আইৰ আজলী জী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

আইৰ আজলী জী

 


আইৰ আজলী জী


                                     মেৰী বৰদলৈ

                                            নগাঁও


আইৰ আজলী জী

আদৰৰ জানা

বৰ আকৰী তাই


তাই হাঁহিৰ খিলখিলনিত 

চোতালখন ভৰি পৰিছিল

এমোকোৰা প্ৰাণোচ্ছল

সুবাস


সৰগৰ সৰগী তাই

ৰূপেগুণে লাৱণ্যময়ী

তাই খোজত

বাগৰে 

এধাৰ বিচিত্ৰ অলংকাৰ

যেন জুনুক্ জুনুক্

সোণালীপৰুৱা


তাই বুকুত গজে

নিতৌ নৱ নৱ সেউজীয়া

সৃষ্টি হয় 

তাই আঙুলিৰ ফাঁকত

শতসহস্ৰ সৃষ্টিৰ বন্যা

কপৌফুলীয়া ওঁঠত

জিলিকে 

তাইৰ এপাচি তৰুণ প্ৰভাত.... 


আইৰ আজলী জী....


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages