সংগ্রাম
লহৰজ্যোতি মৰাণ
অসমজ্যোতি এজন সৰু গাঁৱৰ সাধাৰণ ল’ৰা। তেওঁৰ শিক্ষাৰ ল’ৰালি কাল আৰম্ভ হৈছিল আইৰ কোলাতে। মাকৰ মুখৰ পৰা শুনা বেদনা-মধুৰ গল্পবোৰে, গাঁৱৰ জীপ-জীৱন, আৰু নিঃস্বাৰ্থ মৰমেৰে গঢ় দিছিল তেওঁৰ মনৰ প্ৰথম খৰচি।
অঙ্গনবাদীত সৰু-সুৰা ছবি আঁকি আৰম্ভ হৈছিল তেওঁৰ পাঠশালা। তাৰ পিছত গাঁৱৰ পৰা দুই কি:মি নিলগত থকা কাকপথাৰ উঃমাঃ বিদ্যালয়লৈ যাত্ৰা – তাতে তেওঁ ভালকৈ আখৰ চিনিবলৈ শিকিলে, পদ্য ক’বলৈ শিকিলে। বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ যাত্ৰা হ’ল এটি নতুন অধ্যায়ৰ আৰম্ভণি।
গাঁৱৰ পৰিৱেশ এৰি ৰূপাই চহৰৰ ভিতৰত থকা এখন আগশাৰীৰ ডুমডুমা মহাবিদ্যালয়ত ভৰি দিলে। সেয়া আছিল এক সম্পূৰ্ণ নতুন পৃথিৱী – নতুন মানুহ, নতুন চিন্তাধাৰা, নতুন অভিজ্ঞতা। তেতিয়াৰে পৰা অসমজ্যোতিয়ে চোৱা আৰম্ভ কৰিলে নিজকে। অসমীয়া বিষয়ত অনার্স লৈ পঢ়া তেওঁক সাহিত্যময় পৃথিবীলৈ আনি পেলালে। ভাষাৰ সৌন্দৰ্য, শব্দৰ মাধুৰ্য, আৰু ভাৱৰ গভীৰতা তেওঁৰ ভিতৰৰ কলাত্মাকে জগাই তুলিলে।
লাহে লাহে মনত সুমুৱাই থকা কথাবোৰ কবিতাৰ, গল্পৰ, প্ৰবন্ধৰ ৰূপ লৈ কাগজত ওলাবলৈ ধৰিলে। লেখনীৰ জৰিয়তে তেওঁ নিজৰ অন্তৰজগত উজাৰি দিবলৈ শিকিলে। শব্দৰ মাজত নিজৰ চিন্তাৰ জ্যোতি দিছিল—এটা অসমাপ্ত আশা, এটি অনুসন্ধান।
সকল বন্ধু আগবাঢ়ি গৈ নিজৰ নিজৰ পথত সফলতা বিচাৰিলে। অসমজ্যোতি থমকি ৰ'ল, কেতিয়াবা ক্লান্ত, কেতিয়াবা হতাশ। কিন্তু তেওঁ বুজি পালেগৈ—জীৱনৰ আটাইতকৈ ডাঙৰ যুঁজ হ’ল নিজৰ সৈতে কৰা যুঁজ। এই যুঁজ প্ৰতিযোগিতাৰ নহয়, এইটো হ’ল নিজকে চিনাৰ, নিজকে গঢ়ি তোলাৰ, আৰু নিজকে মৰম কৰাৰ সংগ্রাম।
অসমজ্যোতি এতিয়া সেই সংগ্রামৰ মাজতে—এজাক পৰুৱাৰ দৰে বিৰতিহীনভাৱে নিজৰ অসম্পূর্ণতাক সম্পূৰ্ণ কৰাৰ চেষ্টা কৰি আছে। তেওঁৰ কলমই তেওঁৰ সাহস, তেওঁৰ কল্পনাই তেওঁৰ পথবাতি।
সেয়েহে তেওঁৰ স্বপ্ন নামটো গুৰুত্ব আছে—অসমজ্যোতি, কাৰণ তেওঁ একেবাৰে সমান হৈ উঠিব পৰা নাছিল, কিন্তু তেওঁৰ ভিতৰৰ জ্যোতিয়ে সদায় জ্বলি আছিল।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment