অসমৰ আন এখন পৰিস্কাৰ গাওঁ খাছিয়াপুঞ্জী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

অসমৰ আন এখন পৰিস্কাৰ গাওঁ খাছিয়াপুঞ্জী

 


অসমৰ আন এখন পৰিস্কাৰ গাওঁ খাছিয়াপুঞ্জী


নৱজ্যোতি বৰা


   সমীয়াত এষাৰ কথা আছে - “যিমানে ফুৰিবা, সিমানে শিকিবা।” কথাষাৰৰ সত্যতা একেবাৰে নুই কৰিব নোৱাৰি। ফুৰিলে চাকিলে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠিৰ নানা ভাৱ-ভাষা, সাহিত্য-সংষ্কৃতি, বিভিন্ন ৰীতি-নীতিৰ বিষয়ে একে বাৰে তেওঁলোকৰ ওচৰৰ পৰা জানিব পাৰি । মাঘ বিহুৰ উৰুকাৰ দিনা ৰাতিপুৱাৰ কোমল ৰ’দজাকৰ ওম লৈ লৈ আমি নগাওঁ জিলাৰ কলিয়াবৰ আৰু কাৰ্বি আংলং সীমামূৰীয়াতে লাগি থকা এখন পৰিস্কাৰ গাওঁ চাৱৰ বাবে মোৰ লগতে দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক ডিম্পুৰ কুমাৰ চুতীয়া আৰু আমাৰেই সংবাদ দাতা বেবেজীয়াৰ ৰূপম নাথ সৈতে আমি ঘৰৰ পৰা উলাই গলো খাছিয়াপুঞ্জীলৈ বুলি। নগাওঁ চহৰৰ পৰা খাছিয়াপুঞ্জীলৈ দূৰত্ব ৬০ কিলোমিটাৰ। খাছিয়াপুঞ্জীলৈ যাৱলৈ হ’লে পোন প্ৰথমে আমি নগাওঁ চহৰৰ পৰা আমনি নামৰ ঠাইকন পাৱ লাগিৱ । আমনিতে থকা আৰ্মি কেম্পৰ কাষেৰে সোঁহাতে (তেজপুৰ-যোৰহাতৰ পৰা আহিলে ৰাষ্টাৰ বাওঁ হাতে) সোমাই শালনা বাগানৰ সুন্দৰ মনোমোহা প্ৰকৃতিক পৰিৱেশ উপভোগ কৰি কৰি ২২ কিলোমিটাৰ মান আগবাঢ়ি গ’লেই পাৱ পাৰি কালিভেটি নামৰ ঠাইকণ। সেই কালিভেটি গাতে পাহাৰৰ টিলাত অৱস্থিত এই সুন্দৰ পৰিস্কাৰ গাওঁ খন। গাওঁখন আমাৰ সমভূমিৰ পৰা ৮০০ ফুট মান উপৰৰ পৰাই আৰাম্ভ হৈছে আৰু এই গাওঁখনত কেৱল খাছিয়া সম্প্ৰদায়ৰ লোকসকল বস-ৱাস কৰে । সেই বাৱে গাওঁখনৰ নাম ৰখা হল খাছিয়াপুঞ্জী। খাছিয়াত পুঞ্জীৰ শব্দ অৰ্থ হ’ল গাওঁ।

   খাছিয়াপুঞ্জী গাওঁখন পূৰ্ব কাৰ্বি আংলঙত পোন প্ৰথমে স্থাপন হৈছিল ১৮৬২ চনত। তেতিয়া কালিভেটি কাষতে লাগি থকা উখ টিলাটোত  জাতা ৰূপসী, হলি ৰূপসী আৰু টামন ফাৱা’ই টিলাটোত পান খেতি কৰাৰ উপযুক্ত ঠাই হ’ব পাৰে বুলি ভাবি ইয়াত প্ৰথমে পান খেতি কৰিব ধৰিলে। পান খেতি কৰাৰ পাছত ইয়াত পান খেতি বৰ সুন্দৰ ভাবে হ’ব ধৰৰিলে । খাছিয়া সকলৰ এক লক্ষন আছিল যে য’ত পান খেতি কৰাৰ বাবে উপযুক্ত মাটি বিছাৰি পায় তাতে তেওঁলোকে পান খেতি কৰাৰ লগতে পিছলৈ তেওঁলোকৰ সুবিধাৰ বাবে ইয়াতে থাকিবলৈ লয়। খাছি সকলৰ পান খেতিকে তেওঁলোকে নিজৰ জীৱন-জিৱীকা হিচাপে সৰ্ব্ব প্ৰথম অগ্ৰাধিকাৰ দিয়ে । সেই তাহানিতে এই ঠাইলৈ শিলচৰৰ পৰা জাতা ৰূপসী, হলি ৰূপসী আৰু টামন ফাৱা’ই পান খেতিৰ বাবে ইয়ালৈ আহিছিল আৰু তেওঁলোকে কালিভেটি গাওঁ প্ৰধানৰ অনুমতি সাপেক্ষে এই  উখ টিলাটোত গাওঁ পাতি থাকিবলৈ লয়। যেতিয়া তেওঁলোকে ইয়াত পান খেতি আৰম্ভ কৰিছিল তেতিয়া পানে সকলো ফালে নদন-বদন হৈ পৰিছিল আৰু তেওঁলোকে ভাবিছিল ভগৱানে পান খেতিৰ উপৰ সু-কৃপাদৃষ্টি দিয়াৰ ফলত পান খেতি সুন্দৰ হৈছে। সেই তেতিয়াৰে পৰা সেই উখ টিলাটোতে তেওঁলোকে খেতি কৰাৰ লগতে বসবাসো কৰিব ধৰিলে। কালিভেটিৰ এই উখ টিলাটোত অকল শিলচৰৰ পৰা অহা খাছিয়া সকলে বসবাস কৰাই নহয় ইয়াত মেঘালয়, হালাকান্দী, কৰিমগঞ্জ পৰা খাছিয়া সকলো আহি পান খেতি কৰাৰ লগতে ইয়াতে স্থায়ী ভাৱে থাকিবলৈ ধৰিলে। এনেকৈয়ে এঘৰ দুঘৰকৈ আহি আহি বৰ্তমান সময় খাছিয়াপুঞ্জীত মানুহৰ ঘৰৰ সংখ্যা ১২১ ঘৰ হলগৈ আৰু মানুহৰ সংখ্যা হলগৈ ৬৫০ জন । খাছিয়াপুঞ্জীত প্ৰথমে পান খেতি কৰিছিল যদিওঁ পিছলৈ পান খেতিৰ লগতে তামোলৰ খেতিও কৰিব ধৰিলে । কাৰখ ১৯৯২-৯৩ চন মানত পান খেতিত বেমাৰ লগাত পান বোৰ মৰিব ধৰাত তেতিয়া তেওঁলোকে নিজৰ জীবিকাৰ বাবে পানৰ পাছতে আদা তথা তামোল খেতি কৰিবলৈ ললে। এতিয়া খাছিয়াপুঞ্জীৰ লোক সকলৰ প্ৰধান জীবিকা হ’ল পান, আদা আৰু তামোল। বৰ্তমান সময়ত অকল পান, তামোলৰ উপৰতে নিৰ্ভয় নকৰি খাছিয়াপুঞ্জীৰ লোকসকলে আজি-- জালুক’ৰ খেতি, আনাৰসৰ খেতি, চাহ বাগান, ক’ল, কচু, আদা, ৰৱৰ বাগান, কমলা, ৰঙালাওঁ, ফুল ঝডু ইত্যাদি নানা ধৰনৰ খেতি কৰি অসমৰ বজাৰ দখল কৰিব ধৰিছে ।

    খাছিয়াপুঞ্জী খন অকল পান, তামোল, আদা, কচু’ৰ কাৰণে বিখ্যাত নহয়। নগাওঁ-কাৰ্বি আংলং’ৰ সিমাত থকা এখন পৰিষ্কাৰ গাওঁ হিচাপেও বিখ্যাত । এই খাছিয়াপুঞ্জীৰ যি ফালে নাচাউক কিয় সেই ফালেই পৰিষ্কাৰ দেখিব। গাওঁখনত শাৰি শাৰি কৈ ৰুপন কৰা পান তামোলৰ গছবোৰে যেন আদৰণি জনাই সকলোকে এই গাওঁলৈ। প্ৰথম অৱস্থাত কিন্ত এই গাওঁখন  ইমান পৰিষ্কাৰ নাছিল। পিছলৈ এই খাছিয়াপুঞ্জী পৰিষ্কাৰ হোৱা এক কাহানি আছে। ১৯৯৬-৯৭ মানৰ পৰা ২০০০ চনৰ ভিতৰত খাছিয়াপুঞ্জী গাওঁখনত মেলেৰিয়া বেমাৰে দেখা দিছিল। এই বেমাৰে গাওঁখনৰ প্ৰায় বোৰ মানুহক গ্ৰাস কৰাৰ লগতে মেলেৰিয়াৰ ফলত গাৱঁৰে আঠ-ন জন মানুহৰ মৃত্য হৈছিল । তেতিয়া গাওঁখনৰ সকলো মানুহে মিলি এক আলোচনা কৰিলে যে এই বেমাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি । সেই আলোচনাতে তেওঁলোকে এক সিদ্ধান্ত কৰিলে যে মেলেৰিয়া বেমাৰৰ পৰা হাত সাৰিব হ’লে আমাৰ ঠাই বোৰ পৰিষ্কাৰ হ'ব লাগিৱ আৰু তেতিয়াৰে পৰা গাৱঁৰ সকলো মিলি গাওঁখনক পৰিষ্কাৰ কৰিব ধৰিলে। আনকি খোলা লেট্ৰিনবোৰো তেওঁলোকে সুন্দৰ ভাবে বনোৱাৰ উপৰিও সেইবোৰ ধাকোন দিয়াৰ ব্যৱস্থা কৰিলে। ফলত লাহে লাহে খাছিয়াপুঞ্জীৰ পৰা মেলেৰিয়া বেমাৰ নাইকিয়া হৈ আহিল কিন্ত সেই তাহানিৰ ব্যৱস্থা আজিও গাওঁখনত বাহল থাকিল। এতিয়া গাওঁখনৰ ৰাস্তাতে ফু মাৰি ভাত খাৱ পৰা হোৱাৰ লগতে ইয়াৰ ঘৰবোৰো বৰ সুন্দৰ ভাবে বনোৱা হৈছে। গাওঁখনত সকলো কাম গাওঁবুঢ়াৰ (বৰ্তমান সময়ত গাওঁ প্ৰধান) তত্বাবধান কৰা হয়। এতিয়া সপ্তাহত এটা দিন গাওঁখন ছাফ-চিকুন কৰাৰ এক নিয়ম আছে । গাওঁখন ছাফ-চিকুনত গাৱঁৰ মহিলা সকলে প্ৰধানকৈ আগভাগ লোৱাৰ লগতে পুৰুষ সকলেও মহিলা সকলক সহায় কৰে। এতিয়া খাছিয়াপুঞ্জীৰ যি ফালে চকু নিদিয়ক কিয় সেই ফালে পৰিস্কাৰ হৈ থকা আমাৰ সকলোৰে চকুত পৰিল। খাছিয়াপুঞ্জীৰ আন এক বিসেষত্ব হ’ল এই গাওঁত  পৰিথিন জাতিয় সামগ্ৰী নিষিদ্ধ। যি‌সময় আমাৰ গাওঁবোৰত মদ, ভাংঙ, ডা'ছ জাতিয় বস্তবোৰে উঠি অহা নতুন প্ৰজন্মক এফালৰ পৰা গ্ৰাস কৰি ধংঙ্খৰ পথলৈ লৈ গৈ আছে থিক সেইখিনি সময়তে খাছিয়াপুঞ্জীত মাদৱ দব্য সম্পূৰ্ণভাৱে নিষিদ্ধ হৈ আহিছে ।

  খাছিয়াপুঞ্জীত খোৱা পানী আজিৰ সময়তো প্ৰকৃতিক ভাৱে বৈ আহা জলপ্ৰপাতৰ পৰা পাইপৰ সহায়ত ঘৰে ঘৰে যোগান ধৰি আহিছে। খাছিয়াপুঞ্জীত আগতে  পৰ্যটক সকলক বিনা অনুমতিত গাৱঁত প্ৰৱেষ কৰিব দিয়াৰ লগতে বনভোজো খাৱলৈ দিয়া হৈছিল। কিন্তু সময়ৰ লগে লগে পৰ্যটক সকলে ঠাইবোৰ লেতেৰা কৰাৰ লগতে তেওঁলোকে বনভোজ খাৱলৈ ব্যৱহাৰ কৰা বস্তবোৰ যতে ততে পেলোৱাৰ লগতে গাওঁখনত ব্যৱহাৰ হোৱা জলপ্ৰপাত পানীত পিলাষ্টিকৰ বতল পেলোৱাৰ উপৰিও বিভিন্ন অ-লাগতিয়াল বস্তু পেলাই পানী দূষিত কৰাৰ কাৰনে গাওঁ বাষিয়ে কথাটো আলোচনা কৰি বনভোজ খোৱাত বাধা দিয়াৰ লগতে খাছিয়াপুঞ্জীত বিনা অনুমতিত প্ৰৱেষ কৰিলে আইনি ব্যৱস্থা লোৱাৰ এক নিয়ক কৰা হ’ল । তেতিয়াৰে পৰা খাছিয়াপুঞ্জীত অনুমতি লৈহে গাওঁত প্ৰৱেষ কৰিব পাৰি। অনুমতি ল’বৰ বাবে খাছিয়াপুঞ্জীৰ গাওঁ প্ৰধানৰ লগত যোগাযোগ কৰিব পাৰিব। তেখেতৰ যোগাযোগ নম্বৰ হ’ল– ৮৬৩৮৫৪১৭১২ অথৱা গাওঁ প্ৰধানৰ ভাগিনৰ লগতো যোগাযোগ কৰিব পাৰি। তেওঁৰ নম্বৰ হ’ল– ৬০০০৫৯৪৩৮৩। এই নম্বৰত যোগাযোগ কৰি গাওঁত প্ৰৱেশ কৰিব পাৰি। খাছিয়াপুঞ্জীত খন চাবলৈ গাওঁ প্ৰধানে নিজে প্ৰৰ্যটক সকলৰ লগত গৈ সকলো দেখোৱাই । যদি গাওঁ প্ৰধান নাথাকে তেতিয়া তেখেতে গাৱঁৰ কোনো মানুহক লগাই পৰ্যটক সকলক গাওঁখন চোৱাত সহায় কৰি দিয়ে ।

   খাছিয়াপুঞ্জীত গাওঁ প্ৰধান সকলোৱে মানি চলে। এই গাৱঁত জয়ন্তিয়া, খাছি, ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাৰ প্ৰচলন আছে। খাছিয়াপুঞ্জীৰ গাওঁ প্ৰধানৰ নাম- গ্লাষ্টাৰৱেল টাইৰংগাই। তেওঁ ২০০৭ চনৰ পৰাই খাছিয়াপুঞ্জীৰ গাওঁ প্ৰধানৰ দায়িত্বত আছে। খাছিয়াপুঞ্জীত গাওঁখনত ২০১১ চনৰ পৰা সকলোবোৰ ঘৰতে বিদুৎত যোগান ধৰা হৈছে।  খাচিয়া সকল খ্ৰীষ্টান ধৰ্মীয় লোক হোৱাৰ বাবে গাওঁখনত  সুন্দৰ গীজা ঘৰো আছে । এই গীজা ঘৰত বৃহস্পতিবাৰটো বাদ দি সকলোকিতা বাৰতে ৬.৩০ বজাৰ পৰা প্ৰাৰ্থনা  কৰা হয় আৰু এই প্ৰাৰ্থনাত গাৱঁৰ সকলোৱে গীজাত ভাগ লয়। বৃহস্পতিবাৰে তেওঁলোকে গাৱঁৰ বিভিন্ন কথাক লৈ এক আলোচনা মিলিত হয় বাৱে সেই দিনটোত গীজাৰ প্ৰাৰ্থনাৰ পৰা বিৰত থাকে। শিক্ষাৰ ক্ষেএত খাছিয়াপুঞ্জী আজি বহুত উন্নত হৈছে। ইয়াত শিক্ষা ব্যৱস্থা মাধ্যম হৈছে ইংৰাজী। খাছিয়াপুঞ্জীত উৎপাদিত আদা পশ্চিম বংগ, দিল্লী আদি ঠাইলৈ ৰপ্তানি কৰা হয়। খাছিয়াপুঞ্জীৰ গাতে লাগি থকা কালিভেতিৰ হালোং লাংচু নামৰ ঠাইকনত বৃহস্পতিবাৰ আৰু শনিবাৰে সাপ্তাহিক বজাৰ বহে। এই বজাৰলৈ পাহাৰৰ উখ টিলাৰ পৰা নানান ধৰনৰ বস্তবোৰ গাধৰ পিঠিত বোজাই কৰি বজাৰলৈ বেছিবলৈ অনা হয়। খাছিয়াপুঞ্জী এতিয়া অসমৰ আন এক পৰিষ্কাৰ গাওঁ হিচাপে পৰিচিত হোৱাৰ লগতে অনাগত দিনত পৰ্যটক এক নতুন ঠাই চোৱাৰ মানসেৰে ই অসমৰ মান চিএত নতুন পৰিষ্কাৰ ঠাই হিচাবে উজ্বলি উঠিব।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages