লৃগাঙৰ গাথা
কল্পনা দলে পাংগিং
উত্তৰ লখিমপুৰ
ৰিব্ৰিব কৈ বলিছে পছোৱা বতাহ
গুগগুণাই ক'লেহি ফাগুনৰ কথা ;
ফাগুনে বোকোচাত বান্ধি আনিছে
লৃগাঙৰ গাথা ;
জানিব খোজেনে
কঃনৗঙৰ বুকুত কিহৰ ব্যথা !
সকলো কয় লৃগাঙত
এঃগ আদৃনৰ কথা ;
কঃনৗঙৰ পিছে গুমৰাগৰহে চিন্তা ;
কাকনো কিমান ক'বা
লৃগাঙত খাই পোৰাং আপিন আৰু পঃৰ আপঙৰ স'তে
ঙচান অঙঅঃ আৰু আদা ধনিয়া জলকীয়া পিচা ৷
(সকলো লৃগাং প্ৰেমীৰ হাতত ৷ আলি আঃয়ে লৃগাং অৃৰ্ৰই ! মিচিং দৃৰবৃ অৃৰ্ৰই ! )
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment