পুলৱামাৰ শ্বহীদ
কিশোৰ দাস
নগাঁও
গোটেই গাটো বিষাইছেঅ’ আই
বিষে বৰ কষ্ট দিছে,
তোক জনাবলৈ মন নাই
কিন্তু
বাৰে বাৰে তোৰেই মুখখন
চকুৰ আগত ভাহি উঠিছে আই।
মোৰ হাতখন চোন নাই,
চাৰিওফালে ধোৱা মিহলি
কেঁচা তেজৰ গোন্ধ,
ভৰি দুখনো লৰ চৰ
কৰিব পৰা নাই,
গোটেই গাটো বৰকৈ বিষাইছে,
কাপুৰুষ শতৰুৱে
চলনা কৰিলেঅ’ আই।
এইবাৰ ঘৰৰ পৰা আহোতে
তই কৈছিলি
পোনা এইবাৰ তই দুদিনমান
হাতত লৈ আহিবিচোন,
ঢেঁকীশালৰ চালিখন বেয়া হৈছে,
মোৰো বয়স হৈ আহিছে
কফ্ টোৱে কেতিয়াবা
বৰ বেয়াকৈ ধৰে।
ভনীয়েৰৰ বিয়াখনো পাতিব লাগে,
ডম্বৰু ল’ৰাটো বেয়া নহয়।
মনত আছেনে তোৰ আই ?
আই এইবাৰ তোৰ কাষত
একেবাৰে থকাকৈ
যাবলৈ ওলাইছো আই,
তইহে মোক লগ নাপাবি
মই কিন্তু আজিৰে পৰা
সদায় তোৰ কাষতে
থাকিম অ’ আই।
ডম্বৰুকে মাতি
ঢেঁকীশালৰ চালিখন দিয়াবি,
দদাইটিক মাতি
ডম্বৰুৰ হাততে
জোনালীক গতাই দিবি,
ডম্বৰু ভাল ল’ৰা।
কফ্ৰ দৰৱটো
সময়মতে খাই থাকিবি।
তোৰ সপোন পূৰাব নোৱাৰিলোঅ’ আই,
পাৰিলে কুন্তলাৰ খৱৰ ৰাখিবি।
আই মইচোন চাৰিওফালে
অন্ধকাৰ দেখিছো আই,
বুকুখন বৰকৈ বিষাইছে,
উশাহটো চুটি হৈ
আহিছে আই,
মই চোন একো
মনিব পৰা নাই আই।
মোৰ বৰ টোপনি ধৰিছে,
তই মোক বুকুৰ মাজত লৈ
শুৱাই দে আই।
অলপ পিছতে তই চাগে
তুলসীৰ তলত চাকি জ্বলাবিগৈ,
তেতিয়ালৈ মই হয়তো
নাথাকিমঅ’ আই।
ইয়াতো বেলি লহিয়াইছে
ডিঙিটো শুকাই গৈছে
কাষত কোনো নাই,
গোটেই গাটো
বৰকৈ বিষাইছে আই।
তই কৈছিলি নহয়
মই শ্বহীদ হ’লে
তই দুখ নকৰ বুলি,
দুখ নকৰিবি।
আই,
তোৰ পোনা কাপুৰুষ নহয়।।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment