নুদুখিবা
ভাৰতী বসুমতাৰী
ধেমাজি
কি কৰিবা
যদি গুচি যাওঁ তোমাৰপৰা
আঘোণ আৰু নিঁয়ৰৰ সংপৃক্ত সুবাসত
এনেও মন দিশহাৰা
সৰু সৰু কথাতে অভিযোগ নুতুলিবা
পলকতে হেৰাব পাৰে আঘোণ হেন সোণোৱালী হেঁপাহ
যদি বুকুত নেথাকে হেঁপাহ
কেনেকৈ লিখিম শীতৰ কোমল কবিতা
আৰু যদি লিখা নহয় সেই শব্দৰ মালিতা
কেনেকৈ সজাম সাঁজত সুৰৰ সুষমা
সেয়ে কৈ থ’লো জানিবা
গুচি যাম কেতিয়াবা
পাছত হ’লে নুদুখিবা।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment