বেঙ্ক অৱ হেভেন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

বেঙ্ক অৱ হেভেন

 



বেঙ্ক অৱ হেভেন


ডাঃ হীৰেন্দ্ৰ‌ কুমাৰ ভাগৱতী


   মহানগৰৰ শ্মশানত দাউদাউকৈ চিতাবোৰ জ্বলি আছিল। তাৰে এখন চিতা আমাৰ শ্মশানবন্ধু এজনৰ আছিল। তেওঁৰ মানৱী অস্তিত্বই আজি বহু কথাই ভৱাই তুলিছে৷ মনটো উগুল-থুগুল৷ কাষৰ চিতাখনৰ খবৰ লৈ গম পালোঁ তেওঁ হেনোঁ এজন ধনকুবেৰ আছিল। সৰুপানী চুব যাওঁতেও গাৰীখন লৈ গৈছিল। তেওঁৰ অন্তৰ্জলীৰ শেতেলিখনৰ কাষতে পৰি থকা কাগজ এটুকুৰাত মোৰ দৃষ্টি আটকি ৰৈছিল। য’ত লিখা আছিল এফাকি মন-মগজু আলোড়িত কৰা কথা; “This is Bank of Heaven, which has no branch.” 


কাগজটুকুৰালৈ একেথৰে চাই ৰলোঁ বহুপৰ।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages