অনুতপ্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

অনুতপ্ত


 

অনুতপ্ত


ৰূপা গগৈ 

গুৱাহাটী


নৱমীঃ ৰাহুল তুমি একো নক’লা যে! মই যে তোমাক কিবা কথাষাৰ কৈছিলোঁ, তুমি একো গুৰুত্ব নিদিলা যে কিয় ?

ৰাহুলঃ নৱমী তুমি কি কথা কৈছিলা মই বুজি পোৱা নাই! মানে তুমি যি কথা কৈছা, সেই কথাৰ উত্তৰচোন তোমাৰ নিজৰ ওচৰতে আছে। ইয়াত মই কিবা ক’ব লাগে বুলি ভবা নাই।

নৱমীঃ এনেকৈ ক’লেই হ’ব নেকি! মই জানো ৰাহুল তুমি মোৰ মাক ভাল নোপোৱা, সেয়ে তুমি নুবুজাৰ ভাও জুৰি মৌন হৈ থাকিবা খুজিছা। ঘৰখনত মা অকলে থাকে, তাতে বয়সো হৈছে; হাই প্ৰেচাৰ থকা মানুহ। কেতিয়াবা কেনেবাকৈ ঘপহ্‌কৈ যদি কিবা এটা হয় তেতিয়া কি হ’ব কোৱা ! মাক-দেউতাকে বৃদ্ধ বয়সত চাব বুলিয়েইতো সন্তানক তুলি-তালি ডাঙৰ-দীঘল কৰে। এতিয়া তেওঁক চাবলৈ কোনো নাই, আপোন বুলিবলৈ কেৱল মইয়ে মানে আমিহে আছোঁ। তেওঁক সেইকাৰণে একেবাৰে আমাৰ ঘৰলৈ লৈ আনিম বুলি কোৱাত তুমি এতিয়া মৌন হৈ ৰ’লা।

ৰাহুলঃ বাহ্‌ঃ! নৱমী বাহ্‌ঃ, তোমাৰ কথাক কিন্তু মানিছোঁ। ভূতৰ মুখত ৰাম নাম। এই কথাখিনি যদি মোৰ মাকলৈ এবাৰ ভাবিলাহেঁতেন যদি! অনন্তঃ মই মনত অলপ শান্তি পালোহেঁতেন!

নৱমীঃ ৰাহুল, তুমি মোক ঠাট্টা কৰিছা ! ভাল কথা হোৱা নাই কিন্তু ! 

ৰাহুলঃ নৱমী, তোমাক ঠাট্টা কৰা নাই, সঠিক কথাই কৈছোঁ। তুমিনো কোনটো ভাল কাম কৰিছা যে ভাল কথা হ’বলৈ ! 

নৱমীঃ ৰা...হু...ল !

ৰাহুলঃ নিচিঞৰিবা নৱমী ! চিঞৰিলেই সকলো সঁচা হৈ নাযায়। বেয়াটোও ভাল হৈ নাযায়। 

নৱমীঃ ৰাহুল, তুমি কি ক’ব, বুজাব খুজিছা মোক ? 

ৰাহুলঃ নৱমী, মই তোমাক কি ক’ব বা বুজাব খুজিছোঁ সেইয়া তুমি ভালকৈ বুজিছা। তোমাক বুজাই কোৱাৰ প্ৰয়োজন নাই যদিও কওঁ শুনা, মোৰ মা অকলশৰীয়া আছিল। তোমাৰ মাতকৈ বেছি বয়স হৈছে, আনকি মাই চকুৰে ভালকৈ নেদেখে, ভৰি এখনো ভঙা, তথাপি তুমি মোৰ মাক লগত ৰখা চোৱা-চিতা কৰাৰ কথা নাভাবি বৃদ্ধাশ্ৰমত থৈ আহিবলৈ মোক বাধ্য কৰালা। কিয় তেতিয়া তোমাৰ এইবোৰ কথা মনলৈ অহা নাছিল নে ? তোমাৰ মা নহয়, মোৰ মাৰ বাবে এনে কৰিলা! এতিয়া তুমিওচোন তোমাৰ মাক বৃদ্ধাশ্ৰমত থ’ব পাৰা। কিয় নোথোৱা ? 

নৱমীঃ ৰাহুল, মোৰ ভুল হ’ল প্লিজ মোক ক্ষমা কৰা। মই আজি এতিয়াই মাক বৃদ্ধাশ্ৰমৰ পৰা লৈ আনিম গৈ। মোৰ ভুল সিদ্ধান্তৰ বাবে মই আজি অনুতপ্ত হৈছোঁ ৰাহুল। 


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages