চোলা
প্ৰশান্ত কুমাৰ দাস
সৌন্দৰ্যৰ আবেগত চোলাবোৰ ওলমি আছে,
দেওবৰীয়া হাঁতৰ পৰা
শ্বপিংমল বোৰলৈ।
চোলাবোৰৰোঁ দুখ আছে,
ডাঙৰ হোৱাৰ হেপাহত
চকুপানী বোৱাই
চিতাগ্নিৰ তৃষ্ণা দূৰ কৰাৰ।
সিহঁতেও স্ফুৰ্টি কৰে,
উচৱৰ মেলাত
বিষণ্নতা দূৰ কৰিবলৈ।
চোলাবোৰৰ তাগিদাত
আমি কেতিয়াবা হৈ পৰো
ৰঙা
নীলা
সেউজীয়া
কলা
বগা…..।
চোলাবোৰেও অভিনয় কৰে
সলনি হয় ৰং
গাৰ ঘামত,
আইতাৰ জথলা মুখৰ
তামোল মোকাৰ পিকত,
আঠিয়া কলৰ এঠাৰ দাগত,
বন্দুকৰ গুলিত চিতিকি পৰা
কেচা তেজৰ চেকুৰা,
গাড়ী মটৰৰ ধোৱাত।
মোৰো মন যায়!
মেঘৰ বুকুলৈ গৈ চোলা হবলৈ
পানীৰ চোলা
শিলৰ চোলা
ফুলৰ চোলা…..!
আকাশেও সলায় চোলা
কহুৱা শুকুলা
কাজল কলা
সাগৰ নীলা…..।
বেলিটোৱেও সলায় পুৱা গধুলি
গমকে নাপায় কেতিয়া পিন্ধে মেঘৰ চোলা
নৈ খনেও পিন্ধে কেতিয়াবা
ঘোলা চোলা
যিদৰে পাহাৰ খনে
শিলবোৰে
জন্তুবোৰে
চৰাইবোৰে পিন্ধে চোলা।
মইও এটা চোলা পিন্ধিছিলোঁ
পিতাইৰ ঘামৰ বেজীৰে,
আইৰ তেজৰ সুতাৰে
দহমাহ দহ দিনে সিয়া চোলাটো,
মই সলাও বুলিও সলাব নোৱাৰোঁ,
লিপিত খাই থাকে কলিজাত।
সেই বাবে আমি পিন্ধি লও
চোলাৰ ওঁপৰত চোলা।
খুলি দিলে ওলায় পৰে
আত্মাৰ আৱৰণ ফালি
অনেক বাসনা,
জীৱন নাটৰ ভাওৰীয়া
চোলাৰ ওপৰৰ চোলা
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment