অবুজ বেদনা
বিধান গগৈ
ভটিয়াপাৰ, শিৱসাগৰ
“মা” মোক আৰু মৰম নকৰিবা,
বুকু খন বৰকৈ বিষাইছে।
ছটফটাই ফুৰিছে তোমাৰ এষাৰ কথালৈ,,,,,
সঁচা কৈয়ে কিয় আজি মোৰ
এনে লাগিছে “মা”....
জীৱনৰ ৰং বোৰ যেন
এজাক ধুমুহাই ভাঙি লৈ গ’ল।
তথাপি আজিও চিত ব্যাকুল হৈ জীৱনৰ ৰং বোৰে ৰৈ আছে সমাধিস্থলীত…..
তোমাৰ কথাষাৰলৈ।
এনে এদিন আহিব,
মই যাবই লাগিব,
এবুকু আশা ব্যাকুল,
অবুজ বেদনা লৈ।
জীৱনৰ ৰং যিদিনা শেষ হ’ব
মোক জানো কোনোবাই দেখিব?
আপোন সকলৰ লোতকৰে
মোক সাগৰলৈ বোৱাই নিব।
মোক আদৰ কৰিবলৈ
হয়তো কোনো নাথাকিব।
মোলৈ জানো কাৰোবাৰ মনত পৰিব?
মই চায় চায় হাঁহিম
গগন ফালি মাতিম
মাতিলে জানো মোৰ মাত বুজিব
হয়তো মোক বুজিবলৈ
কাৰোৱেই সময় নোলাব।
বুজি পালোঁ আৰু সপোন সুন্দৰ
বুজি পালোঁ ভালপোৱা সঁচাই সুন্দৰ
কিন্তু আন্তৰিকতা বিহীন ভালপোৱা কেতিয়াও স্মৃতি নহয়।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment