লৃগাঙলৈ প্ৰণাম
হেমেন হাজৰিকা
বুধবাৰৰ এটি শুভ ক্ষণত
মদাৰ আৰু শিমলু
নৌফুলুতেই আৰম্ভ হয়
ফাগুনৰ পলাশ ৰঙী বতৰত
আলি আঃয়ে লৃগাং।
প্ৰকৃতিয়ে নিজক সজোৱাৰ
যো জা কৰোঁতেই
আৰম্ভ হয়
জীৱন আৰু জীৱীকাৰ
মন উতলোৱা গান।
তৰা পাতৰ পিয়লাত
এপিয়লা ক’লা সুৰাৰ মদিৰা
আহ: কি মতলীয়া সোৱাদ।
কৃষিৰ মঙ্গলময় জীৱনৰ প্ৰাৰ্থনা
আলি আঃয়ে লৃগাং।
ভোজৰ বাবে পুৰাং আপিন
পাহৰিব নোৱাৰা স্বাদ।
এইবাৰ লৃগাঙত লৗ:নং বাজিব
গুমৰাগ নাচিব
লৃগাঙৰ কোব দুগুণে চৰিব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment