা, অসন্তুষ্টি, অভিযোগ
তুমি তো হোৱা জীৱ শ্ৰেষ্ঠ।
কেতিয়াবা তুমিও কৰিবা চিন্তা
ধনাত্মক মনোতথ্যৰে,
তেন্তে কৰিব পাৰিবা অনুভৱ
জীৱনক সঁচা অৰ্থত ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment