নৈৰ্ব্যক্তিক
দীপালী বৰুৱা
নিশ্চল হৈ বহি থকা শিলটোক চুই চালো
এক মুৰ্ছনা বিয়পি গ'ল বতাহত
শিলটোত দুটা চকু আঁকি দিলো
উচ্ছল হৈ উঠিল
নগ্ন শিলটো
খুলি দেখুৱালে
তাৰ ভগ্ন হৃদয়ৰ টুকুৰাবোৰ
জুমি জুমি চালে
মোৰ হৃদয়ৰ ঘাবোৰো
ময়ো নগ্ন হৈ পৰিলো তাৰ চকুত
সাৱটি ধৰি থাকিলো দুয়ো
কিমান পৰলে নাজানো
হয়তো
বহুপৰ।
আকাশৰ শেষ পোহৰকণ
হেৰাই যাব খোজা সময়তে
আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিত
আমি এৰাএৰি হ’লো
গুচি গ’লো
দুয়ো দুয়োৰে বাটত
হয়তো শিলটো আগৰ ঠাইতে
বহি আছে এতিয়াও
মই ঘূৰি যোৱাৰ প্ৰতিক্ষাত
মই হে
গুচি আহিলো চাগে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment