থূপিতৰা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

থূপিতৰা

 


থূপিতৰা


                    মেঘালী গগৈ


         (১)


বেলিমুৱা দুচকু মোৰ

কোনোমতেই নোৱাৰো

আন্ধাৰ দেখিলে মুখ ফিৰাব।

চিনাকি বাটৰ চেনেহী মাত

অচিনাকি অবাটৰ কুহকিনী ৰাগ

কেনি গৈ ক’ত সোমাম

কি হেৰুৱাই কি পাম

আলিদোমোজাৰ বিভ্ৰান্তিৰ বোজা 

কাৰ স’তে ভগাম!


           (২)

হাতবাউল দিলেই যদি সৰিলহেঁতেন

প্ৰাপ্তিৰ জোনাক

বহলাই পাৰিলোহেঁতেন

হেঁপাহৰ শীতলপাটী।

জাৰি-জোকাৰি 

সামৰি থ’লোহেঁতেন 

নিশা ফুলি পুৱাতে সৰা

ফুলৰ নীলাভ হুমুনিয়াহ।


          (৩)

শব্দ শুনা নাই 

সেইবুলিয়ে এনে নহয় যে

কাঁচ ভগাদি থনথনকৈ

বুকুখন ভঙা নাই


           (৪)

বিষাদৰনো থাকে ক’ত

নিগাজীকৈ এটা ঠিকনা!

আজি অ’ত

কালি ত’ত!


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages