ভাৰতীয় সাহিত্য আৰু কালিদাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

ভাৰতীয় সাহিত্য আৰু কালিদাস


 

ভাৰতীয় সাহিত্য আৰু কালিদাস


জাতিৰাম কামান


   ভাৰতীয় সাহিত্যৰ মূল সুঁতি বুলি ক'লে আচলতে হিন্দী সাহিত্যকে বুজা যায়।বহল অৰ্থত অৱশ্যে প্ৰাচীন সংস্কৃত সাহিত্য, দাক্ষিণাত্যৰ ‘সংগম’ সাহিত্য, উৰ্দু সাহিত্য, বংগীয় সাহিত্য, কাশ্মিৰী তথা উত্তৰ পূব ভাৰতীয় ভাষাগোষ্ঠীৰ সাহিত্যও ভাৰতীয় সাহিত্যৰ অবিচ্ছেদ্য অংগ। আমি এই লেখনিত কালিদাসৰ সৃজনী প্ৰতিভা তথা হিন্দী সাহিত্যৰ ওপৰতহে আলোক পাত কৰিবলৈ প্ৰয়াস কৰিম।

     ভাৰতীয় সাহিত্যৰ প্ৰাৰম্ভণ প্ৰকৃততে প্ৰাচীন সংস্কৃত সাহিত্যৰ পৰাহে সৃষ্টি হৈছে। পৌৰাণিক ভাৰতীয় সাহিত্যৰ কালজয়ী ৰচনা হল মহাভাৰত আৰু ৰামায়ণ মহাকাব্য, যি বৈদিক সাহিত্য ৰূপে জনা যায়। ৰামায়ণ মহাভাৰত মহাকাব্যৰ ওপৰিও ভাগৱত গীতা, উপনিষদ, বেদ শাস্ত্ৰ সমূহো বৈদিক সাহিত্যৰ অন্তৰ্গত। ইয়াৰে আটাইতকৈ পৌৰাণিক সাহিত্য সম্ভাৰ হল ঋক্ বেদ।

  সংস্কৃত ব্যাকৰণবিদ পাণিনীয়ে সংস্কৃত ভাষাৰ ব্যাকৰণ, বানান পদ্ধতি, ধব্নিৰ ব্যৱহাৰ আদি পদ্ধতিগত ভাৱে বৈজ্ঞানিক দৃষ্টিকোণেৰে সংস্কৃত ভাষা-সাহিত্যক উত্তৰণ ঘটাই ধ্ৰুপদী সাহিত্যৰ স্তৰলৈ উন্নীত কৰা বাবে পানিনিক সংস্কৃত ভাষা সাহিত্যৰ জনক বুলি অভিহিত কৰা হয়।

    মূল সংস্কৃত সাহিত্যৰ পৰাই ভাৰতীয় হিন্দী ভাষা সাহিত্যৰ সৃষ্টি হৈছে। কাজেই, হিন্দী সাহিত্যৰ সৃষ্টিও পুৰাতন আৰু অত্যন্ত বিস্তৃত। প্ৰসিদ্ধ ভাষা বৈজ্ঞানিক ড° হৰদেৱ বাহৰীৰ মতে হিন্দী সাহিত্য প্ৰকৃততে বৈদিক যুগৰ পৰাহে আৰম্ভ হৈছে। কাজেই, বৈদিক ভাষা মানে হিন্দী ভাষাকেই আমি লব পাৰোঁহক।কিন্তু বিড়ম্বনাৰ কথাটো হ’ল যে - এই ভাষাটো ভিন ভিন সময়ত বিভিন্ন অভিধাৰে নিৰূপিত কৰা হৈ আহিছে। যেনে- কেতিয়াবা বৈদিক সাহিত্য, কেতিয়াবা সংস্কৃত, কেতিয়াবা প্ৰাকৃত, কেতিয়াবা অপভ্ৰংশ আৰু এতিয়া হিন্দী সাহিত্য।

   সংস্কৃতৰ পৰা পৰ্য্যৱসিত হোৱা হিন্দী সাহিত্যক কাল অনুসৰি কেবাটাও ভাগত বিভক্ত কৰা হৈছে। যেনে- দশম শতাব্দীৰ পৰা আৰম্ভ কৰি আদিকাল, ভক্তিকাল, ৰীতি কাল, আধুনিক কাল, উনবিংশ শতিকা আৰু বিংশ শতিকাৰ হিন্দী সাহিত্যৰ এটা দীঘলীয়া পৰিক্ৰমা। আমি আগতেই উনুকিয়াই আহিছোঁ যে হিন্দী ভাষা সাহিত্যৰ ইতিহাস অতি ব্যাপক। থাউকতে ইয়াক চৰ্চা কৰাতো সম্ভৱপৰ নহয়। আমি হিন্দী সাহিত্যৰ সংগতি ৰাখি মহাকবি কালিদাসৰ ৰচনা সম্ভাৰৰ কিছু কথা আলোচনাত আগবঢ়াম।

  কালিদাস হ’ল ভাৰতীয় সংস্কৃত সাহিত্যৰ অদ্বিতীয় কবি ও নাট্যকাৰ। কালিদাসক ভাৰতীয় শশেক্সপীয়েৰে আৰু ভাৰতীয় কাব্য জগতৰ প্ৰিন্স বা ৰাজ কুমাৰ বুলি অভিহিত কৰা হয়। তেওঁ বিৰচিত বিখ্যাত কাব্যগ্ৰন্থ হ’ল ক্ৰমে- ‘ঋতুসংহাৰ, মেঘদূতম, ৰঘূবংশম ও কুমাৰসম্ভৱম। লগতে তেওঁ ৰচিত বিখ্যাত নাটক হ’ল- মালবিকাগ্নিমিত্ৰম, বিক্ৰমোৰ্বশীয়  আৰু অভিজ্ঞান শকুন্তলম।

  সংস্কৃত ধ্ৰুপদী সাহিত্যৰ (ভাৰতীয় সাহিত্য) ধ্ৰুপদী কবি আৰু নাট্যকাৰ আছিল কালিদাস; সেইবাবেই কালিদাসক মহাকবি কালিদাস হিচাপে অভিহিত কৰে। কালিদাসক চতুৰ্থ-পঞ্চম শতাব্দীৰ কবি বুলি অনুমান কৰা হৈছে। তেওঁ গুপ্ত বংশৰ দ্বিতীয় চন্দ্ৰগুপ্তৰ সমকালীন। গুপ্ত যুগতেই কালিদাসৰ মহাপ্ৰয়াণ ঘটে।

   কালিদাসৰ ৰচনাৰাজি অনন্য। তেওঁ সংস্কৃত শ্লোকত এটা অনুপম মাত্ৰা প্ৰয়োগ কৰি গৈছে। তেওঁৰ সংস্কৃত লেখনশৈলী, শব্দচয়ন অত্যন্ত কাব্যধৰ্মী আৰু অতি উচ্চস্তৰীয় প্ৰকাশভংগী। সকলোৱে বুজি পোৱাকৈ সৰল উদাহৰণ এটাৰে তেওঁৰ প্ৰকাশভংগীৰ উপমা এটি তলত দিয়া হ’ল-

  ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ অন্য কবি পাৰিষদ সকল হেনো কালিদাসৰ প্ৰতি ঈৰ্ষান্বিত হৈছিল; কাৰণ, মহাকবি কালিদাসৰ শব্দচয়ন, বাক্যৰ বিন্যাস অন্য কবি সকলতকৈ উচ্চস্তৰীয় আছিল। সেই ঈৰ্ষণীয় লক্ষণটো ৰজা বিক্ৰমাদিত্যৰ চকুতো পৰিছিল।

  এদিন ৰজা বিক্ৰমাদিত্যই সকলো পাৰিষদ বৰ্গৰ আগত ওচৰতে থকা কাঠ এডোখৰ আঙুলিয়াই দেখুৱাই ক’লে- এই ডোখৰ কি? পাৰিষদ বৰ্গই একেস্বৰে উত্তৰ দিলে- ‘শুষ্কং কাষ্ঠং তিষ্ঠতি অগ্ৰে’। মানে শুকান কাঠ এডোখৰ আগত পৰি আছে।সেই একেটা বাক্যকে কালিদাসক কবলৈ কোৱাত তেওঁ ক-লে- “নিৰস তৰুবৰ পূৰত ভাগে।”

   ৰজা বিক্ৰমাদিত্য আৰু সভাসদ সকলক কালিদাসৰ প্ৰকাশ ভংগীয়ে বেছি আপ্লুত কৰিলে।

   সংস্কৃত বৈদিক সাহিত্যৰ কাব্য ৰচনা ৰ অনুপম শৈলী ৰামায়ণ মহাকাব্যৰ পৰাই পোৱা যায়। ৰামায়ণৰ পাছত মহাভাৰতৰ মহাকাব্যিক ধাৰাটো, মহাকবি কালিদাসৰ অনুপম কাব্যৰসলৈকে অব্যাহত থাকে। ইয়াৰ পাছৰ পৰ্য্যায়ত সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা ক্ৰমান্বয়ে কমি আহে আৰু ক্ৰমাগত ভাৱে হিন্দী অথবা প্ৰাকৃত ভাষা সাহিত্যলৈ পৰ্যৱসিত হয়।

  মহাকবি বাল্মিকীৰ আদি শ্লোক -

‘মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ

সমাঃ/যত ক্ৰৌঞ্চমিথুনাদেকমবধিঃ

কামমোহিতমঃ’ৰ পৰা সংস্কৃত সাহিত্যৰ আৰম্ভনি হৈ কালিদাসৰ ৰচনা সম্ভাৰেৰে সমৃদ্ধ সাহিত্য ৰাজিলৈ অব্যাহত থাকে যদিও পাছৰ পৰ্য্যায়ত হিন্দী সাহিত্যৰ কবি সাহিত্যিক সকলে ভাৰতীয় সাহিত্যৰ ধাৰাটো ৱৰ্তাই ৰাখি আহিছে।

   মহৰ্ষি বাল্মিকী, ব্যাসদেৱ, কালিদাস আদিৰ ওপৰিও ভাৰতীয় প্ৰাকৃত সাহিত্যৰ বিখ্যাত কবি সকলে ভাৰতীয় সাহিত্যৰ ভড়াল চহকী কৰি আহিছে। ইয়াৰ ভিতৰত কবিৰ দাস,তুলসী দাস, সুৰদাস, ৰামধাৰী সিং দিনকৰ, সুমিত্ৰা নন্দন পন্ত, মৈথিলী চৰণ গুপ্ত, সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা, মহাদেৱী বৰ্মা, হৰিবংশ ৰায় বচ্চন, জয় শংকৰ প্ৰসাদ ইত্যাদি বহু সংখ্যক কবি আছে, সকলোৰে নাম ল’লে তালিকাখন আৰু দীঘলীয়া হ’ব।

  তাৰোপৰি প্ৰখ্যাত উৰ্দু কবি আমিৰ খুশ্ৰু, মিৰ্জা গালিব, ইকবাল, কাইফি আজমি আদিয়ে ভাৰতীয় সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে।

 ভাৰতীয় প্ৰাকৃত সাহিত্যৰ বিখ্যাত উপন্যাসিক, গ্ৰন্থকাৰ সকল হল মুন্সি প্ৰেমচান্দ, সূৰ্যকান্ত ত্ৰিপাঠী, জয় শংকৰ প্ৰসাদ, ধৰমবীৰ ভাৰতী, মান্নু ভাণ্ডাৰী, নাগাৰ্জুন, অমৃতা প্ৰীতম, শৰৎ চন্দ্ৰ চট্টোপাধ্যায় তথা কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ। ইয়াৰোপৰি ভাৰতীয় আধুনিক উল্লেখনীয় গ্ৰন্থকাৰ সকল হ’ল - আৰ কে নাৰায়ণ, অৰুন্ধতী ৰায়, মুল্কৰাজ আনন্দ, চালমান ৰুছদি, ঝুম্পা লাহিৰী আদি।

    আধুনিক ভাৰতীয় নাট্যশাস্ত্ৰৰ উল্লেখনীয় নাট্যকাৰ বুলিলে ধৰ্মবীৰ ভাৰতী, গুৰুচৰণ দাস, গিৰিশ কাৰ্নাড, হবিব তনবীৰ আদিৰ নাম লব পাৰি।

  প্ৰাচীন ভাৰতীয় সাহিত্য অৰ্থাৎ বৈদিক সাহিত্যৰ পৰা উত্তৰ আধুনিক যুগলৈকে ভাৰতীয় সাহিত্যৰ ইতিহাস অতি ব্যাপক। হ’লেও কিছুমান বিশেষ নাম ভাৰতীয় সাহিত্য জগতত চিৰকালে ৰৈ বৈ থাকিব।

তাৰে ভিতৰত বাল্মিকী, বেদব্যাস, কালিদাস, তুলসীদাস, সুৰদাস, প্ৰেমচান্দ, ৰবীন্দ্ৰ নাথ ঠাকুৰ, মহাদেৱী বৰ্মা, ৰামধাৰী সিং দিনকৰ, হৰিবন্স ৰায় বচ্চন, মৈথিলী চৰণ গুপ্ত, আমিৰ খুশ্ৰু আৰু মিৰ্জা গালিব।

  অতি সম্প্ৰতি চিত্ৰ জগতৰ কবি গীতিকাৰ জাভেদ আখতাৰ, গুলজাৰ আদিৰ নামো ল’ব পৰা যায় যি ভাৰতীয় ধ্ৰুপদী সাহিত্যৰ ধাৰাবাহিকতা অব্যাহত ৰখাত অৰিহণা যোগাই আহিছে।

  পাশ্চাত্যৰ ইংৰাজী সাহিত্যত যেনেকৈ উইলিয়াম শ্ব্যেক্সপীয়েৰে তেওঁৰ অনুপম ৰচনাশৈলীৰে অমৰ কৃতি ৰাখি থৈ গৈছে ঠিক তেনেকৈ ভাৰতীয় প্ৰাকৃত সাহিত্যত মহাকবি কালিদাসে একেই কৃতি ৰাখি থৈ গৈছে। আনকি কালিদাসৰ অমৰ সৃষ্টি সমূহ শ্ব্যেক্সপিয়েৰতকৈ বহু যুগ আগৰ। কালিদাসৰ সৃষ্টি সমূহ চতুৰ্থ-পঞ্চম শতিকাৰ। বিপৰীতে শ্ব্যেক্সপীয়েৰে সৃষ্টি সমূহ ষোল্ল-সোতৰ শতিকাৰ। গতিকে কালিদাসক ভাৰতীয় সাহিত্যৰ শ্ব্যেক্সপীয়েৰ বুলি কোৱাতকৈ শ্ব্যেক্সপীয়েৰকহে ইংৰাজী সাহিত্যৰ কালিদাস বুলি কোৱাতো বেছি সমীচিন হ’ব।

   তুলনামূলক দৃষ্টিভংগীৰে চালে কালিদাসৰ অমৰ সৃষ্টি ৰঘূবংশম, কুমাৰসম্ভৱম, মেঘদূতম, অভিজ্ঞান শকুন্তলমৰ দৰে উচ্চস্তৰীয় সৃষ্টি হল শ্ব্যেক্সপীয়েৰৰ কিং লিয়েৰ, মেকবেথ, অথেলো, ৰোমিঅ এণ্ড জুলিয়েট, হেমলেট আদি। দুয়ো মহাৰথীৰ সৃষ্টিত অন্যন্য সুন্দৰ শব্দচয়ন, বাক্য বিন্যাসৰ লগতে কাব্যিক আভাই অহৰহ পঢ়ুৱৈক আপ্লুত কৰি ৰাখে। দুয়ো গৰাকী সাহিত্যিকৰ উচ্চস্তৰীয় সৃজনশীল প্ৰতিভা আৰু ৰচনা ৰাজিয়ে তেওঁলোকৰ ৰচনা সমূহ ধ্ৰুপদী সাহিত্যলৈ উন্নীত কৰাইছে। ইংৰাজী সাহিত্যৰ ক্লাচিক এপিক অথবা ভাৰতীয় প্ৰাকৃত (সংস্কৃত-হিন্দী) সাহিত্যৰ ধ্ৰুপদী কাব্য বুলি ক’লে প্ৰথমে মনলৈ অহা নামটোৱেই হ’ল শ্ব্যেক্সপীয়েৰ অথবা কালিদাস। ইয়াত কালিদাস শ্ব্যেক্সপীয়েৰতকৈ বহু শতিকা আগৰ। কাজেই ভাৰতীয় ধ্ৰুপদী সাহিত্য, ইংৰাজী সাহিত্যতকৈ অনেক কাল আগবঢ়া বুলি ক’ব পাৰি।

     ধ্ৰুপদী সাহিত্যৰ সৃষ্টি অতি বিৰল। সাহিত্য সৃষ্টিৰ বহু যুগৰ ব্যৱধানতহে তেনে সাহিত্যিক তথা সাহিত্যকৰ্মৰ উদ্ভৱ হয়।

   মহাকবি কালিদাস নিশ্চয়কৈ এগৰাকী সৰ্বকালৰ কবি, নাট্যকাৰ। তেওঁ অকল ভাৰতীয় ধ্ৰুপদী সাহিত্যৰেই জনক নহয় বৰঞ্চ বিশ্বৰ এগৰাকী অন্যতম প্ৰধান শ্ৰেষ্ঠ কবি নাট্যকাৰ, ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages