ব’হাগ
ডাঃ চন্দনা মেধি দাস
গুৱাহাটী
ব’হাগ মানেই ৰঙৰ একাঁজলি
কুলি-কেতেকীৰ কূজন কাকলি
বিৰিখে বিৰিখে সেউজ ন-কুঁহি
ডেউকা মেলি উৰা মন পখি।
ব’হাগ মানেই ৰঙালী বিহুটি
তাঁতপাটত মাকোৰ খিট্খিটনি
বিহুৱা ডেকাৰ হাতৰ ছেওত
ঢোলৰ গুম্গুমনি,
পেঁপাৰ টিহিটি।
ব’হাগ মানেই কপৌ, তগৰৰ সুগন্ধি
গাভৰুৰ নেঘেৰি খোপাৰ লগৰী
গোন্ধে আমোলমোল হিয়াৰ বাকৰি
প্ৰিয়জনৰ ডিঙিত ফুলাম বিহুৱানখনি।
ব’হাগ মানেই ৰঙৰ ভোগজৰা এটি
বুকুৱে বুকুৱে সিঁচি দিয়া প্ৰেমৰ প্ৰতিশ্ৰুতি
মূৰৰ চুলি ছিঙি দিয়া আশীৰ্বাদৰ
জাউতি যুগীয়া পৰম্পৰাৰ সুঁতি।
ব’হাগ মানেই চকুৱে-মুখে সিঁচৰতি হাঁহি
অসমীয়া সংস্কৃতিৰ দুৱাৰ-ডলি
বাপতি সাহোন ৰঙালী বিহুটি
দেশে দেশে, প্ৰান্তে প্ৰান্তে আজি
অসমীয়া জাতিৰ উৰিছে ধ্বজা
জিলিকি জিলিকি আকাশলংঘী।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment