বুদ্ধ পূৰ্ণিমা
লক্ষী প্ৰসাদ ৰেগন
বৰষুণৰ গান এটাই সৰাপাতক টুকুৰিয়াই
মাতিছে আকাশৰ ৰামধেনু এটাক
বগলী সূতাৰ চাদৰৰ পটিত দেখিছোঁ
হেৰাই যোৱা অযুত ৰামধেনুৰ ৰং
চোতালৰ বাবৰি ফুলত
লমালমে ওলমি থাকে ল'ৰালিৰ চিত্ত
সন্ধ্যা জোনাক নামিব
মোৰ চোতালৰ দূবৰিৰ দলিচালৈ
আজি বুদ্ধ পূৰ্ণিমা
জোনটো আকাশত সোণজনী চোতালত
এতিয়া অলেখ প্ৰশ্নৰ মুখামুখি-
ককা-আইতাক
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment