অটোচালক
হৰেন্দ্ৰনাথ দলে
আপুনি থাকে ক’ত? আগতে মই বেলতলাৰ এটা ভাৰাঘৰত আছিলো। এতিয়া ভাৰা ঘৰত অটোখনহে ৰাখো। বৰ্তমান নলবাৰীত থকা নিজা গাঁৱৰ ঘৰৰ পৰাই বাছত অহা যোৱা কৰি অটোখন চলাও দাদা। প্ৰতিদিনে এনেকৈ নলবাৰীৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰি অটো চলোৱাতো কষ্টকৰ নহয়নে? হয়, দাদা। পিছে,অটো নচলালে খাম কি? ঘৰ-সংসাৰ চলাম কেনেকৈ? ল’ৰা-ছোৱালীৰ পঢ়াৰ খৰচ পাম ক'ত? ইত্যাদি অনেক সমস্যা দাদা। অলপ খেতি মাটি আছে। কিন্তু খেতিৰ উৎপাদনেৰে বছৰটোৰ জোৰা নমৰে। যাত্ৰীৰ আসনত বহি অহা বিকাশে সোধা দুটামান প্ৰশ্নৰ বিপৰীতে অটোচালকজনে আওপকীয়াকৈ উত্তৰ দিয়াৰ উপৰিও পাৰিবাৰিক জীৱনৰ বহুকেইটা আনুসংগিক প্ৰসংগ থাওকতে উত্থাপন কৰিলে।
অটোখনত উঠাৰ সময়ত অটোচালকৰ মুখৰ পৰা শুনা কথা এষাৰে বিকাশৰ মনত নানা অবুজ ভাৱৰ হেন্দোলনি তুলিবলৈ ধৰিলে। আজি গোটেই দিন খানাপাৰাত এনেই আড্ডা মাৰি বহি থকাৰ দৰে হৈছে। এটাও ভাৰা পোৱা নাই। এতিয়া আবেলি চাৰি বাজি গৈছে। ভাৰা পোৱাৰো সম্ভাৱনা কম। এইটো ভাৰা সৌভাগ্যক্ৰমে পাইছো। মই দাদাক বৰবাৰীত থৈ আহিম। বিকাশৰ কাপোৰৰ বেগটো দুজন অটোৱালাই কঢ়া-আজোৰা কৰি কথাপাতি লগৰজনক ক’লে। অৱশেষত এগৰাকীয়ে আনগৰাকী অটোচালকক সৈমান কৰাই অটোখনৰ যাত্ৰী বহা আসনত বিকাশক বহুৱাই আৰু তেওঁৰ কাষতে কাপোৰৰ বেগটো সুবিধাজনক হোৱাকৈ ৰাখি খানাপাৰাৰ পৰা বৰবাৰী অভিমুখে অটোখন ৰাওনা হ’ল। তাৰ পৰা কিছুদূৰ আহিয়েই দেখা পোৱাগ'ল ছয় মাইলৰ উৰণীয়া সেঁতুৰ ওপৰ-তল দুয়োকাষে বহু দীঘলীয়া যানজঁট। পৰুৱা সদৃশ যান-বাহনৰ লানি-নিছিগা শাৰী।
এনে লানি-নিছিগা যানজঁটত জানি-শুনি সোমাব লাগিলে আজি ঘৰত যোৱা নহ’বগৈ দাদা। সেয়েহে মই আপোনাক আওহতীয়া ভিতৰুৱা ৰাষ্টাৰে বৰবাৰীত থৈ আহিম বুলি ভাবিছো। আপুনি বেয়া পাব নেকি, দাদা? অটোচালকজনে বিকাশক ক’লে। অটোচালকৰ কথাটোত না-নুই নকৰি বিকাশেও হয়ভৰ দিয়াৰ ইংগিতেৰে মাথো ক’লে- আপোনাৰ যদিহে বিকল্প চিনাকি ৰাস্তা আছে, তেতিয়াহলে আওহতীয়া হ’লেও মোৰ কোনো আপত্তি নাই। বৰবাৰীস্থিত গন্তব্যস্থলত সোনকালে গৈ পাব পাৰিলে মই ভালেই পাম। আজি যোৰহাটৰ পৰা পুৱা আঠ বজাতেই মই ওলাই আহিছো। বহুত দীঘলীয়া জাৰ্ণি। আমনিদায়ক জাৰ্ণি। কথাখিনি মনৰ ভিতৰতে আওৰাই বিকাশে নিজক নিজে কলে- মহানগৰীৰ যানজঁট মানেই অযথা সময়-শক্তি অপচয় আৰু যমৰ যন্ত্ৰণাতকৈও নিদাৰুণ-নিৰ্দ্দয়-চেপা। কবলৈ গলে আওহতীয়া ৰাষ্টাইহে যেন এনে পৰিস্থিতিৰ একমাত্ৰ পৰিত্ৰাণৰ উপায়।
ভিতৰুৱা আওহতীয়া ৰাষ্টাৰে আগুৱাই নিবলৈ খানাপাৰা-ছয়মাইল মূল পথৰ পৰা সোঁহাতে পদ-পথৰ অৱস্থানৰ ফালে অটোচালকজনে অটোখন কোনোমতে পৰুৱাৰ লানি সদৃশ যানজঁটৰ বেহু-ফালি ফাঁকে ফাঁকে সৰকাই আনিলে। ভাবিলো এইবাৰ আৰু চিন্তাৰ কাৰণ নাই। আওহতীয়া ৰাষ্টাৰে অটোখন নিলে সোনকালেই বৰবাৰী গৈ পামগৈ। আওহতীয়া ৰাষ্টাত অটোচালকে অটোখন লাইনত লগোৱাৰ সময়ত দেখাগ'ল তাতো একেই সমস্যা। ৰাষ্টা বহুত ঠেক। দুয়োফালৰ পৰা অটো, ঠেলা আৰু ব্যক্তিগত সৰু বাহন আহি আছে। একেটা আওহতীয়া ৰাষ্টাৰ পাৰস্পৰিক বিপৰীত দিশৰ পৰা গৈ থকা দুখন ব্যক্তিগত বাহন ৰাষ্টা-অতিক্ৰম কৰিব নোৱাৰি চালকসহ আৰোহী সকলেও অগা-পিছাকৈ বাহন দুখন ঠেলা-ঠেলি কৰি আছে। আকৌ সৰ্বনাশ বুলি অটোচালকজনে মূৰে-কপালে হাত দিলে। অৱশ্যে তেওঁ চাই নাথাকি ততালিকে নামি গৈ বাহন এখন ঠেলি ৰাষ্টাৰ মোকলাই দিয়াত সহায় কৰি দিলে। তাৰপিছত অটোখন আগুৱাই গৈ ছয়মাইল, পাঞ্জাবাৰী আৰু বৰবাৰী সংযোগী ৰাষ্টাত ওলালেগৈ। তাতো ট্ৰেফিক পইন্টত একেই যানজঁট। পোন্ধৰ-বিশ মিনিট অনাহকত সময় অপচয়। এয়াই যেন মহানগৰীৰ আভিজাত্যসুলভ আশীষধন্য সহজলভ্য যান্ত্ৰিক আমেজ।
ট্ৰেফিক পুলিচৰ কৌশলী দিক-নিৰ্দ্দেশনা অনুসৰণ কৰি ছয়মাইল-পাঞ্জাবাৰী উৰণীয়া সেঁতুৰ তলেদি পাৰ হৈ বৰবাৰী সংলগ্ন পথেৰে কিছুদূৰ আগুৱাই আহিলো। তাতেই আকৌ মূল ৰাষ্টাৰ গতিৰোধকত লাগি অটোখনৰ সোঁহাতৰ আইনাখন বৰ বেয়াকৈ হালি পৰিল। চালকজনে গতিপথৰ একাষত অটোখন ৰাখি লৰ-চৰ কৰিব নোৱাৰাকৈ লগতে ৰখা নাৰিকলৰ ৰচি এডালেৰে সযতনে বান্ধি ললে। তাৰপিছত চালকৰ আসনত বহি অহা বিকাশক উদ্দেশী ক’লে-দাদা এইখনো মেৰামতি কৰাই ল'বলৈ সময় পোৱা নাই। গতিৰোধকত অলপ জোকাৰণি পাৰিলেই আইনাখনো হালি হালি যায়। অৱশ্যে পইচা-পাতিও প্ৰয়োজন সাপেক্ষে যোগাৰ কৰিব পৰা নাই। অটোখনত টায়াৰ-টিউব আদিও সলনি কৰিবৰ হ'ল। আজি মনটোও ইমান ভাল লাগিল থকা নাই। ল’ৰাটোৱে পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত সময় কম হোৱা বাবে ১০ নম্বৰৰ প্ৰশ্ন এটা এৰি থৈ অহা বুলি ফোনযোগে জনাইছে। ইতিমধ্যে হৈ যোৱা অংক আৰু ৰাসায়ন বিজ্ঞানৰ পৰীক্ষাৰ আটাইবোৰ প্ৰশ্ন লিখি আহিছে। কিমান শুদ্ধ হয় নাজানো। মোৰ ল’ৰাটোৱে মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পাই পাছ কৰিছিল। অংক, বিজ্ঞান আৰু ইংৰাজীত লেটাৰ পাইছিলে। বাকী বিলাক বিষয়ত লেটাৰ মাৰ্ক নাপালেও হায়াৰ ফাৰ্ষ্ট ডিভিজন। ল’ৰাটোৰ ইঞ্জিনিয়াৰিং পঢ়াৰ সপোন। এটাই সন্তান। মাকেও ল’ৰাটোক মানুহ বনাবৰ বাবে সৰ্বস্ব ত্যাগ-স্বীকাৰ কৰিবলৈ সাজু। মই কলা বিভাগৰ গ্ৰেজুৱেট। বৰ্তমান সাধাৰণ অটোচালক। মাক আৰু পুতেকে বহুত দুখ কৰে। তদুপৰি মোৰো আশা ল’ৰাই ইঞ্জিনিয়াৰিং পঢ়ি চাকৰি পালে ময়ো অটোচালকৰ দূৰ্বিষহ জীৱন সংগ্ৰামৰ পৰা মুক্তি পাম। মাকে পুতেকক কোনোদিন স্মাৰ্টফোন ব্যৱহাৰ কৰিবলৈ নিদিয়ে। ল’ৰাইও স্মাৰ্টফোন লাগে বুলি কোনোদিনে আমনি কৰা নাই। তদুপৰি ঘৰুৱা টিউচন দিবৰ বাবেও ল’ৰাই কোনোদিনে আমাক নকয়। আমাৰ আৰ্থিক দৈন্যতাৰ কথা মাকে লৰাক বুজায় কয়। মাকৰ সকলো কথা ল’ৰাই অন্তৰ্পনে শুনে। মাক-বাপেক হিচাপে তাতেই আমাৰ সন্তুষ্টি। কৈছোঁ নহয় দাদা, কেৱল ল’ৰাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই যোৱা এবছৰ ধৰি ময়ো সুদূৰ নলবাৰীৰ পৰা গুৱাহাটী মহানগৰীলৈ অহা-যোৱা কৰি কোনোমতে ঘৰখন চলাই আছো। কিন্তু অটোচালকৰ উপাৰ্জনেৰে মোৰ ল’ৰাক ইঞ্জিনিয়াৰিং পঢ়াব পাৰিম জানো দাদা? পাৰিলে মোৰ ল'ৰাটোৰ বাবে আপোনালোকেও শৈক্ষিক ঋণ লোৱাত সহায় কৰি দিবচোন দাদা।
তাৰপিছত বৰবাৰী ট্ৰেফিক পইন্টৰ কাষৰ অটোষ্টেণ্ডত নামি বিকাশে সুধিলে- আপোনাৰ ভাৰা কিমান হ’ল, কবনে ? মই কি কম দাদা। আপুনি নিজেই বিবেচনা কৰি দিয়ক। আপুনি স্থানীয় মানুহ। বৰবাৰীত আগতে মই কোনো দিন ভাৰা মাৰিব অহা নাই দাদা। বিকাশেও সকলো দিশ বিবেচনা কৰি অকনো পলম নকৰাকৈ অটোচালকজনক তেওঁৰ প্ৰাপ্যতকৈও ভাৰা অলপ বেছিকৈ দি বিদায় দিলে। চালক জনেও “যাওঁ দাদা বুলি কৈ” আন্তৰিক সম্ভাষণ জনাই আনন্দ মনেৰে আতৰি গ'ল, যদিও অটোচালকৰ মুখৰ পৰা ওলাই অহা কথাখিনি চচলৰ ধৰ্ণাস্থলীৰ প্ৰতিবাদী গৰ্জনৰ দৰে বিকাশৰ অন্তৰাত্মাত বিয়পি পৰি অব্যক্ত বেদনা ভৰা আলোড়ন তুলিলে। তদুপৰি অতি কম সময়ৰ ভিতৰতে কোৱা অটোচালকজনৰ আশাভৰা জীৱনৰ পৰিকল্পনাবোৰ বিকাশৰ চকুৰ আগত দীঘলীয়াকৈ উকিয়াই অকনো থমকি নোৰোৱাকৈ তীব্ৰ-বেগী ৰেলগাড়ী এখনৰ দৰে কোনোবা অজান গন্তব্যস্থল ধিয়াই তড়িৎগতিৰে যেন পাৰ হৈ গ’ল।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment