মোৰ ধাৰণা আছিল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 5, 2025

মোৰ ধাৰণা আছিল

 


মোৰ ধাৰণা আছিল


                                    পাপু মজুমদাৰ

                                              নগাঁও


মোৰ ধাৰণা আছিল

জীৱনটো হয়তো

এনেকুৱাই

কিছু পোৱা-নোপোৱা ! 

প্ৰেম আৰু বিচ্ছেদ

মন বেজাৰ, 

কিন্তু

মোৰ ধাৰণাবোৰ ভুল, 

হয়তো মইও ! 

মই মোমায়েকৰ ভৰিৰ

জখম দেখিছোঁ, 

মৃত ছালে বীভৎস হৈ যেন

চিঞৰি কৈ আছিল--

‘দুখৰ সাগৰত ভাহি গৈও

যদি হাঁহিবলৈ পাৰা

বুজিবা

তুমি আংশিক সফল হৈছা’.... 

জীৱনটো আচলতে 

অদ্ভুত, বৰ বৈচিত্রময়

পোৱা-নোপোৱাতকৈও

জীৱনৰ ব্যপ্তি যেন সীমাহীন! 

জীৱনটো কবিতা নহয়, 

ছবি নহয়! 

জীৱনটো কি ? 

কোনে সঠিককৈ ক’ব পাৰে ! 

পৰীক্ষাত একেটা প্ৰশ্ন

চবেই সমাধান কৰে, 

কিন্তু

জীৱনে সকলোকে ভিন্নতাৰে

উদভ্রান্ত কৰি তোলে, 

সেয়ে, সীমিত কিছু

ধৰাবন্ধা শব্দৰে

জীৱনক চিত্রায়িত নকৰিবা! 

জীৱনটো কি ? 

দাপোণত বিচাৰিবলৈ চেষ্টা কৰা ! 


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages