আপোনাক ভালপোৱাটো খুবেই জৰুৰী
ৰূপা গগৈ
কি কৰিম কওক
উপায়টো নাই আন।
মই মোৰ ভিতৰৰ মানুহজনীক জীয়াই ৰখাটো
অতিকৈ প্ৰয়োজন হৈ পৰিছে
সেয়ে পুনৰ আপোনাৰ প্ৰেমত পৰিছোঁ।
মোৰ মাজত মইজনীক নেহেৰুৱাবলৈকে
আপোনাক ভালপোৱাটো খুবেই জৰুৰী
কথাষাৰ আজি কাণচোৱাই থ’লোঁ।
কোনো কথা নাই
আপুনি ভাল নাপালেও
আপোনাক ভাল পামেই পাম
আপোনাক ভালপোৱাটো খুবেই জৰুৰী।
পাওঁ যদি কেনেবাকৈ আপোনাৰ সঁহাৰি
ভালপোৱাৰ চাকনৈয়াত হাতে হাত ধৰি
হেৰাই যাম দুয়ো দুয়োৰে মাজত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment