পুৰণি বাট
আগমনি ফুকন শইকীয়া
মুম্বাই, মহাৰাষ্ট্ৰ
বাটটো সৰু আৰু পুৰণি আছিল
তথাপিও পৰিষ্কাৰ আছিল
খলা-বমা নাছিল
বাটটো সৰু আছিল
দুখন গাড়ী একেলগে পাৰহৈ যাব নোৱাৰিছিল
তথাপিও ভাল আছিল
অকাল মৰণে হাত বুলোৱা নাছিল
দনহাই নহৈছিল
বাটটো সৰু আছিল
বাটৰ দাঁতিয়েদি দুখন অৰণ্য একেলগে গৈ আছিল
ভেদাভেদ নাছিল
হেমগেম নাছিল
বাটটো সৰু আছিল
কেঁচা মাটিৰ আছিল
নিমজ আছিল
বাটটো সৰু আছিল
সুখী আছিল
বাটটো এদিন পকী হ’ল
ডাঙৰ হ’ল
কিন্তু
সুখবোৰ অকলশৰীয়া হ’ল…
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment