প্ৰহৰৰ প্ৰহৰী
উজ্জ্বল স্মৰণ দত্ত
মিঠা কথাৰে নভৰে মুখ
দেখিলেই লেখি
সাত সদাগৰি ৰখে
ৰখীয়া হৈ ভেটি
মাতৰ মাত থাকিলেহে কুল
জাগি শুৱা বাচি খাবা
দেখাক দেখি
জাগিলেই জাগে
চেকনি কোবোৱা
যুঁজ এখন যুঁজে
ঢোলৰ লগত টেমেকা বাজে
তল পুতল মেলে
কেকোঁৰাৰ দৰে খোলে
তাৰ দাই তাক কাটে
তাৰ হিলৈ তাকে মাৰে
নিনাদিত সহস্ৰ নিনাদ
গুঞ্জৰিত কৰ্ণকুহৰত
তেজে ধুৱা প্ৰহৰৰ
বটৰ প্ৰহৰী হৈ ৰয় বাট
নৱ উন্মাদ
নৱ উন্মেষ
দিনবোৰ উকলে
সামৰাক কালে সামৰে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment