মহাভাৰত যুগত তানি গোষ্ঠী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

মহাভাৰত যুগত তানি গোষ্ঠী



 মহাভাৰত যুগত তানি গোষ্ঠী


পদ্মেশ্বৰ নৰহ 

ৰাংকপ, ধেমাজি


     যিসকল মানৱ গোষ্ঠী বৈদিক সভ্যতা সংস্কৃতিৰ লগত পৰিচিত নাছিল, সেইবোৰ মানৱ গোষ্ঠীক অসুৰ, দৈত্য, দানৱ, কিন্নৰ, ম্লেছ‌ আদি নাম বৈদিক সভ্যতাৰ সৃষ্টি ৰাজিত ৰখা হৈছিল। সেইবোৰ ঘন অৰণ্য, হিমালয়ৰ অৰণ্য আদিত বসবাস কৰিছিল। সেইবোৰ উগ্ৰ, বৰ্বৰ লোক আছিল। সেই পাহাৰীয়া অতব্য অৰণ্যত বসবাস কৰা জনজাতীয় লোকসকলে ভৈয়ামৰ জনতাৰ ওপৰত আক্ৰমণ কৰিছিল তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল। ভৈয়ামৰ জনতাই তেওঁলোকৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ বিশেষ কৰৰ দৰে ব্যৱস্থা কৰিব লগা হৈছিল। তেওঁলোকলৈ বহু প্ৰয়োজনীয় বস্তু বাহিনীৰ যোগাৰ কৰি দিব লগা হৈছিল। এই প্ৰক্ৰিয়া বহু বছৰ বছৰ ধৰি চলি আহিছিল, আনকি আহোমৰ যুগতো সেই পাহাৰীয়া জনজাতিৰ অত্যাচাৰ পৰা ৰক্ষা পাবৰ বাবে পছা প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰি দিব লগা হৈছিল। পছা প্ৰক্ৰিয়াৰ যোগেদি পাহাৰৰ দাঁতি-কাষৰীয়া গাঁৱবোৰ সেই পাহাৰীয়া লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় বস্তুৰ যোগাৰ কৰি দিব লগা হৈছিল যাৰ ফলত তেওঁলোকে উৎপাত নকৰিছিল। (এইখিনিতে উল্লেখ কৰিব পাৰি যে মংগোলীয় গোষ্ঠীৰ লোকসকলে ভাৰতীয় উপমহাদেশত অতি প্ৰাচীন কালৰে পৰা বসতি স্থাপন কৰিছিল। সিন্ধু উপত্যকা সভ্যতাতো মংগোলীয় গোষ্ঠীৰ বহু কংকাল পোৱা গৈছিল। )

   আহোম যুগত প্ৰচলিত পছা প্ৰক্ৰিয়াৰ দৰে প্ৰক্ৰিয়া মহাভাৰতো পোৱা যায়। মহাভাৰতত বকাসুৰ নামৰ অসুৰক গাঁৱ খনে তেওঁৰ বাবে প্ৰয়োজনীয় সকলো বস্তু‌ নিয়মীয়াকৈ যোগান দিব লগা হৈছিল। পঞ্চ পাণ্ডৱৰ বনবাস কালছোৱাত সেইবোৰ ঘটনাৰ মুখামুখি হৈছিল। 

   কাম্যক বনত পাণ্ডৱে হিড়িম্ব আৰু হিড়িম্বা নামৰ অসুৰৰ লগত মুখামুখি হয়, হিড়িম্বাই ভীমৰ প্ৰেমত পৰি নিজ ভাতৃ বধত ভীমক সহায় কৰে। পিছত হিড়িম্বাই ভীমৰ লগত বিবাহ হয়। এই হিড়িম্ব, হিড়িম্বা  ডিমাছা সকলৰ পূৰ্বপুৰুষ আছিল। নদীৰ পাৰত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰত বসতি কৰা সেই জাতিটো ডিমাছা অৰ্থাৎ ডি মানে পানী,মা মানে মহান আৰু ছা সন্তান। মংগোলীয় গোষ্ঠীৰ লোকসকলে সিন্ধু সভ্যতাৰ পতনৰ পাছত হিমালয়ৰ দাঁতি-কাষৰীয়া পথেৰে বহু মংগোলীয় মূলৰ মানুহ এই স্থান ত্যাগ কৰি উত্তৰ পূবমূৱা হৈ ব্ৰহ্মপুত্ৰৰ পাৰত স্থায়ীভাৱে বসতি বিস্তাৰ কৰে ।

  যিহেতু মংগোলীয় গোষ্ঠীৰ  ভাষাত দি, দৈ, চি, টি পানী বুজোৱা শব্দ, গতিকে এইবোৰ নদীৰ নামত  সংযুক্ত। যেনে উত্তৰ ভাৰতৰ গোমটি, আচ্ছি নদী উৎপত্তি মংগোলীয় মূলৰ শব্দ। সেই সন্দৰ্ভত মই বেলেগ এখন লেখাত আলোকপাত কৰিছোঁ।

   এই মহান নদীৰ পাৰৰ লোকসকলে নিজকে ডিমাছা বুলি কৈছিল ইয়াক মহাভাৰতত হিড়িম্ব হিড়িম্বা বুলি উল্লেখ কৰিলে। এতিয়া প্ৰশ্ন হয়, বকাসুৰ কোন আছিল ?

   বকাসুৰ আচলতে তানি গোষ্ঠীক ইংগিত কৰিছে। বকাৰ জনজাতিটো যেনে আদি বকাৰ, লবা বকাৰ আদি, বকাৰ নামটো অতি প্ৰাচীন কালৰে পৰা পৰিচিত। নতুবা আব’ আৰু অকা আদি জনজাতিক বকাসুৰ বুলি মহাভাৰতত উল্লেখ কৰিলে চাগে। আব’+অকা‌= বকা। আব’ নামটো আব’তানিৰ পৰা অহা। অকাওঁ তানি গোষ্ঠীত অন্তৰ্ভুক্ত। সম্ভৱতঃ এওঁলোকে সেইযুগত ভৈয়ামৰ লোকসকলক যথেষ্ট হাৰাশাস্তি কৰিছিল যাক ভীমৰ দ্বাৰা শেষ কৰা হৈছিল।

  এই বকাসুৰৰ ভাতৃ আছিল কিৰমিৰা আৰু তেওঁ হিড়িম্বৰ বন্ধু আছিল। এই কিৰমিৰা, মিৰিৰ পূৰ্বপুৰুষ হ’ব পাৰে যিহেতু মিৰিওঁ আব'তানিৰে লোক হয়। সেই যুগত ডিমাছা কছাৰীৰ ভাষা সংস্কৃতি, তানিৰ  লগত ওচৰ সম্পৰ্ক আছিল। ফলত বন্ধুত্ব কৰিবলৈ সহজ আছিল। 

   বিখ্যাত গ্ৰীক ভূগোলবিদ তথা জ্যোতিৰ্বিদ ট'লেমি (127AD-151AD) আৰু ৰোমান ইতিহাসবিদ প্লিনিৰ (77AD) দ্বাৰা চিহ্নিত কিছুমান জনজাতীয় নাম যেনে asmira, abali, abarimon, meridiem (economic history of the miris or mishing people) আদিক বহু পণ্ডিতে আবৰ, ডফলা, মিৰি অকা আছিল বুলি উল্লেখ কৰিছে । উক্ত কিতাপখনত ইয়াৰ ওপৰত তথ্য উল্লেখ কৰিছে।

  এই গ্ৰীক, ৰোমান ইতিহাসবিদ সকলৰ সৃষ্টিত উল্লেখত পোৱা আছমিৰা মহাভাৰতৰ কিৰমিৰা আচলতে মিৰিৰ প্ৰাচীন পৰিচয়ৰ অপভ্ৰংশ বা বিকৃত ৰূপ আছিল। 

  সেই লোকসকলে হিমালয়ৰ কাষে কাষে বসতি বা বিচৰণ কৰিছিল। তানি গোষ্ঠীৰ লোকসকলে অকল এটা জেগাতে স্থায়ীভাৱে বহু বছৰ ধৰি বাস কৰি থকা নাছিল, য’ত যি সুবিধা এই নিমিত্তে ভিন ভিন ঠাইলৈ বিচৰণ কৰিছিল। এই বাবে ৰজা সাম্ৰাজ্য স্থাপন কৰি স্থায়ীভাৱে শাসন কৰিবলৈ নহ’ল।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages