মৰহা ফুলৰ পাহি
পুণ্যহা পুনম চৌধুৰী
নগাওঁ
ফুলপাহ মনৰ হেপাঁহেৰে ফুলিছে
কেতিয়াবা মিচিকিয়ায়
আৰু কেতিয়াবা ফাগুনৰ বতাহজাকত
হালি জালি নাচে
ৰাতিৰ ধুমুহাজাকত সৰি পৰা পাহিবোৰ
পুৱা পৰি থাকে জাৱৰৰ দ’মত
সদ্যপ্ৰস্ফুটিত কলিকেইটিয়ে বাৰে বাৰে চায়
হেৰাই যোৱা পাহিবোৰক দেখি উচুপি কান্দে
পিছে সৰি পৰা এই পাহিবোৰৰ হিয়া ভঙা কান্দোন শুনিবলৈ আছেই বা কোন
উভতি চাবই বা কোনে
ক্ষন্তেক ৰ’বই বা কোন
দুহাতত আলফুলে তুলি ল'বই বা কোনে
পৰি আছে।
পৰি থাকি চকুলো টুকিছে।।
মৰহি গৈছে।
মৰহি গৈ কাৰোবাৰ গচকত বালিৰ লগত মিলিছে।।
বালিৰ দমটো মোহাৰি চালো,
মৰহা ফুলৰ অস্তিত্বৰ সুভাষ পালোঁ।
অন্ধকাৰৰ মাজত পোহৰ বিছাৰি
সন্মুখত তোমাৰ চকু জুৰি দেখা পালোঁ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment