ফাগুন সৰাপাতত লিখা এক জীপাল ঠিকনা - Doksiri

Post Top Ad

Wednesday, April 30, 2025

demo-image

ফাগুন সৰাপাতত লিখা এক জীপাল ঠিকনা

Responsive Ads Here

 

valentines-day-background-1776746_1280

ফাগুন সৰাপাতত লিখা এক জীপাল ঠিকনা


বলিন বৰদলৈ 

আলামি, গোলাঘাট 


শীতৰ হাড়কঁপোৱা জাৰক বিদায় 

জনাই গ্ৰীষ্মৰ উমাল স্পৰ্শই

আদৰি আনে ধৰাৰ বুকুলৈ ফাগুনক।

বাটৰুৱা ষোড়শীৰ বুকুৰ আঁচল উৰুৱাই 

বলিয়া দুষ্ট পছোৱাজাকে খিলখিলকৈ হাঁহে।

উন্মনা কৰে ডেকা-গাভৰুৰ মন হৃদয় 

ধূলিৰে ধূসৰিত ধৰা 

ৰিক্ততা আৰু শূন্যতাৰ মাজতো -

ফাগুনৰ প্ৰথমজাক বৰষুণত কেঁচামাটিৰ 

গোন্ধই আমোলমোল এটি ভৰুণ সপোন 

তৃষ্ণাতুৰ প্ৰেমিক পৃথিৱীক জীপাল কৰাৰ আশা 

হেটুলুকা চৰাইজনীৰ কাকলিৰে কল্লোলিত মনপ্ৰাণ। প্ৰেমৰ আবিৰসনা যৌৱন সাহসী গান  

তথাপিও কও শুনা বন্ধু, ফাগুনৰ অলেখ 

বদনাম দুষ্ট, বলিয়া ফাগুন 

পছোৱাই আহি কাণে কাণে কৈ যায় 

ফাগুন যেন সৰাপাতত লিখা 

প্ৰেমৰ এক ৰঙীন জীপাল ঠিকনা

ধূলি ধূসৰিত পৃথিৱীৰ।


Doksiri দকচিৰি, মে, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Pages