জোনাকৰ বাটেৰে
বিজু বৈদ্য
নগাঁও
সেই জোনাক নিশা
কি যে শোভা লাগিছে
তোমাৰ মুখ খনি
সপোন কুৱৰীৰ দৰে মুগ্ধকৰ।
সমীৰৰ পৰশ লাগি
শৰতৰ জোনাকেও
গোপনে খেলিছে আজি
তুমি অহাৰ বাবেই।
অচিনাকি তৰাটিও
আজি তোমাৰ মুখ খনি
চাই চাই চঞ্চলা হৈ পৰিছে।
শীতল মলয়া বতাহ চাতিয়ে
তোমাৰেই বতৰা লৈ আহিছে।
আকাশৰ বুকুত শুকুলা মেঘে
খেলাৰ যেন মেলাহে পাতিছে।
জোনাকে উপচি পৰা মনত
তোমাৰ খবৰ কঢ়িয়াই
শৰতৰ যেন আজি
টোপনি ভাগি পৰিছে।
কঁপালেদি বৈ অহা আউলি বাউলি
চুলিৰ অলকাৰে তোমাৰ মুখ খনি
বৰকৈয়ে শোভা পাইছে।
কি যে অপৰূপা, কি যে বিনন্দীয়া
তোমাৰ নয়ন দুটি
চালে চকুৰুৱা হৈ পৰিছে।
শৰতৰ বতৰা লৈ
জোনাকৰ বাটেৰে
আকৌ এদিন আহিবা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment