আলি আঃয়ে লৃগাং
নিপু কুমাৰ দাস
কাজিপাৰা, নলবাৰী
আলি আঃয়ে লৃগাং, মাটিৰ সুৰৰ কথা,
ধানৰ শীৰ্ষত বাজে জীৱনৰ গাঁথা।
পথাৰৰ বুকুত জাগে মৰমৰ জোঁৱাৰ,
হালৰ জাঁৱৰ নিচেই তলত লিখা আহাৰ।
মাটিয়ে দিলে প্ৰাণ, মাটিয়ে দিলে ৰঙ,
আলি আঃয়ে লৃগাং বাৰে বাৰে সলায় সুৰৰ সংগ।
জীৰ্ণ দেহৰ ঘামে ৰচে কাব্য,
প্ৰতিটো টোপালেই সংগ্রামী জীৱনৰ ধাৰ্য্য।
আলি আয়ে লৃগাং— এটি গাঁৱৰ জীয়ন গীতি,
অভাৱত লুকাই থাকে সমৃদ্ধিৰ সমল
মাটি, মানুহ আৰু বিষাদেৰে ভৰা চহুৱা জীৱন,
আলি আয়ে লৃগাং দিয়ে জীৱনৰ চিহ্ন।
আজি সেই গীত ক’ত হেৰাই গ’ল?
কৰ্মৰ নাৰী ক’ত? সপোনৰ খেতি ক’ত?
আলি আয়ে লৃগাঙৰ সুৰে এতিয়া হেৰাব নালাগে,
নতুন প্ৰজন্মক শিকাব লাগে
জাতি-জনজাতিৰ এক সমন্বয়ৰ ভাষা।
এখন পথাৰেই এটি জীৱনৰ পাঠ,
আলি আঃয়ে লৃগাঙে শিকায় একতাৰ পাঠ।
সেউজীয়া স্বপ্নত সঁজাওক মাটিৰ কোঁহ,
আলি আঃয়ে লৃগাং—আমাৰ জীৱনৰ মহাজীৱন।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment