ফাগুনত বিৰিখৰ ধৰ্ণা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

ফাগুনত বিৰিখৰ ধৰ্ণা

 

ফাগুনত বিৰিখৰ ধৰ্ণা


                                        সত্যজিৎ গগৈ

                                 জখলাবন্ধা, নগাঁও


ফাগুনৰ শুকান ধূলি

আৰু সৰাপাত বোৰে

সেউজীয়া জীৱন এটা বিচাৰি

সমবেত হয় ৰাজপথত।


সিঁহতৰ দাবী বসন্ত

কাৰণ ৰুক্ষ ৰঙা ফাগুনে

তোমাৰ মোৰ দৰেই

জীৱনবোৰ সঁজাই তোলে নতুনকৈ।


লঠঙা ডালবোৰে ধৰ্ণা দিয়ে

বিচাৰি সেউজীয়া চোতাল

য'ত সৃষ্টি হয় নতুনৰ

য'ত পোৱা যায় নিৰ্মল উশাহ

জীৱনটো জীয়াই থকাৰ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages