কাৰপুমপুলি গাঁৱৰ মিকচি
অমল দাৱ
বোকাখাত
ৰান্ধনী বেলিটোৱে লাহেকৈ গছৰ আঁৰ ল’লে।
কাৰপু্মপুলি গাঁওখনো য়ামেংহঁতৰ উঁই উইঁকৈ দীঘলীয়া চিঞৰ দুটামানৰ পিছতে নিজম পৰিল।
চাংঘৰৰ মৌৰামত য়াকাচিৰ জুইৰ পাক।
কাৰদুগে বিমৰ্ষ মনেৰে মৌৰামৰ কাষতে বহিলহি।
য়াকাচিয়ে তাৰ মুখলৈ এনেই এবাৰ নিৰিক্ষন কৰি আপং এবাতি আগবঢ়াই দিলে।
একে হুহাঁতে আপং বাতি গিলি কাৰদুগে ক’লে- পথাৰত ধানবোৰ পকিছে,
তোৰ গাল ওঁঠৰ ৰঙৰ সৈতে মিলিছে ধানৰ ঠোকবোৰ।
কিবা এক বুজাব নোৱাৰা আবেশেৰে য়াকাচীয়ে কাৰদুগলৈ চালে।
বাৰিষাৰ আগে আগে চপাব লাগিব ধানখিনি, চপাই ললে আৰু কোনো চিন্তা নাই বছেৰেকলৈ।
কাৰডুগে দেখিলে জুইৰ পোহৰত য়াকাছীৰ ব্লাউজ নিপিন্ধা বুকুত মেখেলা পিন্ধা উদং বুকু বাহু আৰু তেজগুঢ়া গোলপী গালদুখন তেলেক তেলেকৈ জিলিকিছে।
আৰু এবাতি আপং কাৰডুগৰ বাতিটোত বাকি দিলেহি তাই।
ইতিমধ্যেই জুইৰ আঙঠাত দি থোৱা আধাশুকান গৰৈমাছ দুটাও কাৰডুগে উলিয়াই লৈ গৰম লাগি থকা ছাইখিনি গুচাবৰ বাবে মৗৰামৰ গেলুঙত মাছকিটা মোহাৰি ছাইবোৰ গুচাই নিমখ অকণৰ লগত কেচাঁ জলকীয়া এটাও ঠেকেচি ল’লে।
খোৱাবোৱা সামৰি শোৱাপাতিত কাৰডুগ দীঘল দি পৰিলহি৷ অলপ পিচতে ইটো সিটো সামৰি য়াকাচিও কাৰডুগৰ কাষতে দীঘল দিলেহি। আজি য়াকাচিক অলপ বেচিকৈ ধুনীয়া দেখিছে কাৰডুগে৷ হয়তো দেহত ৰাগী থাকিলে প্ৰতিগৰাকী পুৰুষ নাৰীৰ দেহৰ কাম ভাৱ সহজাত লগৰী।
গোটেই ৰাতিটো পৰি থাকিল।
গধূলী খোৱা আপুং দুবাতিৰ ৰাগিও বাৰুকৈয়ে লাগি আছে কাৰডুগৰ গাত৷ য়াকাচিক জোৰেৰে গালৈ চপাই ল'লে কাৰডুগে, যেন পৃথিবীৰ সমষ্ট আবেগবোৰ ঢালি দিব তাইক।
কুচি-মুচি য়াকাচিও সোমাই আহিল কাৰডুগৰ বুকুৰ মাজলৈ৷ কমঠ মানুহজনৰ হেঁচাত তাইৰ উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে— ঘটক, একো নাই। তথাপিও তাই সহি যাব প্ৰতিটো আঘাত৷ কাৰন এয়া কোনো কামাতুৰৰ আঘাত নহয়। এয়া যে সহজ সৰল প্ৰাকৃতিক জীৱনৰ সহজাত চিৰপৰিচিত আবেগ৷ সুখে দুখে এয়াইতো প্ৰাকৃতিক জীৱন। বৰ অনুপম এই জীৱন। বাৰিষাৰ নদীৰ দৰে সুখবোৰ কেতিয়াবা গাভিনী হয়।
ৰাতিপুৱা সোনকালেই সাৰ পালে য়াকাচীয়ে। চোতালখন সাৰি থাকোঁতেই গাঁৱৰ মানুহৰ চিঞৰ বাখৰ হুৱা-দুৱা লাগিল। মঙ্গলবৰীয়া হাটৰফালে মঠাউৰি ভাগিবৰ হ’ল। ভিতৰলৈ আহি কাৰদুগক তাই হেচুকী দিলেহি— এই উঠক। মঠাউৰি ভাগিব বুলি মানুহবোৰে চিঞৰ বাখৰ কৰিছে শুনা নাই ?
ক্ষন্তেক সময় কাণ উনাই একেজাপে কাৰডুগ শোৱাৰ পৰা উঠিল। একে সময়তে কেইবাটাও চিন্তা তাৰ মুৰৰ ওপৰেদি খেলি গ’ল। ধানখিনিও দাই নহ'ল, অলপ থাকি গ'ল পথাৰতে। যিখিনি দোৱা হ'ল সেইখিনিও ভৰালত ভালদৰে জাপিবলৈ নহ'ল।
গৰুহালো পথাৰৰ লগতে থকা গোহালিতে বন্ধা থাকিল। এতিয়া যদি মঠাউৰি চিঙে, সি এটা মানুহে কেনি কেইফালে চম্ভালিব! সকলো বাদ দি সি পথাৰৰ গোহালিৰ ফাললৈকে ঢপলিয়াবলৈ ধৰিলে। অলপ দূৰ গৈছিলহে, এনেতে প্ৰবল জোৰেৰে ছফুট মান উখকৈ পানীৰ ঢল এটা কাৰডুগৰ ফালে লক লককৈ জিভা মেলি যেন খেদি আহিছে। কিংকৰ্তব্য বিমোৰ হৈ সি উভতি ঘৰলৈ বুলি দৌৰি আহিল।
পলকতে গোটেই পথাৰখন সাগৰ সদৃশ হৈ পানীবোৰে হেলাৰঙে যেনিতেনি ঢপলীয়াব ধৰিছে। এই প্ৰৱল পানীৰ ধাৰত জীৱশ্ৰেষ্ঠ মানুহবোৰ যেন অসহায় হৈ পৰিল। কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ ভৰাল ভাঙি ধানবোৰ উটি গৈছে। মানুহবোৰৰ মাজত চিঞৰ বাখৰ, ল’ৰা ঢপৰা। কোনোবাই নিজৰ গৰু চাগলী কেইটাকে ওখ ঠাইলৈ নিছে। কোনোবাই পানীৰ সোঁতত হাউলিব ধৰা নিজৰ ঘৰটো বা ভঁৰালটোকে পানীত পৰি পৰি শেষ ভৰষা কৰি ভেজনী দিছে।
মিচাঙত উঠি কাৰডুগ অৱস হৈ বহি পৰিল। পানীৰ মাজত গোহালীৰ গৰুকিটাৰ চিন্তাত সি মুক হৈ পৰিল। পানীত পৰি পৰি ঘৰৰ ইটো সিটো আচবাব থানথিত লগাই য়াকাচিয়ে সাগৰ সদৃশ পানীলৈ চাই মুখৰ ভিতৰতে দেও পাৰিলে- খুটিলৈ এতিয়া বাৰু কেনেকৈ যোৱা যায়! গৰুকিটাৰ বা কি হৈছে !
তাৰ চিন্তাৰ লগত য়াকাচিৰ চিন্তা একে সময়তে হোৱাত কাৰডুগে কৰুণ অথচ আবেগভৰা চাৱনিৰে য়াকাচিলৈ চালে। কালিলৈকে পাহোৱাল কাৰডুগৰ বিমৰ্ষতা দেখি য়াকাচিয়ে সান্তনাৰ সুৰত ক’লে- যি হয় হওক, ভগৱানে যি কৰে কৰিব। পানীৰ সোঁতৰ ধাৰ কমিলে আঠিয়া ক’ল তিনিজোপা কাটি ভূৰ এখন বনাই দুয়োটাই খুটিলৈ যাম।
গাঁৱৰ মঠাউৰি ভাঙি পানী সোমোৱা আজি তিনিদিন হ’ল। বিল, খাল সকলোতে পানীৰে উপচি পৰাত পানীৰ সোঁত লাহে লাহে কমিবলৈ ধৰিলে। বাৰিৰ আঠীয়া কলা তিনিদাল কাটি কাৰদুগ য়াকাচিয়ে পানীত পৰি পৰি ভূৰ এখন বনালে। এইখনকে লৈ সিহঁত আবেলিপৰত খুটিলৈ যাবলৈ ওলাল।
মনে নেমানে গৰুহালৰ কথা ভাবি। মৰিলেই নে জীয়াই আছে! কিজানিবা জীয়াই আছে, এই আশাকে বুকুত বান্ধি ব'ঠাৰ কোব খৰ হ’ল সিহঁতৰ।
কিছু আঁতৰৰ পৰাই দেখিলে বাৰীৰ সীমাৰ গছত দুটাকৈ বলধ উপঙি আছে। কাৰডুগৰ মুখেৰে আপোনা আপুনি কৃষ্ণ কৃষ্ণ বুলি উলাই আহিল।
আই ঐ নাম বুলি চিঞৰ এটা মাৰি য়াকাচিয়ে ৰাউচি জুৰিবলৈ ধৰিলে। একমাত্ৰ হালৰ বলধহাল হেৰুৱাই কাৰডুগৰ অন্তৰাত্মা বিষাদত ভাগি পৰিল।
গছত লাগি থকা গৰুৰ শ কেইটা সিহঁতে চকুপানী টুকিটুকি এৰুৱাই বিষাদ মনেৰে সোঁতত এৰি দিলে।
থোকাথুকি মাতেৰে কাৰডুগে ভোৰভোৰালে- যা মুগা যা, যা ৰঙা যা। আমাক দায় দোষ নধৰিবি। প্ৰকৃতিৰ প্ৰলয় আমি ৰুধিব নোৱাৰোঁ, সামান্য নৰমনিচ আমি।
এতিয়াও বিনাই বিনাই কান্দি থকা য়াকাচিক শান্তনা দিবলৈয়ো কাৰডুগৰ মুখত ভাষা নাই।
সি লাহেকৈ ক’লে— হ’ব আৰু দে, কপালত যি আছে, ভগৱানে যেনেকৈ বিচাৰিছে কৰিছে। পানী শুকোৱাৰ পিচত নিশ্চয় আমাকো কিবা উপায় দিব।
বেলিটো লাহে লাহে লহিয়াই আহিল। খুটিৰ ইটো সিটো বস্তু থানথিত লগাই বিমৰ্ষ মনেৰে কাৰডুগ য়াকাচিও ঘৰলৈ বুলি ভূৰ এৰিলে। কাৰো মুখত মাত নাই। যেন পাৰাপাৰ বিহীন জলধিৰ মাজত এখন কলগছৰ ভূৰৰ ওপৰত দুটি নৰনাৰীৰ প্ৰস্থৰ মূৰ্তি। নিৰ্বাক নিস্পন্দন। কাৰডুগ য়াকাচিৰ জীৱনৰ পৃথিৱীখনেই যেন নিৰ্বাক হৈ গ’ল।
সন্ধিয়াৰ এন্ধাৰবোৰ যেনেকৈ নামি আহিছে ধৰালৈ ঠিক তেনেকৈয়ে এখন কলগছৰ ভূৰৰ ওপৰত সাগৰ সৰ্দৃশ জলধিৰ মাজেৰে দুটি প্ৰানীৰ জীৱনলৈও নামি আহিছে কাল অমানিশা। কেৱল ব'ঠাৰ চবক চবক শব্দ যেন সিহঁতৰ জীৱনৰ উশাহ স্পন্দন।
ঘৰলৈ আহি দুয়ো নিশব্দে বিচনা ল’লে। নাই, আজি সিহঁতৰ খাবলৈ কাৰোৱেই মন নাই। আনকি মেৰামত জুই জ্বলাবলৈয়ো শক্তি নাই। পোহৰলৈ আজি দুয়োৰে বৰ ভয়। পোহৰত জানোচা দুয়ো দুয়োকে দেখা পায়! আচলতে দুয়ো দুয়োকে মুখলৈ চোৱাৰ সাহস যেন হেৰুৱাই পেলাইছে।
কিমান বিষাদত পৰস্পৰে প্ৰিয়জনৰ আগত মুখ লুকুৱাই সিহঁতে নেজানে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment