ৰেণ্ডমাইজ্ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

ৰেণ্ডমাইজ্

 


ৰেণ্ডমাইজ্


                      অংকুৰিতা ফুকন


১

মই তৰা হোৱাৰ কথা কওতে

তুমি কৈছিলা আন্ধাৰ নামিবলৈ নিদিও…

এতিয়া আন্ধাৰ ৰাতিবোৰত 

তৰা হৈ তুমি উচুপি আছা মোৰ ফালে চাই…


২

ডাৱৰৰ চাদৰৰ আঁৰত তুমি লুকা-ভাকু খেলাৰ পৰত ভাৱিছিলোঁ

ময়ো হেৰাম তোমাৰ অগোচৰে

এতিয়া ফৰকাল আকাশত তুমি উজলিছা

আৰু মই জ্বলিছোঁ তোমাৰ বিৰহত…


৩

তুমি এবাৰো উভতি নোচোৱাৰ অজুহাতত

ময়ো উভতি নোযোৱাৰ সিদ্ধান্ত লৈছিলোঁ

এতিয়া আমাৰ শৰীৰত বিচ্ছেদৰ কাঠফুলা

প্ৰেম কি এনেকৈয়ে শেষ হয়…?


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages