মাদক দ্রব্য আৰু আমাৰ যুৱ প্ৰজন্ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

মাদক দ্রব্য আৰু আমাৰ যুৱ প্ৰজন্ম

 


মাদক দ্রব্য আৰু আমাৰ যুৱ প্ৰজন্ম


সায়নী পাল

ডিব্ৰুগড়

অসম চিকিৎসা মহাবিদ্যালয়



   মানৱ সভ্যতা যিমানেই উন্নতিৰ দিশত আগুৱাই গৈ আছে, সিমানেই সমাজখনত অন্যায় অবিচাৰৰ প্ৰকোপ বাঢ়ি আছে। সমাজত বিৰাজ কৰিছে উচ্ছৃঙ্খলতাই। সময়ৰ সৈতে খোজ মিলাবলৈ  যাওঁতে বৰ্তমানৰ যুৱ প্ৰজন্ম ক্ৰমশঃ বিপথগামী হৈ পৰিছে। তেঁওলোকে নিৰ্ভৰশীল কৰি আছে নিজক মাদক দ্রব্য সেৱনৰ ওপৰত। বৰ্তমান যুগত মাদক দ্রব্য সেৱন কৰিব নাপালে মানসিকভাবে অস্হিৰ হোৱা দেখা যায় কিছুমান যুৱক যুৱতীক। নিচাযুক্ত দ্রব্য আচলতে সেৱন কৰা জনৰ বাবে যিমান হানিকাৰক, সেইদৰে তেঁওলোকৰ ঘৰখন বা অন্য মানুহৰ বাবেও সিমানেই হানিকাৰক। মাদক দ্রব্য সেৱন কৰাটো আজিকালিৰ প্ৰজন্মৰ বাবে এটা অভ্যাস হৈ গৈছে, যিটোৰ পৰা তেঁওলোকক গুচাব  পৰা যোৱা নাই। মাদক দ্রব্য বুলিলে অকল মদকে নুবুজায়। ড্ৰাগছ, চিগাৰেট, ভাং,সাদা, বিড়ি, গুঠখা সকলোবোৰেই হানিকাৰক। গুণী-জ্ঞানী তথা শ্ৰদ্ধেয় জনৰ প্ৰতি সন্মান জনাব পৰা নিম্নতম জ্ঞানকণো পোৱা নাই আজিৰ যুৱ প্ৰজন্মই বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিৰে পৰিপূৰ্ণ শিক্ষা ব্যবস্থাৰ পৰা। যাৰ ফলত সমাজখনেই  পুতৌজনক অৱস্থালৈ গতি কৰিছে। মাদক দ্রব্যৰ কবলত পৰা যুৱক যুৱতীক লোক লজ্জাৰ পৰা আঁতৰাই ৰাখি সমাজ সচেতক সকলৰ নিয়ন্ত্রণলৈ এৰি দিব লাগিব। নতুবা কাঠফুলাৰ দৰে ঠায়ে ঠায়ে গঢ়ি উঠা নিচামুক্তি  কেন্দ্র, বৃদ্ধাশ্রম, আৰু অনাথ আশ্ৰমৰ দৰে প্ৰতিষ্ঠানবোৰে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে প্ৰতিষ্ঠা হবলৈ বেছি পৰ নালাগিব। কিন্তু তাৰ বাবে আমি সমাজক সজাগ আৰু সচেতন কৰিব লাগিব। মাদক দ্রব্য ব্যবহাৰৰ হানিকাৰক পৰিণতিসমূহ সমাজৰ আগত ডাঙি ধৰিব লাগিব। মানসিকভাবে আক্রান্ত ৰোগীসকলক মাদক দ্রব্য পৰিত্যাগ কৰিবলৈ উৎসাহিত কৰিব লাগিব। স্বাস্থ্য সহায়ক অভিযানবোৰক আমি উন্নত আৰু শক্তিশালী কৰিব লাগিব। সমাজৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি নজৰ দিব লাগিব। যথাযথ শিক্ষা প্ৰদান কৰিব লাগিব, তেহে  আমি সমাজখনক মাদক দ্রব্য নতুবা নিচামুক্ত কৰিব পাৰিম। 


Doksiri দকচিৰি, মাৰ্চ, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages